আগৰ এবিধ মূল্যবান গছ। ঠাই বিশেষে এই গছৰ নাম অগৰু বুলিও জনাজাত। সাধাৰণতে এনে গছ উজনি অসমৰ হাবিত হোৱা দেখা যায়। আগৰ গছৰ গুটিৰ পৰা পুলি ৰোপণ কৰি বাগিছা আকাৰে ব্যৱসায়িক ভিত্তিত ৰোপন কৰিলে অধিক লাভৱান হব পাৰি। এই গছ সৰ্বাধিক ৩০ ফুটমানলৈকে বৃদ্ধি হোৱা দেখা যায়। আগৰ গছৰ কাঠৰ পৰা অতি মূল্যবান সুগন্ধি তেল প্ৰস্তুত কৰা হয়। বহিঃৰাষ্ট্ৰৰ চৌদি আৰৱকে আদি কৰি বিভিন্ন দেশত এই সুগন্ধি তেলৰ সমাদৰ অধিক। সেয়ে আগৰ গছৰ মূল্য আজিৰ দিনত সৰ্বাধিক আৰু ব্যৱসায়িক ভাবে লাভৱান হ’ব পাৰি।
গুটি সংগ্ৰহ
সাধাৰণতে গ্ৰীষ্ম কালত আগৰ গছৰ ফুল ফুলি, ফল ধৰে। পৈণত ফলৰ পৰা গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰৰ মাটিত অলপ ঢাক খোৱাকৈ ৰুব লাগে। সংৰক্ষণ কৰা গুটিবোৰ মাটিৰ ওপৰত বা মুকলিকৈ ১৫ দিনৰ বেছি সময় ৰাখিব নালাগে, কিয়নো এই গছৰ গুটিবোৰৰ অঙ্কুৰণ ক্ষমতা বেছি দিনলৈ সজীব হৈ নাথাকে। ভেটি আকাৰৰ মাটিত ৰোৱাৰ পিছত প্ৰখৰ ৰ’দ, বৰষুণৰ পৰা নিৰাপদে ৰাখিবলৈ ওপৰত চালি দি ছাঁৰ ব্যৱস্থা কৰিব লাগে। লগতে নিয়মিতভাবে পানী যোগান ধৰিব লাগে, যাতে গুটিবোৰ জীপাল হৈ থাকে। এনেকৈ গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি আহিবলৈ ধৰিব আৰু এই পুলিবোৰৰ বৃদ্ধি অত্যাধিক ধীৰগতিৰে হয় বাবে প্ৰায় ২,৩ মাহৰ পিছত যেতিয়া ওখই ১০-১৫ ছে.মি.মান হ’ব তেতিয়া পুলিবোৰ মাটিৰে সৈতে উভালি আনি পলিথিনৰ বেগত মাটি ভৰাই নাৰ্ছাৰী আকাৰে সংৰক্ষণ কৰি, পিছত বিক্ৰীৰ বাবে বজাৰলৈ মোকলাই দিলেও অধিক লাভৱান হ’ব পাৰি।
যদি কোনোৱে নিজাকৈ আগৰ গছ ৰুবলৈ বিচাৰে, তেনেহ’লে পুলিবোৰ মাটিৰে সৈতে উভালি আনি মুকলি ওখ চাপৰিসদৃশ মাটিত ২ মিটাৰ মানৰ ব্যৱধানত গাঁত খান্দি ৰুব লাগে। প্ৰথমে দুবছৰমানলৈ পুলিবোৰে সূৰ্য্যৰ প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰে, সেয়ে প্ৰতিটো পুলিৰ ওপৰত ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পিছলৈ কিন্তু কোনো ধৰণৰ ছাঁ প্ৰয়োজন