Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 May, 2022 6:30 PM IST
Skin Diseases and its Remedies in Ayurbed

ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ। যি আমাৰ ব্যক্তিত্ব ধৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়ে আমি সকলোৱে ছালখন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। বৰ্তমান সময়ত ছালৰ নানান সমস্যা দেখা দিয়া পৰিলক্ষিত হয়। স্বাস্হ্যকৰ জীৱনশৈলী আৰু খাদ্যভাসে ছালত বাৰুকৈয়ে প্ৰভাৱ পেলায়। বিশেষকৈ বাৰিযা কালত আমাৰ শৰীৰৰ উষ্ণতা প্ৰকোপিত হোৱাৰ ফলত ছালৰ নানান সমস্যাই দেখা দিয়ে।

ছালৰ সমস্যাৰ কাৰণসমূহ

আয়ুৰ্বেদ অনুসৰি বিসংগতিপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্হ্যকৰ খাদ্যভাসৰ ফলত ছালৰ ৰোগ হয়। সেইসমূহ হৈছে-

  • অতিমাত্ৰ ভোজন।

  • ৰুক্ষ, শীতল, নিমখীয়া, জ্বলা আৰু টেঙাজাতীয় আহাৰ সেৱন।

  • আগতে খোৱা খাদ্য হজম নোহোৱাকৈ পুনৰ খাদ্য গ্ৰহণ।

  • ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰা

  • অতি মাত্ৰা ৰ’দ বা গৰম ঠাইৰ পৰা আহি লগে লগে ঠাণ্ডা পনীৰে গা ধোৱা।

  • অত্যাধিক শাৰীৰিক পৰিশ্ৰম, মানসিক চাপ।

  • অতিমত্ৰা, দৈ, মাছ, গাখীৰ সেৱন কৰা।

  • কোষ্ঠবদ্ধতা।

  • অত্যাধিক চাহ, কফি, এলকহল সেৱন।

  • দিনত শোৱা আদি।

ওপৰোক্ত কাৰণসমূহৰ প্ৰভাৱত আমাৰ শৰীৰত পিত্ত দোষ প্ৰকোপিত হয়। পিত্তই আমাৰ ছালত থিতাপি লৈ আন দোষ (বাত, কফ) আৰু শৰীৰৰ ধাতুসমূহক দূষিত কৰি ছালত নানা ৰোগৰ সৃষ্টি কৰে। তাৰ ভিতৰত একজিমা (Eczema), ছৰিয়’ছিছ (Psoriasis), খজুৱতি, শালমইনা, এৰিথ্ৰোডাৰ্মা (Erythroderma), ভিটিলিগ’, ফটোচেনচিভিটি (Photosensivity)

প্ৰতিৰোধৰ উপায়ঃ সঠিক খাদ্যভাস আৰু জীৱনশৈলীৰে ছালৰ ৰোগসমূহৰ পৰা আঁতৰি থাকিব পাৰি। যেনে-

  • জ্বলা, মচলা আৰু টেঙাজাতীয় আহাৰ ত্যাগ কৰা।

  • ছিন্থেটিক কাপোৰ বৰ্জন কৰি ঢিলা কপাহী কাপোৰ পৰিধান কৰা উচিত।

  • গা মচিবলৈ মিহি, কোমল টাৱেল ব্যৱহাৰ কৰিব লাগে।

  • অত্যাধিক চাহ কফি ত্যাগ কৰা।

  • এলকহল, ধূমপান পৰিত্যাগ কৰা।

  • ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াবলৈ ভূজাংগাসন, অগ্নিসাৰ আসন, প্ৰণায়াম ইত্যাদি কৰা উচিত।

  • অধাৰণীয় ৰোগ যেনে শৌচ, পেচাব আদি ধাৰণ নকৰা।

চিকিসাঃ আয়ুৰ্বেদত ৰোগ সৃষ্টিকাৰী কাৰকসমূহ পৰিত্যাগ কৰা অৰ্থাৎ নিদান পৰিবৰ্জন কৰিবলৈ উপদেশ দিছে। ইয়াৰ উপৰিও বিবিন্ন ধৰনৰ পঞ্চকৰ্ম যেনে-বিৰেচন, ৰক্তমোক্ষণ, ইত্যাদিৰ জৰিয়তে ৰোগীৰ শৰীৰৰ শোদন কৰা হয়।

