Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 July, 2022 11:31 AM IST
Ways to reduce cholesterol, triglyceridron problems

আজিৰ যুগটো যান্ত্ৰিক যুগ বুলি ক'ব পাৰি। গাড়ী, মটৰ চাইকেল আদিৰ পৰা কাপোৰ ধোৱা মেচিন, অভেন, ঠাই মোচা আহিলা , মিক্সাৰ গ্ৰাইণ্ডাৰ,  এয়াৰ কণ্ডিচনাৰ আদি বিভিন্ন প্ৰকাৰৰ মেচিন আবিষ্কাৰ হোৱাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনৰ কামবোৰো কমি গৈছে যাৰ ফলশ্ৰুতিত আমি  প্ৰায়বোৰ মানুহেই এক বিলাসী জীৱন কটাইছো। আইতাহঁতৰ দিনৰ ঢেকী, খুন্দনা এতিয়া প্ৰায় বিলুপ্তিৰ পথত।

ঠিক তেনেকৈ খেতি পথাৰৰ আহিলা সমূহ আৰু আন বহুতো সামগ্ৰীৰ উদ্ভাৱন হোৱাৰ লগে লগে পুৰুষৰ পৰিশ্ৰম কমি গ'ল। আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন হ'ল আৰু আধুনিকতাৰ পৰশত আমাৰ খাদ্যভ্যাসৰো সলনি হল। পৰম্পৰাগত থলুৱা খাদ্যৰ সলনি পিজ্জা, বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাইজ , পেষ্ট্ৰি ( pastries) , ক'কা কোলা আদি শীতল পানীয়, আইচক্ৰীম , আদিৰ প্ৰতি আসক্তি বাঢ়িছে। ইয়াৰ ফলত আমি বিভিন্ন ৰোগৰ কৱলত পৰিছো। বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা তেনে সমস্যাবোৰৰ ভিতৰত এক প্ৰধান সমস্যা হৈছে বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড। এই বৰ্ধিত কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ বাবে উচ্চ ৰক্তচাপ,  কৰোনাৰী আৰ্টাৰি দিজিজ, হাৰ্ট এটেক, স্ট্রোক, ফেতি লিভাৰ ,ডায়েবেটিচ আদি ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে। এককথাত কবলৈ গলে এইবোৰ একপ্ৰকাৰৰ লাইফষ্টাইল ডিজিজ ( lifestyle disease)।

আজিৰ দিনত কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি শব্দ কেইটাৰ লগত সকলো পৰিচিত। কলেষ্টৰল হৈছে আমাৰ তেজত থকা একপ্ৰকাৰৰ চৰ্বি। আমাৰ  যকৃত বা লিভাৰে কিছু কলেষ্টৰল তৈয়াৰ কৰে আৰু বাকীখিনি আমি মাংস,  কণী, গাখীৰ, পনীৰ আদি খাদ্যৰ পৰা পাওঁ। কলেষ্টৰলে বিভিন্ন হ'ৰমন, ভিটামিন ডি উৎপন্ন কৰাত সহায় কৰে। কলেষ্টৰল দুবিধ।  এবিধ LDL যাক অপকাৰী কলেষ্টৰল বুলি কোৱা হয় আৰু আনবিধ HDL যাক উপকাৰী কলেষ্টৰল বুলি কোৱা হয়। LDL কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আমাৰ শৰীৰত এক নিৰ্ধাৰিত মাত্ৰাত থাকিলে একো সমস্যা নহয় কিন্তু যেতিয়াই এইবোৰে নিৰ্ধাৰিত পৰিমানতকৈ বাঢ়ি যায় তেতিয়া ই আমাৰ বাবে শত্ৰুৰ দৰে হৈ পৰে। LDL বা ল' দেনচিটি কলেষ্টৰল (low density lipoprotein) বেছি হ'লে তেজৰ নলীৰ বেৰত জমা হৈ তেজৰ চলাচল বাধাপ্ৰাপ্ত কৰিব পাৰে । হাৰ্ট এটেক , স্ট্রোক আদিৰ বাবে জগৰীয়া এই LDL কলেষ্টৰল। কিন্তু HDL কলেষ্টৰলে (যাক উপকাৰী কলেষ্টৰল বুলিও কোৱা হয় ) তেজৰ প্ৰবাহ নিয়মীয়া কৰি ৰাখে, অপকাৰী LDL কলেষ্টৰল নিষ্কাশন কৰে যাৰ বাবে ই হাৰ্টৰ বহু ৰোগ হোৱাত বাধা প্ৰদান কৰে।

