মধুমেহ অথবা ডায়বেটিছ হৈছে এটা গুৰুতৰ ৰোগ, যি এবাৰ কাৰোবাৰ হ'লে গোটেই জীৱনটো ইয়াৰ সৈতে সম্পৰ্কিত হৈ পৰে। মধুমেহৰ হ'লে, শৰীৰত সঠিক পৰিমাণত ইনচুলিন প্ৰস্তুত নহয় বা শৰীৰে ইয়াক সঠিক পৰিমাণত ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়, যাৰ ফলত বহুতো সমস্যাৰ উদ্ভৱ হয়।
ইনচুলিনৰ অভাৱৰ বাবে বহুতো কোষ আৰু অঙ্গ প্ৰভাৱিত হয়। মধুমেহৰ ফলত হৃদৰোগত আক্রান্ত হোৱা, দৃষ্টিশক্তি দুৰ্বল হৈ পৰা আৰু বৃক্কৰ সমস্যা বৃদ্ধি হোৱাৰ আশংকা অধিক হয়।
মধুমেহত আক্রান্ত হোৱাৰ ৪ টা মুখ্য কাৰণঃ
১. আনুবংশিক কাৰণ
সমগ্ৰ বিশ্বতে কৰা গৱেষণাত, দেখা গৈছে যে যদি কাৰোবাৰ পৰিয়ালৰ কোনো সদস্য মধুমেহত আক্রান্ত হৈছে, তেনেহ'লে তেওঁৰ পিছৰ প্ৰজন্ম মধুমেহত আক্রান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি হয়।
২. অস্বাস্থ্যকৰ জীৱনশৈলী
মানুহৰ শৰীৰ সদায় সক্ৰিয় হৈ থকাটো অতি গুৰুত্বপূৰ্ণ, যিসকলে ব্যায়াম নকৰে বা শৰীৰটোক সক্রিয় কৰি নাৰাখে, তেনে লোকৰ দীৰ্ঘম্যাদী ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়। সেয়েহে, প্ৰতিদিনে কমেও এক ঘণ্টাৰ বাবে ব্যায়াম কৰিব লাগে।
৩. অত্যাধিক মিঠা খোৱা
কিছুমান লোকে অধিক মিঠাই খাবলৈ ভাল পায়, কিন্তু তেওঁলোকে জনাটো উচিত যে ই মধুমেহত আক্রান্ত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি কৰে কিয়নো কেলৰি বৃদ্ধি হৈছে মধুমেহৰ এক মুখ্য কাৰণ। সেয়েহে, মিঠা বস্তু সীমিত পৰিমাণত খাব লাগে।
৪. মেদবহুলতা
যদি কাৰোবাৰ ওজন একেৰাহে বাঢ়ি গৈ আছে, তেন্তে তেওঁলোকে আজিৰ পৰা ব্যায়াম কৰিবলৈ আৰম্ভ কৰক, কিয়নো মেদবহুলতা বৃদ্ধি হ'লে শৰীৰৰ ভিতৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে আৰু লাহে লাহে ই মধুমেহত আক্রান্ত হোৱাৰ আশংকা বৃদ্ধি কৰে।
যদি সকলোৱে মধুমেহৰ পৰা দূৰত থাকিব বিচাৰে, তেন্তে প্ৰথমে স্বাস্থ্যৰ বিষয়ে সতৰ্ক হোৱাটো উচিত। ইয়াৰ বাবে, অস্বাস্থ্যকৰ জীৱনশৈলী ত্যাগ কৰা আৰু স্বাস্থ্যকৰ খাদ্য খোৱাটো অভ্যাসত পৰিণত কৰিব লাগিব।