1. উদ্য়ানশস্য়

Watercress: প্ৰচুৰ ভিটামিন সমৃদ্ধ হালীম শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক

KJ Staff
KJ Staff
Health Benefits of Watercress
Health Benefits of Watercress

অন্য সেউজীয়া শাকৰ দৰে হালীম শাক বা ৱাটাৰক্ৰেছৰ বিষয়ে বহু লোকে জানে যদিও এই শাক বিধক বহু কম গুৰুত্ব বা আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় । যদি আপুনি আগতে এই শাক বিধৰ বিষয়ে শুনা নাই তেন্তে আমি আপোনাক ৱাটাৰক্ৰেছৰ সৈতে পৰিচয় কৰাব বিচাৰিছো ।

শাক বিধ সাধাৰণতে সেউজীয়া আৰু ইয়াৰ শাৰীৰিক গঠন ঘূৰণীয়া পাত আৰু এটা কাণ্ড । হালীম শাক দেখাত পালেং শাকৰ দৰে । ইয়াৰ এক শক্তিশালী সোৱাদ আছে ।  মূলতঃ হালীম শাক আপুনি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে । পিছে আপোনাৰ আহাৰৰ তালিকাত এই শাক বিধ অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে জানি লওক,ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি?

হালীম বা ৱাটাৰক্ৰেছৰ স্বাস্থ্যৰ লাভালাভ

ভিটামিন কে সমৃদ্ধ: এক কাপ ৱাটাৰক্ৰেছত দৈনিক ভিটামিন কে প্ৰয়োজনীয়তাৰ ১০০ শতাংশতকৈ অধিক থাকে। ভিটামিন কে হৈছে এক চৰ্বি-দ্ৰৱণীয় ভিটামিন যি হাড় আৰু তেজ বৃদ্ধিত  সহায় কৰে।

কোলাজেন উৎপাদনত সহায় কৰে: ৱাটাৰক্ৰেছত ভিটামিন চি-ও অধিক থাকে, যি কোলাজেন গঠনৰ বাবে প্ৰয়োজনীয়। কোলাজেন উৎপাদনে কেৱল আমাৰ চুলি, ছাল আৰু নখৰ স্বাস্থ্যই প্ৰভাৱিত নকৰে, ই আমাৰ গাঁঠিৰ শক্তিকো প্ৰভাৱিত কৰে।

উচ্চ এণ্টিঅক্সিডেণ্ট: এণ্টিঅক্সিডেণ্টে কোষবোৰক মুক্ত ৰেডিকেল ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। আমাৰ কোষ আৰু আমাৰ ডিএনএ দুয়োটাই মুক্ত ৰেডিকেলৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: ৱাটাৰক্ৰেছে আমাৰ শৰীৰত শক্তিশালী ভিটামিন চি যোগান ধৰে । ই আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । গতিকে এই শাকৰ পৰা আপুনি এক বৃহৎ লাভ আদায় কৰিব পাৰে ।

গৰ্ভাৱস্থাত উপকাৰী: ৱাটাৰক্ৰেছ হৈছে গৰ্ভৱতী মাতৃসকলৰ বাবে এক স্বাস্থ্যকৰ পুষ্টি যোগান ধৰে । এই শাক বিধত প্ৰচুৰ পৰিমাণে উলেট উপলব্ধ । গতিকে গৰ্ভৱতী মহিলা সকলৰ এক শাক বিধ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবৱ পাৰে ।

ছালৰ ৰোগ নিৰাময়: ৱাটাৰক্ৰেছত বিটা-কেৰোটিন অধিক থাকে । গতিকে এই শাক বিধে ছালৰ উজ্বলতা বৃদ্ধি কৰিব । বিশেষকৈ বিশেষকৈ মসৃণ ছাল আৰু কোমলতা অতুত ৰখাত অধিক সহায় কৰিব এই শাক বিধে ।

ৱাটাৰক্ৰেছ কেনেদৰে ব্যৱহাৰ কৰিব লাগে:

আপুনি চালাড বনাও ৱাটাৰক্ৰেছ খাবৰ পাৰে । আপুনি চালাডত এই শাক বিধৰ সৈতে জালুক আন সেউজীয়া শাক-পাচলিৰ মিহলি কৰিব পাৰে । ৱাটাৰক্ৰেছ সহজে ছদ্মবেশ তৈয়াৰ কৰিব পাৰে আৰু ৰেচিপিত মিহলি হ'ব পাৰে । এই ৱাটাৰক্ৰেছ, ব্ৰকলি, আৰু ভজা নহৰু পেষ্টৰ সৈতে মিহলি কৰি খাব পাৰে ।

লগতে পঢ়কঃ কণী খোৱাৰ ফলত উচ্চ কলেষ্টেৰল হয় নেকি? জানিবলৈ পঢ়ক-

English Summary: What Is Watercress? Health Benefits of Watercress

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.