আয়ুৰ্বেদত ৰোগৰ প্ৰকাৰ আৰু ৰোগী অনুযায়ী বিভিন্ন শাস্ত্ৰীয় ঔষধি ব্যৱহাৰ কৰা হয়। যেনে-নিম, পঞ্চতিক্তঘৃত গুগুলু, আৰোগ্যবৰ্ধিনী বটী, গন্ধক ৰসায়ন, ৰস মানিক্য, খদিৰাৰিষ্ট ইত্যাদি তথা মহামৰিচ্যাদি তেল, নিৰ্গুণ্ডি তেল, গন্ধকাদি মলম লগাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু এইসমূহ ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত। এতিয়া আমি কেইবিধমান ছালৰ ৰোগৰ বিষয়ে জানো আহক।

একজিমা (Eczema):

ছালৰ এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ভিতৰত একজিমা অন্যতম। এই সমস্যা বিষেষকৈ ৫ বছৰ বয়সৰ আগতে দেখা যায় যদিও সকলো সময়তে হ’ব পাৰে। একজিমাৰ লক্ষণসমূহ হৈছে-ছাল ৰঙা পৰা, শুকান চকলা চকল ছাল, ছাল উখহি উঠা, জ্বলা পোৰা, অসহ্য খজুৱতি ইত্যাদি। আয়ুৰ্বেদত একজিমাক বিবিৰ্চিকা নামেৰে জনা যায়। এই ৰোগ বিশেষকৈ হাত, ডিঙি, মুখ আৰু ভৰিত হয় যদিও সকলো অংশতে হ’ব  পাৰে।

একজিমা নিৰাময়ৰ ঘৰুৱা উপায়ঃ

  • ২০-৩০ খিলামান নিমপাত ৪ ৰ পৰা ৫ কাপ পানীত ২০ মিনিটমান উতলাই ক্কাথ তৈয়াৰ কৰি ল’ব। ঠাণ্ডা হ’লে আক্ৰান্ত ঠাইত লগাই পিছত পানীৰে ধুই দিব।

  • এক চামুচ য়ষ্টিমধু শিপাৰ গুৰিৰ লগত অলপ তিল তেল মিলাই এটা পাত্ৰত গৰম পানীত মিলাই ল’ব। আক্ৰান্ত ঠাইত লগাই ৩-৪ ঘণ্টাৰ বাবে বেণ্ডেজেৰে মেৰিয়াই ৰাখিব। দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব।

  • এলোভেৰা জেল বা নাৰিকল তেল লগালেও যথেষ্ট আৰাম পায়।

  • অতিমাত্ৰা খজুৱতি হ’লে ১০০ মিঃ লিঃ তেলৰ লগত এক চামুচ কৰ্পূৰ গুড়ি মিলাই লগালে খজুৱতি কমে।

  • অলিভ অইল বা নিম তেল লগালেও চালৰ শুষ্কতা কমে।

  • চন্দন পেষ্ট গোটেই লগাই ৰাখিব পাৰে।

  • হালধি গুড়ি পানীত উতলাই ল’ব। ঠাণ্ডা হ’লে আক্ৰান্ত ঠাইডোখৰ এই পানীৰে ধূব।

  • টিয়হ চকলা চকলকৈ কাটি দুঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিব। পিছত পানীখিনি চেকি লৈ চাফা কাপোৰ এখনেৰে লগাব।

ছৰিয়ছিছ (Psoriosis):

ছৰিয়’ছিছ হৈছে এবিধ Auto Immune  ৰোগ। এইবিধ ৰোগত ছালখন ৰুক্ষ, ডাঠ হৈ পৰে, দেখিবলৈ মাছৰ বাকলিৰ নিচিনা হয়। খজুৱতি ইত্যাদি থাকে। এই সমস্যা হাত আৰু ভৰিৰ নখতো হয়। লগতে ছালৰ ওপৰত ৰূপালী ৰঙৰ ডাঠ তৰপৰ সৃষ্টি হয়। পুৰণি হলে  ছৰিয়’ছিছ আৰ্থ্ৰৰাইটিছ অৰ্থাৎ গাঁঠিৰ বিষ আৰু গাঁঠি ফুলিব পাৰে।

