চয়াবিন হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূর্ণ মাহ জাতীয় শস্য আৰু ভাৰতৰ দ্বিতীয় সর্ববৃহৎ তৈলবীজ৷ চয়াবিনৰ বিশ্বব্যাপী জনপ্ৰিয়তাৰ বাবে দেশৰ বাণিজ্যিক শস্য হিচাপে পৰিগণিত হৈছে৷ চয়াবিন খেতি চীন দেশৰ উত্তৰ প্ৰান্তত হোৱা বুলি জনা যায়৷ উত্তৰ-পূব ভাৰতত অতীজৰ পৰা চয়াবিন খেতি প্ৰচলিত আৰু থলুৱাভাৱে কিম্বন কৰি প্ৰস্তুত কৰা খাদ্যবস্তু (আখোনি) মনিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আদি ৰাজ্যত অতিকৈ জনপ্ৰিয়৷ বর্তমান ভাৰতবর্ষত প্ৰধানকৈ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, কর্ণাটক আৰু টেলেংগানা ৰাজ্যত চয়াবিন খেতি কৰা হয়৷ চয়াবিন খেতিয়ে এই ৰাজ্যসমূহত বৃহৎ সংখ্যক খেতিয়কৰ আর্থ-সামাজিক পৰিস্থিতি উন্নত কৰাত সহায় কৰিছে৷
ভাৰতীয় খাদ্যতেলত চয়াবিনে যথেষ্ট অৰিহনা যোগাই আহিছে৷ বর্তমান দেশৰ মুঠ তৈলবীজৰ শতাংশ ৪০% আৰু মুঠ তেল উৎপাদনৰ ২৫% শতাংশত চয়াবিনৰ অহিৰনা আছে৷ বর্তমান বিশ্বত চয়াবিন উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চতুর্থ স্থানত দখল কৰিছে৷ ইয়াৰ উপৰিও শস্যটোৱে বছৰি ৭৪০০০ নিযুত টকাতকৈও অধিক লাভ কৰি আহিছে ডি অইলেড কেকৰ ৰপ্তানিৰ পৰা আৰু প্ৰধান বৈদেশিক মুদ্ৰা উর্পাজনকাৰী শস্য হিচাপে গণ্য কৰা হৈছে৷ ডি অইলেড (De Oiled Cake) হৈছে চয়াবিন তেল আহৰণ প্ৰকল্পৰ উপ-উৎপাদন আৰু হাহ-কুকুৰাৰ খাদ্যৰ প্ৰদান উপাদান হিচাপে ব্যৱহাৰ কৰা হয়৷ ডি অইলেড কেকত যথেষ্ট পৰিমাণে অনুপুষ্টি (Micronutrients) পোৱা যায়৷ জাপান, চীন, ইণ্ডোনেছিয়াৰ দৰে কেইবাখনো দেশে মানুহ আৰু পশুৰ খাদ্যৰ কাৰণে চয়াবিন আমদানি কৰে৷
চয়াবিন হৈছে অত্যন্ত লাভজনক খেতি৷ অন্য মাহ জাতীয় শস্যৰ দৰে চয়াবিনৰো মাটিত নাইট্ৰজেন সংযোজন কৰাৰ ক্ষমতা থাকে৷ মাহ জাতীয় শস্যৰ সকলো গুণ থকা স্বত্ত্বেও এই শস্যক তৈলশস্য হিচাপে স্বীকৃত কৰা হৈছে কিয়নো সর্বসাধাৰণ মাহজাতীয় শস্যৰ দৰে ইয়াক পাচলি বা দালি হিচাপে গ্ৰহণ কৰিব পৰা নাযায়৷ তদুপৰি চয়াবিনৰ পৰা উৎকৃষ্ট মানদণ্ডৰ তেল উৎপাদন হয়৷ চয়াবিনৰ প্ৰ’টিনক পূর্ণাংগ প্ৰ’টিন বোলা হয়৷ যিহেতু ইয়াত শৰীৰৰ বাবে অত্যাৱশকীয় এমিন’ এচিদ পোৱা যায়৷ চয়াবিনত ট্ৰিপ্ট’ফেন, গ্লাইচিন, লাইচিন, ফেটি এচিদ, লেচিথিন, ভিটামিন এ, ডি আৰু ২০% শতাংশ তেল থাকে৷ চয়াবিনৰ পৰা উচ্ছ প্ৰ’টিনযুত্ত শিশুৰ খাদ্য বনোৱা হয়। চয়াবিনে দীর্ঘম্যাদী ৰোগ যেনে হৃদৰোগ, অষ্টিঅপৰচিচ, কর্কটৰোগ, বৃক্ক ৰোগৰ চিকিৎসাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ চয়াবিনৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্যবস্তুৰ ভিতৰত চয়াবীন গাখীৰ, পনীৰ, চয়নাগেট, বিস্কুট, চচ, পাচটা (নুদল) চয়াবিন আটা, ৰুটি, পিঠা ইত্যাদি প্ৰধান৷ হৃদপিণ্ডৰ বিভিন্ন সমস্যা থকা ৰোগীয়ে গৰু গাখীৰৰ সলনি চয়াবিনৰ গাখীৰ খাব পাৰে৷
