1. এগ্ৰিপেডিয়া

খৰিফ শস্যৰ খেতি কৰাৰ পূৰ্বে জানিবলগীয়া কেইটামান তথ্য

KJ Staff
KJ Staff
Kharif crops

কৃষি প্ৰধান অসমৰ খেতিয়ক সকলে পৰম্পৰাগতভাৱে কৰিছে আহিছে খৰিফ শস্যৰ খেতি । বাৰিষাৰ সময়ছোৱাই হৈছে খৰিফ শস্যৰ খেতি আৰম্ভ কৰাৰ উপযুক্ত সময় । গতিকে আমাৰ খেতিয়ক সকলৰ এই খৰিফ শস্যৰ কিছু পৰিমাণে ধাৰণা থকা উচিত । যদিও আমাৰ খেতিয়ক সকলে খৰিফ শস্যৰ ওপৰত বহু কথা অৱগত ।

খৰিফ শব্দটো আৰবী ভাষাৰ পৰা আহিছে । প্ৰথমে মোগল সাম্ৰাজ্যৰ উত্থানৰ সময়ত ভাৰতত ব্যৱহাৰ কৰা হৈছিল খৰিফ শব্দটো । তেতিয়াৰ পৰা, ই বহুলভাৱে ব্যৱহৃত হৈ আহিছে ।

খৰিফ শস্যৰ বৈশিষ্ট্যঃ

  • খৰিফ শস্যৰ খেতি সাধাৰণতে মে' মাহত আৰম্ভ কৰা হয় ।
  • খৰিফ শস্যবোৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ মাজৰ সময়ছোৱাত চপোৱা হয় ।
  • এই শস্যৰ বাবে ১০০ ৰ পৰা ১১০ ছে.মি ভিতৰত বৰষুণৰ প্ৰয়োজন হয় ।
  • পলসুৱা মাটি এই খেতিৰ বাবে অধিক উপযুক্ত ।
  • পশ্চিম বংগ, অসম, উৰিষ্যা, তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চলবোৰত বিশেষভাৱে এই খেতি কৰা হয় ।

কোন মাহত খৰিফ শস্যৰ খেতি কৰা আৰু চপোৱা হয়?

  • শুকান বা মৌচুমী ঋতুত খৰিফ শস্য খেতি কৰা হয় । এইবোৰ এপ্ৰিল আৰু মে' মাহত ৰোপণ কৰা হয় ।
  • যেতিয়া শস্যবোৰ সম্পূৰ্ণৰূপে পৰিপক্ক হয়, তেতিয়া ছেপ্টেম্বৰ আৰু অক্টোবৰত শস্য চপোৱা আৰম্ভ কৰে খেতিয়ক সকলে ।

খৰিফ শস্যৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান সমস্যাঃ

  • প্ৰচুৰ বা তীব্ৰ বৰষুণৰ ফলত শস্যৰ ক্ষতি হ'ব পাৰে । অৱশ্যে, পৰ্যাপ্ত পানীৰ প্ৰয়োজন, কিন্তু অত্যাধিক পানীয়ে শস্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
  • শিলাবৃষ্টিৰ ফলত কৃষিৰ ক্ষতি হ'ব পাৰে । প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত শস্য বেঁকা হ'ব পাৰে বা ধ্বংস হ'ব পাৰে । যাৰ ফলত লোকচান হ'ব পাৰে খতিয়ক সকলৰ ।
  • অনুপযুক্ত বতৰে এই শস্যৰ খেতিৰ ওপৰত প্ৰভাৱ পেলায় । অনুপযুক্ত বতৰে কৃষকৰ উৎপাদন হ্ৰাস কৰি পাৰে ।

লগতে পঢ়কঃ ২০২২-২৩ বৰ্ষত ১০ নিযুত টন ঘেঁহু ৰপ্তানি কৰাৰ লক্ষ্য ভাৰতৰ

English Summary: A few facts to know before cultivating kharif crops

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.