অসমৰ জলবায়ুৰ লগত সততে খাপ খোৱা এবিধ বৃক্ষ হ’ল সাঁচি। মধ্যযুগীয় অসমৰ প্ৰেক্ষাপটত সাঁচিগছক কেৱল মাত্ৰ সাচিপাত প্ৰস্তুতৰ বাবেই ব্যৱহাৰ কৰা হৈছিল। আজি কিছু বছৰৰ আগৰ পৰা সাঁচি গছৰ ব্যৱসায়িক মূল্যক লৈ অসমত সচেতনতা বৃদ্ধি হোৱা দেখা গৈছে। বিশেষতঃ নামতি অঞ্চলটিৰ চামগুৰি, লালিমছিগা আদি অঞ্চলসমূহ সাঁচিগছৰ খেতিৰ বাবে বিশেষ নাম থকা অঞ্চল।
উল্লেখ্য যে কোনো কোনো অঞ্চলত সাঁচি গছৰ খেতি সন্তোষজনক হ’লেও আগৰৰ পৰিমাণ কম হোৱাৰ বাবে আশা কৰা ধৰণে গছৰ গৰাকীয়ে গছজোপাৰ মূল্য নাপায়। আনহাতে এজোপা সৰু গছতো আগৰৰ উপস্থিতিৰ হেতু কোনো কোনোৱে অভাৱনীয় দৰ লাভ কৰিবলৈ সক্ষম হয়। সাঁচি গছত উৎপন্ন হোৱা এবিধ পোকে সাঁচি গছৰ গা অংশ খুলি সেই অংখত আগৰ উৎপন্ন হোৱাত সহায় কৰে। কোনো কোনো অঞ্চলত এই পোকবিধ নথকাৰ বাবে আগৰ উৎপাদন ক্ষিপ্ৰ গতিত নহয়। কিন্তু এনে ক্ষেত্ৰতো আমাৰ খেতিয়কসকল নিৰাশ হোৱা অনুচিত। কাৰণ পোকবিধৰ সংক্ৰমণ কৃত্ৰিম উপায়েৰেও গছসমূহত ঘটাব পাৰি।
আনহাতে পোকবিধ নোহোৱাকৈও এক পৰম্পৰাগত পদ্ধতিৰে সাঁচি গছত আগৰৰ আকৰ প্ৰস্তুত কৰিব পাৰি। বাংলাদেশৰ দৰে দেশসমূহত এনেকৈ কৃত্ৰম পদ্ধতিৰে সাঁচিগছত আগৰৰ উৎপাদন বৃদ্ধি কৰা হয়। এতেকে আমাৰ ৰাইজেও বাৰীৰ ওখচানেকীয়া ঢাপবোৰত সাঁচিগছ লগাই অন্যান্য কৃষিৰ সমান্তৰালভাৱে এই সাঁচিগছৰ পৰাও যথেষ্ট লাভ আদায় কৰিব পাৰে।
গ্ৰীষ্মকালত আগৰ গছৰ ফুল ফুলি ফল ধৰে। পৈনত ফলৰ গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰত মাটিত অলপ ঢাক খোৱাকৈ ৰুৱ লাগে। পোন্ধৰ দিনতকৈ বেছি এনেদৰে ৰাখিব নালাগে, কিয়নো গুটিবোৰৰ অংকুৰণৰ ক্ষমতা বেছি দিনলৈ সজীৱ হৈ নাথাকে। প্ৰখৰ ৰ’দ আৰু বৰষুণৰ পৰা নিৰাপদ ৰাখিবলৈ ৰোৱাৰ পিছত ছালি দি ছাঁ দিয়াৰ ব্যৱস্হা কৰিব লাগে। গুটিবোৰ জীপাল হৈ থাকিবলৈ পানীৰ ব্যৱস্হা কৰিব লাগে। গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি আহিবলৈ ধৰিব আৰু প্ৰায় ২-৩ মাহৰ পিছত যেতিয়া ই ১০-১৫ ছেঃমিঃ মান হয় তেতিয়া পুলিবোৰ মাটিৰ সৈতে উভালি আনি পলিথিনৰ বেগত ভৰাই নাৰ্ছাৰি আকাৰে সংৰক্ষণ কৰি বজাৰলৈ মোকলাই দিব পাৰি।
আন উদ্ভিদৰ তুলনাত এই উদ্ভিদৰ বৃদ্ধি অতি লেহেমীয়া হোৱাৰ পৰিপেক্ষিতত পূৰ্ণাঙ্গ পৰ্যায় প্ৰাপ্তিৰ কাৰণে ইয়াক প্ৰায় ১৫-২০ বছৰৰ প্ৰয়োজন হয়। পূৰ্ণাঙ্গ পৰ্যায় পোৱাৰ পিছত গছবিলাকৰ গাত জোঙা গেজেং বা দাৰে ২ ইঞ্চিমান দ হোৱাকে কিছু আঁতৰে আঁতৰে ঘপিয়াই দিব লাগে। তাৰ ফলত গছজোপাৰ পৰা এক আঠাজাতীয় ৰস নিঃসৰিত হয় আৰু তাত পোকে ধৰে। এই পোকবোৰে আঠাবোৰক গোটেই গা গছত মিলাই পেলাই। আঠাবোৰ খমলা বান্ধিলে সেইবোৰ সুগন্ধি প্ৰস্তুতকৰণ বাবে সংৰক্ষণ কৰা হয়। তদুপৰি এক দুই ব্যাসাৰ্দ্ধ হোৱাৰ পিছত গছজোপাৰ মাজভাগত এবিধ টান ক’লা বৰণৰ কাঠৰ সৃষ্টি হয়। এই ক’লা অংশতো সুক্ষ্মভাৱে ছাঁছি মূল্যবান অংশতো সংগ্ৰহ কৰি তাৰ পৰা সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰা হয়।
আমাৰ অসমতো উজনিৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া আদি ঠাইৰ আগৰ গছে এক সুকীয়া গঢ়ি তুলিবলৈ সক্ষম হৈছে। হোজাইত পৃথিৱীৰ ভিতৰতে বৃহত্তম পাইকাৰী বিক্ৰী কেন্দ্ৰ গঢ়ি উঠিছে, যিটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। বৰ্তমান ইণ্টাৰনেটত সাঁচিগছৰ বজাৰমূল্য তথা আগৰসম্পৰ্কীয় সকলো তথ্য উপলব্ধ। এতেকে পলম নকৰি আমি সকলোৱে সাঁচিখেতি কৰোঁ আহক।
(সংগৃহীত প্ৰবন্ধ)
লগতে পঢ়ক-বাঁহ খেতি: অসমৰ কৃষকৰ বাবে এক লাভজনক কৃষি ব্যৱসায়