ঠিক তেনেকৈ ট্ৰাইগ্লিচাৰাইড আমাৰ শৰীৰৰ চৰ্বী কোষত সঞ্চিত থাকে। আমি খোৱা খাদ্যৰ কাৰ্বোহাইড্ৰেট, প্ৰটিন, স্নেহৰ অতিৰিক্ত  কেলৰিখিনি শৰীৰত ট্ৰাইগ্লিচাৰাইড হিচাবে সঞ্চিত হৈ থাকে। শৰীৰত যেতিয়াই শক্তিৰ প্ৰয়োজন হয় তেতিয়াই শৰীৰে এই  ট্ৰাইগ্লিচাৰাইডৰ পৰা শক্তি আহৰণ কৰে। আমি যদি অত্যাধিক পৰিমানে কাৰ্বোহাইড্ৰেট আৰু চৰ্বিযুক্ত খাদ্য খাবলৈ লওঁ তেন্তে এই ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বৃদ্ধি হয়। ট্ৰাইগ্লিচাৰাইড বৃদ্ধি হ'লে স্ট্রোক, হাৰ্ট এটেক, যকৃত বৃদ্ধি, প্লীহা বৃদ্ধি আদি হোৱাৰ সম্ভাৱনা থাকে। আমাৰ তেজত থকা ট'তেল কলেষ্টৰলৰ স্বাভাৱিক বা নৰ্মেল পৰিমাণ  ২০০মি:গ্ৰা:/ দে.লি (200 mg/dl ) ৰ কম থাকিব লাগে।

ঠিক তেনেকৈ LDL কলেষ্টৰলৰ পৰিমাণ ১৩০ মি:গ্ৰা:/ দে:লি ( less than 130 ml/dl) ৰ কম, HDL কলেষ্টৰল ৪০ ৰ পৰা ৬০ মি:গ্ৰা : ৰ ভিতৰত (বেছি থাকিলে ভাল) আৰু ট্ৰাইগ্লিচাৰাইড ১৫০ মি:গ্ৰা: /দে:লি ( less than 150 mg/dl )ৰ কম থাকিব  লাগে। সঠিক খাদ্যভ্যাস অৰ্থাৎ  পথ্য অপথ্য, শাৰীৰিক পৰিশ্ৰম আৰু কিছু নীতি নিয়ম মানি চলিলে কলেষ্টৰল,  ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি আৰু নিজকে সাম্ভাব্য বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি। তাৰে কেইটামান  পথ্য অপথ্য আৰু দিহা হৈছে:-

(১). নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰক। খোজ কঢ়া, ব্যায়াম, যোগ , আসন, প্রানায়ম আদিও উপকাৰী।

(২). মেদবহুল ব্যক্তিয়ে ওজন কম কৰাত গুৰুত্ব দিয়ক।

(৩). সেউজীয়া শাকপাচলি, ফলমূল প্ৰচুৰ পৰিমাণে খাওক।

(৪). সংপৃক্ত স্নেহ ( saturated fats) , ট্ৰান্স ফেত থকা খাদ্য যিমান পাৰে কম খাওক।যেনে মাংস , চিজ, মাখন, পনীৰ, বেকাৰীত বনোৱা খাদ্য, বেছি তেলত ভজা খাদ্য, সংশ্লেষিত খাদ্য ( processed food), নাৰিকল তেলত বনোৱা কলৰ চিপছ বা অন্য খাদ্য আদি।

(৫). অমেগা 3 ফেতি এচিড থকা খাদ্য যেনে আখৰুট, চালমন , ফ্লেক্সচিড ( flaxseed) গ্ৰহণ কৰক। মন' আনচেচুৰেটেড ফেত (monounsaturated fat) থকা খাদ্যই অপকাৰী LDLকলেষ্টৰল কম কৰে আৰু উপকাৰী HDL কলেষ্টৰল বৃদ্ধি কৰে। সেয়েহে অলিভ অইল , আলমণ্ড , তিল অইল উপকাৰী। ঠিক তেনেকৈ পলিআনচেচুৰেটেড ফেত (polyunsaturated fat) থকা খাদ্য টুনা মাছ, চালমন, ফিছ অইল, আদি উপকাৰী।

৬). দ্ৰৱনীয় আহযুক্ত ( soluble fiber) খাদ্য যেনে অ'টচ, ৰাজমাহ, আপেল, নাচপতি, ষ্ট্ৰবেৰী, ভেন্দি উপকাৰী।

