ড্ৰেগন, মাল্টা আদি বিদেশী ফলৰ দৰে অসমত নতুনকৈ চৰ্চা লাভ কৰা এবিধ ফল হৈছে ৰামবুটান (Rambutan)। ই মূলতঃ মালেচিয়ান তথা ইণ্ডোনেছিয়ান মূলৰ। বৰ্তমান বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতবৰ্ষতো এই ফলৰ খেতি বহু বছৰ পৰা কৰি অহা অহা হৈছে। ভাৰতবৰ্ষৰ কেৰালাত পোন প্ৰথমে থাইলেণ্ডৰ পৰা আমদানি কৰি ৰামবুটান খেতি আৰম্ভ কৰা হৈছিল। কিন্তু আমাৰ অসমত এই ফলবিধক এক নতুন সংযোজন বুলিয়ে ক’ব লাগিব, কিয়নো অসমৰ মাত্ৰ দুই-এক স্থানতহে ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰা হৈছে। বহুতেই হয়তো ফলবিধৰ বিষয়ে অৱগতই নহয়। কিন্তু আমাৰ কৃষক-ৰাইজৰ মাজত এইবিধ নতুন আৰু চাহিদাপূৰ্ণ ফলৰ সংযোজনে তেওঁলোকক যথেষ্ট লাভাম্বিত কৰাৰ থল আছে।
ই এক গ্ৰীষ্মকালীন ফল। ৰামবুটানৰ গছবোৰ প্ৰায় ১৫-২০ মিটাৰ উচ্চতাযুক্ত হয়। ফলবোৰ ডিম্বাকৃতিৰ। ফলৰ বহি:আৱৰণীখন প্ৰায় ২-৪ মি.মি. ডাঠ আৰু কোমল, তাত দীঘলীয়া কাঁইট থাকে। যেতিয়া পকিবলৈ ধৰে, এই বহি:আৱৰণীখন ৰঙা বা হালধীয়া বৰণৰ হৈ পৰে। বগা বৰণৰ খোৱাৰ উপযোগী ফলৰ অংশটো অন্তঃভাগত থকা লিচুৰ দৰে এটা গুটিত আবৃত হৈ থাকে। ৰামবুটান ফলৰ সোৱাদক আঙুৰৰ সোৱাদৰ লগত বহুতে তুলনা কৰিব পাৰি।
ৰামবুটানৰ গছ ৰোপণৰ বাবে জৈৱিক পদাৰ্থত চহকী বালিচঁহীয়া তথা পলসুৱা মাটি অতি উপযোগী। পানী বৈ যাব পৰা সুবিধা সম্পন্ন পাহাৰীয়া এঢলীয়া ভূমিটো গছবোৰ ৰুৱ পাৰি। ৰামবুটানৰ গছবোৰ গ্ৰাফটিং (grafting), এয়াৰ লেয়াৰিং (air layering), বাডিং (budding) আৰু বীজৰ পৰা প্ৰসাৰণ হয়। বীজৰ পৰা সৃষ্ট গছবোৰক ফল ধৰিবলৈ ৬-৭ বছৰ লাগে। আনহাতে গ্ৰাফটিঙৰ পৰা উৎপন্ন গছবোৰক ফল ধৰিবলৈ ২-৩ বছৰ লাগে।
লগতে পঢ়ক-
Orange Farming System : কমলাৰ উন্নত কৃষি প্রণালী আৰু ইয়াৰ লাভালাভ
ৰামবুটান পুলি ৰোপণ কৰিবলৈ? পুলিবোৰ ৰুবলৈ ৬০ ছে.মি.X৬০ ছে.মি.X৬০ ছে.মি. আকাৰৰ গাঁত প্ৰস্তুত কৰিব লাগিব। তাৰ পাছত, ৰোপনৰ সময়ত দুজোপা গছৰ মাজৰ ব্যৱধান ৬ মি.X৬ মি. ৰাখিব লাগে। ৰোপণৰ পিছতে গছজোপাৰ ওচৰত খুঁটা এটা পুতি দি (staking) গছজোপাক বাঢ়ি আহিবৰ বাবে সুবিধা কৰি দিয়া হয়। বৃদ্ধিৰ প্রথম অৱস্থাত সূৰ্যৰ প্ৰখৰ তাপৰ পৰা পৰিত্ৰাণাৰ্থে গছবোৰক ছাঁৰ প্ৰয়োজন।
পানীৰ ব্যৱস্থাপনা হৈছে ৰামবুটানৰ খেতিৰ এটা দৰকাৰী দিশ। গছৰ বয়স ২-৩ বছৰ হোৱালৈ খৰালি কালছোৱাত নিয়মিতভাৱে পানী যোগান ধৰিব লাগে। ফুল ফুলাৰ সময়ত উপযুক্ত পৰিমাণৰ পানী যোগান নাপালে ফুলবোৰ সৰি যায়, পিছলৈ উৎপাদনত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। Canal বা Drip irrigation-ৰ (টোপাল জলসিঞ্চন) জৰিয়তে গছবোৰক পানী যোগান ধৰিব পাৰি।
ৰামবুটানৰ ফুল ফুলাৰ পৰা ফল ধৰি পৰিপক্ক অৱস্থা পাবলৈ ১২-১৬ সপ্তাহ সময়ৰ দৰকাৰ হয়। পৰিপক্ক অৱস্থাত বহি:আৱৰণীখন ৰঙা বা হালধীয়া বৰণৰ হৈ পৰে। তেতিয়া ফলবোৰ ছিগিব লাগে। গড় হিচাপত এজোপা গছে বছৰি ২০০-৫০০ ফল উৎপাদন কৰে। ভালদৰে প্ৰতিপালন কৰা এজোপা গছে বছৰি ৫০০-১৫০০ পৰ্যন্ত ফল দিব পাৰে।
ৰামবুটানক সতেজ ফল হিচাপে নাইবা অন্য ফলৰ লগত মিহলাই (dessert হিচাপে) খাব পাৰি। তদুপৰি, ইয়াৰ বীজৰ পৰা উৎপাদিত তেল চাবোন প্ৰস্তুত কৰাত ব্যৱহৃত হয়। গছজোপাৰ শিপাও ঔষধি গুণসম্পন্ন। ৰামবুটান ফলৰ বিভিন্ন উপকাৰিতা আছে। ফলটোৰ ৭৮% পানী; লগতে ই ১% প্ৰটিন, আৰু ২১% কাৰ্ব’হাইড্ৰেটে সমৃদ্ধ। ৰামবুটানে মানুহৰ হজম শক্তি আৰু শৰীৰৰ ৰোগ-প্ৰতিৰোধী ক্ষমতা (immunity) বঢ়ায়। মধুমেহ, ৰক্তচাপ, হাৰ্টৰ সমস্যা আদিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ইয়াক লাভদায়ক বুলি কোৱা হয়।
(লেখাটো প্ৰস্তুত কৰোঁতে মুক্ত চিন্তা নামৰ ই-আলোচনীখনত প্ৰকাশিত মানসী বৰুৱাৰ ৰামবুটান : এটি প্ৰাথমিক আলোচনা (মানসী বৰুৱা) শীৰ্ষক লেখাটিৰ সহায় লোৱা হৈছে।)
লগতে পঢ়ক-