জাতঃ
স্থানীয় উৎপাদনক্ষম সচঁ
মাটি নির্ব্বাচন
ওখ পানী আৱদ্ধ হব নোৱাৰা পলসুৱা মাটি নির্ব্বাচন কৰিব লাগে ।
বীজৰ পৰিমাণ: ৩ কি: গ্রাম/হেক্টৰত
সিঁচাৰ সময়
ফেব্রুৱাৰী-এপ্রিল
ব্যৱধান
২.০ মিটাৰ * ১ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )
সাৰ প্রয়োগ
পচন সাৰ ২০-২৫ টন, ৩৫ কি:গ্রাম নাইট্রজেন (অনুমোদিত হাৰৰ আধা অংশ, ৮০ কি: গ্রাম ফছফৰাচ, ৮০ কি:গ্রাম পটাছ সাৰ শেষৰবাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰি লব আৰু বাকী থকা নাইট্রজেন সাৰ (৩৫ কি: গ্রাম) গছত ফুল আৰু ফল ধৰাৰ সময়ত প্রয়োগ কৰিব।
জলসিঞ্চন
প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে।
শস্য চপোৱা:
পুৰঠ আৰু সময় সাপেক্ষে কোমোৰা বোৰ গছৰ পৰা চিঙাৰ ব্যৱস্থা কৰিব।
উৎপাদন
১৮৫ - ৩২৫ কুইন্টল/হেক্টৰত
উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট (সংগৃহীত)
লগতে পঢ়ক-ব্যৱসায়িক ভিত্তিত কৰক তুলসী খেতি-