অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ কাৰণে উপযুক্ত৷ অসমীয়া গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীত দোজোপা হ’লেও নাৰিকল গছ পৰিলক্ষিত হয়৷ সঠিকভাৱে যতন ললে ৬ বছৰ মানৰ পৰাই নাৰিকল গছত ফল ধৰা পৰিলক্ষিত হয় আৰু পাছলৈ উৎপাদন বৃদ্ধি পায় গৈ থাকে যদিও ১৩ বছৰ মানৰ পাছত স্থিৰমাত্ৰাত ফল লাগিবলৈ ধৰে৷ গছৰ উৰ্বৰতা অনুযায়ী বছৰি ২০ টাৰ পৰা ১৫০ টা পৰ্যন্ত নাৰিকল লাগে৷ মন কৰিবলগীয়া যে, নাৰিকল গছে চাৰিকুৰি বছৰ পৰ্যন্ত ফল দিবলৈ সক্ষম৷ নাৰিকলৰ বগা কোমল অংশ কেঁচাই খোৱাৰ উপৰিও ইয়াৰ পৰা গাখীৰ, তেল প্ৰস্তুত কৰিব পাৰি৷ ডাব নাৰিকলৰ পানীয়ে গ্ৰীষ্মকালত স্বাস্থ্য সতেজ কৰি ৰাখে৷ নাৰিকলৰ ফুলৰ পৰা নিঃসৃত ৰসক কিন্বন ঘটাই সোমৰস প্ৰস্তুত কৰি কিছু জনগোষ্ঠীয়ে পৰম্পৰাগত পানীয় ৰূপে পৰিবেশন কৰে৷ ইয়াৰ উপৰিও, নাৰিকলৰ বকলাটোৰ পৰা আঁহ উলিয়াই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷
সঁচ নিৰ্বাচনঃ
নাৰিকলৰ ভাল সঁচ বুলি ক’বলৈ গলে “টি. X ডি. বৰ্ণসংকৰ” চাপৰ জাতবিধ, থলুৱা “আছাম টল”, “বেংগল চিলেক্টেড” আৰু “বেংগল হাজাৰী”য়েই প্ৰধান৷ সঁচ সংগ্ৰহৰ সময়ত ২০-৬০ বছৰৰ ভিতৰৰ তুলনামূলকভাৱে অধিক আৰু প্ৰতি বছৰে স্থিৰসংখ্যক লাগনি দিয়া গছ বাচনি কৰি, অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বীজৰ বাবে নাৰিকল পাৰিব লাগে৷ লগতে, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বীজ সিঁচিব লাগে৷ পুলিবাৰীৰ ভেঁটিটো খেতিয়কৰ সুবিধানুযায়ী কৰিব পাৰে যদিও, অভিজ্ঞতা নথকা সকলে ৩০ ছেন্টিমিটাৰ ওখ, ৭.৫ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল ভেঁটি প্ৰস্তুত কৰিব পাৰে৷ ভেঁটিত ৩০ ছেণ্টিমিটাৰৰ ব্যৱধানত তিনিটা শাৰী কৰি প্ৰত্যেক শাৰীত ৩০ ছেণ্টিমিটাৰৰ অন্তৰে অন্তৰে নাৰিকলটো ঢাক যোৱাকৈ গাঁত খান্দিব লাগে৷
বাৰীখন কেনে হোৱা দৰকাৰ?
নাৰিকল বাৰীৰ বাবে ওখ, ৰ’দ পৰা আৰু বাৰিষা পানী জমা নোহোৱা জেগাৰ পলসুৱা বালিচহীয়া মাটিয়েই উত্তম৷ মাটিডৰা ভালদৰে চহাই নিৰ্দিষ্ট দূৰত্বত, পুলি ৰোপণৰ এমাহৰ আগতেই গাঁত খান্দিব লাগে৷ প্ৰত্যেক গাঁতৰ আয়তন এক ঘনমিটাৰ (মানে দৈৰ্ঘ্য-প্ৰস্থ- উচ্চতা ১ মিটাৰকৈ) হ’ব লাগে আৰু প্ৰতিটো গাঁতৰ পৰস্পৰৰ মাজৰ ব্যৱধান ৭.৫ মিটাৰ হোৱা আৱশ্যক৷ বালিচহীয়া মাটি বিচাৰি নাপালে, পুলি ৰোপণৰ পূৰ্বে নদীৰ বালিৰে গাঁতৰ আধালৈকে ভৰাই ল’ব লাগে৷ নাৰিকল ৰোপণৰ আগতে মাটিডৰাক আৰ্দ্ৰ কৰি ৰাখিবলৈ গাঁতৰ তলৰ ১৫ ছেন্টিমিটাৰ মান ঠাই নাৰিকলৰ বাকলিৰে পুতিব লাগে৷ নাৰিকলৰ বাৰীখন ওখ হ’লে মাৰ্চ-এপ্ৰিল মাহত আৰু বামমাটি হ’লে চেপ্টেম্বৰ- অক্টোবৰ মাহত পুলি ৰুব লাগে৷ আগতে কৈ অহা ধৰণে খন্দা গাঁতত ২০ কিলোগ্ৰাম মান শুকান গোৱৰ বা পচন সাৰ, ২০০ গ্ৰাম মালাথিয়ন ৫% পাউডাৰ বা ১০০ গ্ৰাম এল্ডেক্স ৫% পাউডাৰ আৰু আগেয়ে খন্দা মাটিৰ মিশ্ৰণেৰে গাঁতৰ দুই তৃতীয়াংশ ভৰ্ত্তি কৰিব লাগে৷ পাছত নাৰিকল পুলিটো গাঁতৰ সোঁমাজত থিয়কৈ ৰাখি পুতি পেলাব লাগে৷ ইয়াৰ পাছত পুলিৰ চৌপাশে ধেনুভিৰীয়াকৈ মাটিৰ ঢিপ সাজি দিলে পানী জমা নহ’ব৷ দুই-তিনিমাহৰ অন্তত পুলি সজাল ধৰিলে কাষৰ মাটি চুৰুকি গাঁতটো সম্পূৰ্ণকৈ পুতি পেলাব লাগে৷
সাৰৰ পৰিমাণ আৰু প্ৰয়োগ বিধিঃ
প্ৰতিবছৰে বাৰিষা আৰম্ভ হোৱাৰ আগত এবাৰ আৰু পাছত এবাৰ, মুঠতে দুবাৰকৈ নাৰিকল গছত সাৰ প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া নাৰিকল গছক প্ৰয়োজন হোৱা গোবৰ, ইউৰীয়া, একক চুপাৰ ফচফেট, মিউৰেট অৱ পটাচ আৰু বৰাক্স সাৰৰ পৰিমান ৫ কিলোগ্ৰাম, ৩০০ গ্ৰাম, ৫০০ গ্ৰাম, ৩৫০ গ্ৰাম আৰু ৫০ গ্ৰাম৷ ইয়াৰে বৰাক্সৰ বাদে বাকীকেইটা সাৰ প্ৰতিবছৰে বঢ়াই যাব লাগে৷ দুবছৰত দুগুণ, তিনিবছৰত তিনিগুণ, চাৰি বছৰত চাৰিগুণ আৰু পাঁচ বছৰত পাঁচগুণ৷ পাঁচবছৰ বয়সৰ ওপৰত এইমাত্ৰা স্থিৰ ৰাখিব লাগে৷
ৰাসায়নিক সাৰখিনি সমানে দুইভাগত ভাগ কৰি এভাগ মাৰ্চ-এপ্ৰিল মাহত আৰু আনভাগ চেপ্টেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া, দুবছৰীয়া আৰু তিনিবছৰীয়া নাৰিকল গছৰ গুৰিৰ পৰা ৫০ ছেণ্টিমিটাৰ; চাৰি আৰু পাঁচ বছৰীয়া গছত গুৰিৰ পৰা ১০০ ছেণ্টিমিটাৰ; আৰু পাঁচ বছৰৰ ওপৰৰ গছত গুৰিৰ পৰা ১৫০ ছেণ্টিমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধত বৃত্তাকাৰে পাতলীয়া আঙুঠিৰ দৰে নলা খান্দি সাৰ-গোৱৰৰ মিশ্ৰণটো প্ৰয়োগ কৰা উচিত৷ খৰাং পৰিস্থিতিত আৰ্দ্ৰতা কমি গ’লে পানী প্ৰয়োগ কৰা প্ৰয়োজন৷ পোক-পতংগ আৰু ৰোগ-ব্যাধি বিভিন্ন ধৰণৰ পোক-পতংগ আৰু ৰোগ-ব্যাধিয়ে নাৰিকল গছক আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ গঁড়পোক, উঁইপোক, ফল ও ফুলখাদক পোক আৰু ঘূণেধৰা পোকৰ লগতে থোঁৰ পাত পঁচা বেমাৰ, মুকুট বন্ধন, কোঁহ পচা, গা-গছৰ ৰস নিৰ্গত হোৱা আৰু গেণ’ডাৰ্মাই প্ৰধান৷
পোক-পতংগৰ বাবে ২ মিলিলিটাৰ ডাইমিথয়েট প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত৷ ভেঁকুৰ জাতীয় ৰোগৰ পৰা মুক্তি পাবলৈ বৰড’মিশ্ৰণ (চূণ আৰু তুতীয়াৰ পৰা প্ৰস্তুত ভেঁকুৰনাশক) প্ৰয়োগ কৰা উচিত৷ বৰন(Boron)ৰ অভাৱত ফল সৰা দেখা যায়, সেয়ে প্ৰতি বছৰে নাৰিকল গছৰ গুৰিত ৫০ গ্ৰাম বৰাক্স প্ৰয়োগ কৰা প্ৰয়োজন৷ ১ মিঃগ্ৰাঃ প্লেনোফিক্স নামৰ হৰমন ১০ লিটাৰ পানীত মিহলাই গৰ্ভধাৰণ হোৱাৰ পাছত ফুলৰ থোকত প্ৰয়োগ কৰক আৰু ইয়াৰ এমাহৰ পাছত ২ মিঃগ্ৰাঃ প্লেনোফিক্স ১০ লিটাৰ পানীত মিহলাই ছটিয়াওক৷
এইধৰণে পৰিচৰ্যা তথা প্ৰতিপালন কৰি নাৰিকলৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ৷ কিয়নো আমি পাহৰি গ’লে নহ’ব যে,- নাৰিকল উৎপাদনত ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ পাছত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰতে তৃতীয়৷ ভাৰতে প্ৰতিবছৰে ১০.৮ লাখ টন নাৰিকল উৎপাদন কৰে৷ সুপৰিচৰ্যাই অধিক উৎপাদন সম্ভৱ কৰি তুলিব৷
উৎসঃ আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহীত
Share your comments