তদুপৰি মধুমেহ ৰোগী, বক্ষোজ কেন্সাৰ ৰোগী আৰু প্ৰষ্টেট কেন্সাৰ ৰোগীৰ বাবেও চয়াবিনৰ গাখীৰ উপকাৰী৷ পেটচলা বেমাৰৰ বাবে চয়াবিনৰ দৈ অতিকৈ উপকাৰী৷ চয়াবিনৰ সেউজীয়া আৰু অপৰিপক্ক চিৰাটো পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ চয়াবিনৰ পৰা পোৱা পুষ্টিগত আৰু স্বাস্থ্যৰ লাভালাভৰ বাবে ই বিংশশতিকাৰ বিশ্ময় শস্য (Wonder Crop) আৰু সোনালী বীন হিচাপে বিশ্বত জনাজাত৷
লগতে পঢ়ক-অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?
অসমৰ জলবায়ু চয়াবিন খেতিৰ বাবে অতিকৈ উপযোগী। চয়াবিন খেতিৰ বাবে পানী জমা নোহোৱা আৰু জলনির্গমৰ ব্যৱস্থা থকা ওখ সাৰুৱা পলসুৱা মাটি উপযোগী৷ উজনি আৰু নামনি অসমৰ বাবে খেতি কৰাৰ সময় মে-জুন, বৰাক ভেলী অর্থাৎ কৰিমগঞ্জ, কাছাৰ আদি জিলাৰ বাবে খেতিৰ সময় এপ্ৰিল-মে আৰু পাহাৰীয়া জিলা কার্বি আংলং আৰু ডিমা হাচাঁও জিলাৰ বাবে খেতিৰ সময় জুন-জুলাই ধার্য্য কৰা হৈছে৷ চয়াবিন শস্যৰ বিকাশৰ হাৰ ৩৫০ ছেন্টিগ্ৰেডৰ ওপৰত আৰু ১৮0 ছেন্টিগ্ৰেডৰ তলত হ্ৰাস হয়৷ চয়াবিন গৰম আৰু সেমেকা বতৰত ভালদৰে বৃদ্ধি হয়৷ চয়াবিন মাহজাতীয় শস্য হোৱাৰ কাৰণে উচ্ছ পৰিমাণৰ নাইট্ৰ’জেন প্ৰয়োজন নহয়৷ ভাল উৎপাদনৰ বাবে বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম, ফচফৰাচ সাৰ আৰু ২০ কিলোগ্ৰাম পটাচ সাৰ প্ৰয়োগ কৰিবলৈ নির্দেশনা দিয়া হয়৷ চয়াবিন গছৰ আংগিক বৃদ্ধিৰ সময়ত পটাচ সাৰ পানীৰ লগত সংমিশ্ৰন কৰি স্প্ৰে (প্ৰতি হেক্টৰ মাটিত ১২ কিলোগ্ৰাম পটাচ সাৰ ৪০০ লিটাৰ পানীত মিহলি কৰি) কৰাৰ নির্দেশনা দিয়া হয়৷ সাধাৰণতে ৮-১০ কিলোগ্ৰাম চয়াবিনৰ বীজ প্ৰতি বিঘা মাটিত খেতি কৰিবলৈ প্ৰয়োজন হয়৷ বীজ সিচাৰ আগত বীজসমূহ ভেঁকুৰনাশক যেনে ভিটাভেক্স পাউদাৰ ২ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত আৰু ৰাইজ’বিয়াম কালচাৰ ১৫ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত সংমিশ্নন কৰাৰ নির্দেশনা দিয়া হয়৷ উত্তৰ পূর্বাঞ্চলৰ বাবে JS9758, RKSI8, MACS1407, JS335, DSB21, DSB23-2 ইত্যাদি চয়াবীন জাত নির্বাচন কৰা হৈছে৷ ইয়াৰে JS335 জাতবিধ চয়া গাখীৰ, পানীৰ বনোৱাৰ বাবে উপযোগী৷ মাটি ভালদৰে চহাই শাৰী শাৰী কৈ বীজ সিচিব লাগে৷ প্ৰতিটো বীজৰ মাজৰ দূৰত্ব ৫-১০ ছেঃমিঃ আৰু প্ৰতিটো শাৰীৰ মাজৰ দূৰত্ব ৪৫ ছেঃমি হোৱাটো প্ৰয়োজনীয়। বীজ সিচাৰ এক সপ্তাহলৈকে পানী জমা হবলৈ দিব নালাগে৷ জমাপানী চয়াবিনৰ কাৰণে ক্ষতিকাৰক৷ সিচাঁৰ পৰা ৬০ দিনলৈকে শস্যখিনি বনবাত মুক্ত কৰি ৰাখিব লাগে৷ বনবাতৰ কাৰণে মাটি ভালদৰে চহাব লাগে আৰু ১৫ দিনৰ ব্যৱধানত বন নিৰনি কৰিব লাগে৷
চয়াবিন হৈছে কমদিনীয়া শস্য৷ ৯০ ৰ পৰা ১১৫ দিনলৈকে জাত অনুসৰি গছে পৰিপক্কতা পাই আৰু পাতবোৰ হালধীয়া হৈ সৰি পৰে৷ এনে সময়তে কাচি এখনেৰে পুৰঠ চিৰাবোৰ গছৰ গুৰিত কাটি চপাব লাগে৷ চয়াবিনৰ বীজ সংৰক্ষণ কৰাৰ আগত ভালদৰে শুকোৱাই লব লাগে আৰু থিৰাম ৩ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত মিহলি কৰিলে বীজত হোৱা বিভিন্ন ভেঁকুৰৰ পৰা ৰক্ষা পাব পাৰি৷
অসমৰ মাটি আৰু জলবায়ু চয়াবিনৰ কাৰণে অতিকৈ উপযোগী৷ চয়াবিন চমু দিনৰ শস্য হোৱাৰ কাৰণে ধান আৰু মাকৈ লগত আন্তঃশস্য বা শস্যক্ৰম হিচাপে কৰিব পাৰি৷ এই খেতিৰ সর্ম্পকে উপযুক্ত তথ্য নথকা বাবে কৃষকৰ মাজত এই খেতিৰ এতিয়ালৈকে উপযুক্ত প্ৰচলন হোৱা নাই৷ এসময়ত গুৱাহাটীৰ আমিন গাঁওত ষ্টেটফেৰদ বনস্পতি প্লেট থকা অৱস্থাত কিছু খেতিয়কে চয়াবিন শস্য কৰাৰ সম্ভেদ পোৱা যায়৷ এই খেতি অসমত বিশেষভাৱে তৈলশস্য হিচাপে জনপ্ৰিয় কৰিবলৈ যথেষ্ট সময় লাগিব যিহেতু চয়াবিনৰ তেলৰ উৎপাদন বহুলভাৱে কৰিবলৈ বহুত পৰিমাণৰ চয়াবিনৰ গুটি কেচাঁমাল হিচাপে প্ৰয়োজন হয়৷
বর্তমান অসমত অসম কৃষি বিশ্ববিদ্যালয়ৰ সর্বভাৰতীয় সমন্ধিত চয়াবিন প্ৰকল্পৰ অধীনত খেতিয়কে চয়াবিনৰ খেতি কৰিবলৈ লৈছে৷ পশুখাদ্যৰ প্ৰধান উপাদান হিচাপেও চয়াবিন অসমৰ কৃষকৰ মাজত জনপ্ৰিয় হৈছে৷ চয়াবিন খাদ্যত অন্তর্ভূক্ত কৰি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ প্ৰটিনৰ অভাৱ দূৰ কৰিব পৰি৷ চয়া গাখীৰ আৰু পনীৰ উৎপাদেনৰে নিৱনুৱা যুৱকসকলে ঘৰুৱাভাৱে সৰুকৈ উদ্যোগ প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে৷ ব্যৱসায়িক ভিত্তিত চয়াবিনৰ খেতি কৰি অসমৰ আর্থ-সামাজিক পৰিস্থিতি উন্নত কৰা যথেষ্ট সম্ভাৱনা আছে।
লগতে পঢ়ক-ডিচেম্বৰ মাহত কি কি পাচলিৰ খেতি কৰিলে লাভবান হ’ব কৃষকসকল?
সুস্মিতা গগৈ, বিষয় বস্তু বিশেষজ্ঞ, শস্য বিজ্ঞান
ড০ গুঞ্জন গগৈ, জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী
কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি
Share your comments