ছৰিয়ছিছ ৰোধ কৰাৰ উপায়ঃ

কুহুমীয়া গৰম পানীৰ লগত অলিভ অইল মিলাই গা ধুব। খোৱা খাদ্যত হালধি অন্তৰ্ভূক্ত কৰা উচিত। ইয়াৰ উপৰিও ভিটামিন ডি যুক্ত আহাৰ, মাছৰ তেল, ওমেগা ৩ ফেটি, এচিডযুক্ত আহাৰ, বাদামজাতীয় খাদ্য কোৱা উচিত।

শালমইনাঃ

শালমইনা বিশেষকৈ যৌৱন অৱস্হাত হয় বাবে আয়ুৰ্বেদত ইয়াক যৌৱন পিড়িকা নামেৰে জনা যায়। শালমইনা সাধাৰণতে কপাল, গালৰ দুয়োকাষ, নাকৰ ওপৰত আৰু থুঁতৰিত বেছিকৈ হয়। তেলেতীয়া ছাল আৰু উফি এই সমস্যাৰ মুখ্য কাৰণ।

শালমইনা নিৰাময়ৰ ঘৰুৱা উপায়ঃ

  • দুচামুচ মৌ আৰু একচামুচ ডালচেনি মিলাই পেষ্ট বনাই ল’ব। মুখখন চাফা কৰি এই পেষ্ট ১০-১৫ মিনিটৰ বাবে লগাই পিছত ধুই দিব।

  • জায়ফল পানীৰ লগত মিহলাই পেষ্ট বনাই ১০-১৫ মিনিটৰ বাবে লগাই পিছত পানীৰে ধুব। দিনে দুবাৰকৈ লগাব।

  • লং পানীৰ লগত মিহলাই পেষ্ট বনাই ১০-১৫ মিনিট লগাই ধুই দিব। দিনে এই উপায় দুবাৰকৈ কৰিব।

  • চন্দন পেষ্ট দিনে দুবাৰকৈ ১০-১৫ মিনিট সময় লগাই থব।

  • মচুৰ দাইল, হালধি, ন্মুৰ ৰস মিলাই পেষ্ট বনাই ১০-১৫ মিনিটৰ বাবে লগাই থ’ব।

  • কেঁচা নহৰু দিনটোত লগাই থাকিব। ই বিষ নিৰাময় কৰাৰ লগতে শালমইনা শুকুৱাত সহায় কৰে।

খজুৱতিঃ চালত খৰ খজুৱতি বহুত কাৰণত হ’ব  পাৰে। যেনে-

  • শুকান ছাল

  • সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত চান বাৰ্ন হ’লে।

  • কিছুমান ঔষধৰ পাৰ্শক্ৰিয়া হ’লে।

  • মহ বা অন্যান্য পোক পৰুৱাচই কামুৰিলে।

  • ফাংগেল ইনফেকচন, ৰিংৱৰ্ম ইত্যাদি।

খজুৱতি নিৰাময়ৰ ঘৰুৱা উপায়ঃ

  • নিম তেল বা নিম পাতৰ পেষ্ট লগালে খজুৱতি কমে।

  • পদিনা পাত গুড়ি কৰি আক্ৰান্ত ঠাইত লগালে আৰাম পায়।

  • তুলসী পাতৰ ৰস ছালত লগাই ঘঁহিব।

  • দুই চামুচ দালচেনি গুৰি কৰি মৌৰ লগত মিহলি কৰি ১০-১৫ মিনিট লগাই দুই দিব।দিনে তিনিবাৰকৈ লগাব।

  • ৬ চামুচ নাৰিকল তেলৰ লগত ৪ চামুচ নেমুৰ ৰস মিলাই কুহুমীয়াকৈ গৰম কৰি গোটেই ৰাতি লগাই থ’ব।

  • এলোভেৰা জেল বা নেমু ৰস লগালেও খজুৱতি কমে।

গতিকে ওপৰোক্ত নিয়মাৱলীসমূহ মানি চলি আমি ছালৰ নানান সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।

লেখক- ডাঃ বিজিতা চুতীয়া

জ্যেষ্ঠ গৱেষক এ চিকিৎসক (আয়ুৰ্বেদ)

 লগতে পঢ়ক-মানিমুনিৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু কথা-

 

English Summary: Various Skin Disease and Its Remedies
Published on: 27 May 2022, 06:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now