(৭). অতিৰিক্ত কেলৰি গ্ৰহণ নকৰিব । অৰ্থাৎ অত্যাধিক চেনি বা মিঠা খাদ্য, আইস্ক্ৰীম, পেকেটত থকা ফলৰ ৰস আদি যিমান পাৰে কমাই খাওক।

(৮). মদ্যপান, চিগাৰেট সেৱন, মানসিক চাপ এৰাই চলক।

ইয়াৰ উপৰিও আমি আমাৰ দৈনন্দিন খাদ্যতালিকাত ব্যৱহাৰ কৰা সাধাৰণ যেন লগা অথচ অসাধাৰণ ঔষধি গুনেৰে ভৰপূৰ খাদ্য দ্ৰব্য কিছুমানে এই কলেষ্টৰল, ট্ৰাই গ্লিচাৰাইড কম কৰাত সহায় কৰে। তেনে কিছুমান ঔষধি দ্ৰব্য কি কি জানোচোন আহক:-

নহৰু :- কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰাত নহৰু বহু উপকাৰী। কেঁচাই খালে বেছি সুফল পোৱা যায়। যিসকলে কেঁচাই খাব নোৱাৰে তেওঁলোকে যিকোনো ব্যঞ্জনৰ লগত বা চাটনিত দি খাব পাৰে। দৈনিক তিনি বা পাঁচ ফুটা নহৰু খাব পাৰি। ই উচ্চ ৰক্তচাপ কম কৰাতো সহায় কৰে।

আদা:- আদাত থকা জিনজাৰল নামৰ যৌগই তেজৰ বৰ্ধিত কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰাত সহায় কৰে। খাদ্যৰ লগত দৈনিক কিছু পৰিমানে আদা সেৱন কৰক। নাইবা জিনজাৰ টি বনাইও খাব পাৰে। এক ইঞ্চি জোখৰ সৰুকৈ  আদা কুটি লৈ দুকাপ পানীৰ লগত উতলাই একাপ থাকোতে জুইৰ পৰা নমাই থব। ঠাণ্ডা হোৱাৰ পাছত নেমুৰ ৰস আৰু মৌ দি সেৱন কৰক।

নেমু:- নেমুৱে চৰ্বি কম কৰাত সহায় কৰে। সেয়েহে ইয়াক ফেত কাটাৰ বুলিও কোৱা হয়। নেমুৱে কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰি হাৰ্টৰ বহু ৰোগ হোৱাত বাধা দিয়ে। নেমুৰ চৰবত, নেমুৰ চাহ বা লেমন টি যিয়ে খাই ভাল পায় খাওক আৰু কলেষ্টৰল সমস্যাত সুফল পাব। কুহুমীয়া পানীৰ লগত নেমুৰ ৰস আৰু মৌ মিহলাই নিয়মীয়াকৈ ৰাতিপুৱা খালি পেটত সেৱন কৰিলেও সুফল পাব।

হালধি : কেঁচা হালধীয়ে তেজৰ বৰ্ধিত কলেষ্টৰল , ট্ৰাইগ্লিচাৰাইড নিষ্কাশন কৰাত মুখ্য ভূমিকা পালন কৰে। তেজৰ নলিকাত জমা হোৱা কলেষ্টৰল যকৃতলৈ পুনৰ লৈ আনি তেজৰ প্ৰবাহ সুচল কৰাত সহায় কৰে। সেয়েহে কলেষ্টৰল সমস্যাত ভোগা সকলৰ বাবে হালধি সেৱন বৰদান স্বৰূপ। মাজে মাজে কেঁচা হালধীৰ ৰস সেৱন কৰিলেও সুফল পোৱা যায় ।

ডালচেনি:- ডালচেনি বহু ৰোগত উপকাৰী। ই LDL কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰাটো সহায় কৰে। ডালচেনিৰ চাহ বনাই খালেও সুফল পোৱা যায়। এডোখৰ ডালচেনি পৰা একাপ চাহ বনাব পাৰে। নাইবা ব্যঞ্জনৰ লগত ডালচেনিৰ গুৰি দিবও পাৰে। পৰিমাণ বেছি নলব, পাৰ্শ্বক্ৰিয়া থাকিব পাৰে।

তুলসী:- তুলসীৰ ঔষধি গুণ অপৰিসীম। ই LDL কলেষ্টৰল কম কৰে আৰু উপকাৰী HDL কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰি হাৰ্টৰ বহু ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও ই শৰীৰ শোধন বা দিতক্স কৰে, ইউৰিক এচিড সমস্যাও কম কৰে। নিতৌ দুখিলাৰ পৰা পাঁচ খিলা তুলসী পাত সেৱন কৰিলে কলেষ্টৰলৰ উপৰিও আন বহুতো ৰোগৰ উপশম হয়।

