Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 July, 2024 6:11 PM IST
Kaji Nemu Farming Tips

বৰ্তমান সময়ত কাজি নেমু খেতিয়ো এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। বহু কৃষকে কাজি নেমুৰ খেতিৰ ব্যৱসায়িক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি খেতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু বহু কৃষকে সফলতাও লাভ কৰিছে। এইক্ষেত্ৰত ধেমাজি জিলাৰ জোনাইৰ প্ৰগতিশীল কৃষক ফুলেন বসুমতাৰী। কৃষকগৰাকীয়ে ৫ বিঘা মাটিত কাজি নেমু খেতি কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি এই লেখাটোত আমি ব্যৱসায়িকভাৱে নেমু খেতি কেনেকৈ কৰিব! নেমু খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী, নেমু খেতি কৰাৰ সময়, নেমু খেতিৰ পদ্ধতি, ইয়াৰ যতন, বেমাৰ আজাৰ, কাজি নেমুৰ পুলি উতপাদন আদিৰ বিষয়ে জনাম।

নেমু খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী :

নেমু খেতিৰ বাবে বালিঅহীয়া, পানী জমা নোহোৱা মাটি উপযোগী।

কৃষি পথাৰত নেমু গছ ৰোৱাৰ সময় :  

মে পৰা আগষ্টলৈকে আমাৰ কৃষকসকলে মূল কৃষিভূমিত পুলিবোৰ ৰোপন কৰিব লাগে।

নেমু খেতিৰ পদ্ধতি :

বৰষুণ হোৱাৰ আগে আগে মূল পথাৰত ০.৫ x ০.৫ মিটাৰ ব্যাসাৰ্দ্ধৰ গাঁত কৰি তাত জাবৰ, গোবৰ আৰু পচনসাৰ দি পূৰায় থব লাগে৷ আৰু এটা গাঁতৰ পৰা আনটো গাঁতৰ ব্যৱধান ৩মি: x ৩ মি: কৰিব লাগে ৷ শাৰী শাৰীকৈ অলপ সেৰেঙাকৈ পুলিবোৰ ৰোপন কৰিলে চাফ-চিকুন, সাৰ-পানী যোগান ধৰিবলৈ, আৰু গছৰ পৰা নেমু চিঙিবলৈ সুবিধা হয়।

খেতিৰ যতন :

সাধাৰণতে মাহত এবাৰ খেতিডৰাত গজা অপতৃণ বা ঘাঁহ-বনবোৰ উভালি নেমু খেতিডৰা চিকুণাই ৰাখিব লাগে। খেতিডৰা চিকুণাই ৰখাৰ বাবে ধান খেৰ বা ক'লা পলিথিনো ব্যৱহাৰ কৰিব পাৰি।

জলসিঞ্চন:

 বাৰিষাৰ পাছৰ সময়ছোৱাত বতৰ শুকান হৈ পৰাৰ সময়ত নেমু গছত পানী দিয়াৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। লি ৰোৱাৰ সময়ত আৰু ডিচেম্বৰৰ পৰা মার্চলৈকে পাৰিলে ১৫-২০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

কাজি নেমুৰ পুলি উতপাদন পদ্ধতি সন্দৰ্ভত জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক- 

নেমুগছৰ পৰা পুলি উৎপাদন কৰিব পৰা ৪ টা সহজ পদ্ধতি

কীট-পতংগৰ আক্রমণ:

পাতখোৱা পোক: টেঙা গছৰ নতুন পাত ওলোৱাৰ সময়ত পলুৱে ইয়াৰ কোমল কোমল পাতবোৰ খায়/ ইয়াৰ উপৰি বিছাৰ দৰে কীটেও গছৰ পাত খাই নেমু গছৰ ক্ষতিসাধন কৰে। আনহাতে চৰহা বা মোৱা পোকে নতুন পাত তথা কেঁহবিলাকত ৰস চুহি খায়। এনেধৰণৰ পাোক তথা কীট নিয়ন্ত্ৰণৰ বাবে প্রতি লিটাৰ পানীত মন’ক্রট'ফছ ২.৫ গ্রাম অথবা ডিমেথট (ৰগৰ) ১.৫ গ্রাম এক লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিলে সুফল পাোৱা যায়। আনহাতে নেমুৰ গছক সহজে আক্রমণ কৰা এবিধ পোক হ’ল কেৰোণ। কেৰোণে গছৰ ছাল ফুটাই গা-গছত প্ৰৱেশ কৰে আৰু গছডাল ফোঁপোলা কৰি পেলায়। কেৰোণৰ নিয়ন্ত্রণ সম্পর্কে কমলা টেঙাৰ খেতিত আলোচনা কৰা হৈছে।

ৰোগ :

টুইগ ব্লাইট: এই ৰোগত আক্রন্ত গছত সৰু সৰু ডাল বা শাখাবোৰ শুকাই যাবলৈ ধৰে। এই ৰোগে ধৰা ডাল বা শাখাবোৰ কাটি পেলাব লাগে আৰু কটা অংশটোৰ বৰডিয়াক্স পানীত সানি প্রলেপ দিব লাগে। ইয়াৰ উপৰি বৰডিয়াক্স ১% বা কপাৰ অক্সিক্লৰাইড প্রতিলিটাৰ পানীত ২.৫ গ্রাম হিচাপত মিহলাই ছটিয়ালে সুফল পোৱা যায়।


শস্য চপোৱা : গছ পুলি ৰোৱাৰ দ্বিতীয় বছৰৰ পৰা গছত ফল ধৰিবলৈ আৰম্ভ কৰে ৷ গতিকে ফলবোৰ পূৰঠ হলেই চপোৱাৰ ব্যৱস্হা কৰিব লাগে৷

পাঠকসকলক জনাওঁ যে শেহতীয়াকৈ কাজি নেমুৱে অসমৰ জাতীয় ফলৰ মৰ্যদা লাভ কৰিছে। পূৰ্বতকৈ ইয়াৰ বজাৰখনৰ পৰিসৰো বৃদ্ধি পাইছে। ডুবাই, দিল্লী, মুম্বাই আদিৰ দৰে চহৰতো নেমুৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে চেষ্টা চলাইছে। গতিকে কাজি নেমুৰ বজাৰখন ভৱাধৰণে যদি হৈ উঠে তেতিয়া কাজি নেমুৰ কৃষকসকলৈ আৰু ভাল দিন আহিব।

লগতে পঢ়ক-

নেমু খেতিৰ পদ্ধতি আৰু ইয়াৰ পৰিচৰ্যা সম্পৰ্কে জানো আহক

 

English Summary: Kaji Nemu Farming Tips & its Profit
Published on: 15 July 2024, 06:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now