নহয়গৈ, বৰঞ্চ সূৰ্য্যৰ ৰশ্মিৰহে অধিক প্ৰয়োজন হয়। এটা কথা লক্ষ্য ৰাখিব লাগে যাতে মুকলি ঠাইত ৰোৱা পুলিবোৰৰ গুৰিত যাতে কেতিয়াও বৰষুণৰ পানী জমা হৈ নাথাকে আৰু পুলিবোৰৰ গুৰিৰ পৰা ঘাঁহ-বনবোৰ নিয়মীয়াকৈ চিকুণাই ৰাখিব লাগে। অন্যথা পুলিবোৰ স্বাস্থ্যবান নহৈ ৰুগীয়া হোৱাৰ সম্ভাৱনা থাকে।
আন যিকোনো উদ্ভিদৰ তুলনাত যিহেতু আগৰ গছৰ বৃদ্ধি লেহেমীয়া, সেয়ে এজোপা পূৰ্ণাঙ্গ আগৰ গছ হ’বলৈ অতি কমেও ১৫-২০ বছৰমান সময়ৰ প্ৰয়োজন হয়। আগৰৰ পুলিবোৰ স্বাস্থ্যবান আৰু পূৰ্ণাঙ্গ গছ হৈ উঠিলে, মাটিৰ পৰা ঢুকি পোৱাকৈ প্ৰতিজোপা গছৰ গাত, অৰ্থাৎ ছালত লোৰ জোঙা গেজেঙেৰে কিছু আঁতৰে আঁতৰে খুচি খুচি ফুটা কৰি দিব লাগে নাইবা ঘৰুৱা দা-ৰে গছজোপাৰ ছালত কিছু আঁতৰে আঁতৰে ২ ইঞ্চিমান দ-হোৱাকৈ ঘপিয়াই দিব লাগে। এনে কৰিলে গছজোপাৰ পৰা এবিধ আঠাজাতীয় বস্তু নিঃসৰিত হ’ব আৰু কেইদিনমানৰ ভিতৰতে তাত পোকে ধৰিব। এনেকৈ লাগি ধৰা পোকবোৰে গছৰ পৰা ওলোৱা আঠাবোৰ গোটেই গা-গছত মিহলাই পেলায়। আৰু আঠাবোৰ খমলা বান্ধিলে সেইবোৰ সুগন্ধি প্ৰস্তুত কৰাৰ বাবে সংগ্ৰহ কৰা হয়।
তদুপৰি পৈণত গছ একোজোপাৰ গাটো যেতিয়া ১-২ ফুট ব্যাসাৰ্দ্ধৰ হয়গৈ তেতিয়া গছৰ মাজভাগত টান ক’লা বৰণৰ কাঠৰ সৃষ্টি হয়। গা-গছজোপা কাটি টুকুৰা কৰি, তাৰ মাজৰ সেই ক’লা অংশ ছাচ বা কুঠাৰেৰে সুক্ষ্মভাবে ছাচি ছাচি মূল্যবান অংশ সংগ্ৰহ কৰা হয়। এই অংশও ব্যৱসায়িক ভিত্তিত সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।
বহিঃৰাষ্ট্ৰলৈ এনেকৈ ছাচি সংগ্ৰহ কৰা কাঠৰ টুকুৰাবোৰ ৰপ্তানি কৰিব পাৰি। উজনি অসমৰ যোৰহাট, শিৱসাগৰকে আদি কৰি বৰ্তমানে নগাঁও জিলাৰো হোজাই, নীলবাগান অঞ্চলত এনে মূল্যবান আগৰ গছৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে, য’ৰ পৰা থলুৱা আগৰ খেতিয়ক অধিক লাভান্বিত হ’ব পাৰিছে।
লিখক: নিতুল বৰা
(বিকাশপেডিয়াৰ পৰা সংগৃহীত)
লগতে পঢ়ক-
নগাঁৱত ৩৫ বিঘা মাটিত সাঁচিৰ গছ ৰোপন কৰি কোটিপতি আইনুল ইছলাম বক্সি