পদিনা:- পদিনাইও কলেষ্টৰল কম কৰাত সহায় কৰে। নিয়মীয়াকৈ কেঁচা পদিনাৰ চাটনি বা পদিনাৰ চাহ সেৱন কৰিলে সুফল পোৱা যায়।

মেথিগুটি :- মেথিগুটিয়ে LDL কলেষ্টৰল কম কৰাত সহায় কৰে। দৈনিক খাদ্যতালিকাত মেথিগুটিৰ ব্যৱহাৰ কৰক।

পচলা:- কলপচলাত প্ৰচুৰ পৰিমাণে আঁহ, বিভিন্ন এন্টিঅক্সিডেন্ট আদি থাকে । সেয়েহে ই তেজৰ অপকাৰী কলেষ্টৰল আৰু উচ্চ ৰক্তচাপ কম কৰাত সহায় কৰে।

আমলখি:- এন্টিঅক্সিডেন্ট যুক্ত আমলখি উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যা আৰু হাৰ্টৰ বিভিন্ন ৰোগত উপকাৰী। আমলখিৰ ৰস আৰু আমলখিৰ গুৰি দুয়োটাই উপকাৰী। কেঁচা আমলখিৰ ৰস মৌ দি খালেও সুফল পোৱা যায়।

আৰু দুবিধমান ঔষধি আছে যি বহু ৰোগত উপকাৰী বুলি প্ৰমাণিত হৈছে। সেয়া হৈছে-

 গ্ৰীণ টি :- বৰ্তমান সময়ত প্ৰায় সকলো স্বাস্থ্য সচেতন ব্যক্তিয়েই গ্ৰীণ টি সেৱন কৰে। ই কলেষ্টৰল সমস্যা, মেদবহুলতা, উচ্চ ৰক্তচাপ,  ডায়েবেটিচ আদি বহু ৰোগত উপকাৰী।

ষ্টেভিয়া :- বৰ্তমান সময়ত স্বাস্থ্য সচেতন বহু লোকে অৰ্গেনিক ষ্টেভিয়াৰ ব্যৱহাৰ কৰে। ইয়াৰ বৈজ্ঞানিক নাম Stevia rebaudiana । এইবিধ ঔষধিৰ মূল বাসস্থান দক্ষিণ আমেৰিকা। কিন্তু বৰ্তমান আন আন দেশ আনকি ভাৰততো ইয়াৰ খেতি জৈৱিক পদ্ধতিৰে কৰা হৈছে। সোৱাদত ই চেনিতকৈ শতগুনে বেছি মিঠা। ইয়াক চেনিৰ বিকল্প হিচাবেও ব্যৱহাৰ কৰা হৈছে। ডায়েবেটিচ, উচ্চ ৰক্তচাপ, কলেষ্টৰল, মেদবহুলতা আদি বিভিন্ন ৰোগত ষ্টেভিয়াৰ ব্যৱহাৰ চমকপ্ৰদ। ইয়াৰ পৰা বনোৱা চাহ বহু ৰোগৰ উত্তম ঔষধি।

আমি খাই থকা কিছুমান ব্যঞ্জনে আমি নজনাকৈয়ে বহুত ৰোগৰ পৰা ৰক্ষা কৰি আছে। যেনে ধৰক আমাৰ প্রিয় পদিনাৰ চাটনি খন। ইয়াত থকা উপকৰণ যেনে পদিনা, আদা, নহৰু, নেমু আটাইকেইটা কলেষ্টৰল কম কৰাত উপকাৰী। ঠিক তেনেকৈ পাচপুৰণত থকা মেথি, গৰম মচলাত থকা ডালচেনি আদিও এই সমস্যাত উপকাৰী। ভাবিলে আচৰিত লাগে কিন্তু সঁচা নহয় জানো? জীৱনশৈলী আৰু খাদ্যভ্যাস সলনি নকৰিব । যিমান পাৰে  সুষম, সন্তুলিত ,পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।

বি: দ্ৰ: - এইবোৰ সমস্যাত ভোগা ৰোগীয়ে উপৰোক্ত দিহা সমূহৰ উপৰিও নিয়মিত লিপিড প্ৰফাইল পৰীক্ষা আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লগতে পঢ়ক-Ayurveda: পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক উপায়

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী, ফোন 7399114617

English Summary: Ways to reduce cholesterol, triglyceridron problems-
Published on: 11 July 2022, 11:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now