1. স্বাস্হ্য আৰু জীৱন

অৱশেষত গৱেষকেও কৈ দিলে- ‘ঠাণ্ডা দিনত দৈনিক গা ধোৱাৰ প্ৰয়োজন নাই!’

KJ Staff
KJ Staff
Bath in winters
Bath in winters

দেশৰ অধিকাংশ ৰাজ্যই বৰ্তমান শীতৰ কবলত। উত্তৰ ভাৰতত পাৰাস্তম্ভ ৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত নিম্নগামী হোৱাৰ লগতে পূব ভাৰততো শীতৰ প্ৰকোপ আৰম্ভ হৈছে। এই শীতৰ দিনকেইটাত স্বাস্থ্যজনিত বিভিন্ন সমস্যাই দেখা দিয়ে। এনে নহ’বৰ বাবে কিছুমান লোকে গা গৰম কৰি ৰাখিবলৈ জুই বা হিটাৰৰ সেক লয়। আন একাংশই আকৌ ঠাণ্ডা লগাৰ ভয়ত শীতৰ দিনকেইটাত গা ধোৱাৰ পৰাই আঁতৰি থাকে। শীতকালত দৈনিক গা নোধোৱা মানুহে আনৰ পৰা বহু কথা শুনিব লগা হয়। কিছুমানে ধেমালি কৰে আৰু কিছুমানে বিভিন্ন ঠাট্টা-মস্কৰা কৰে। শীতকালৰ ঠেৰেঙা লগা পুৱা গা ধোৱাৰ কথা আহিলে বেছিভাগ মানুহৰে বুকু কঁপি যায়। অৱশ্যে শীতকালত গা নোধোৱা লোকৰ বাবে এটা ভাল খবৰ আছে। এই খবৰ জনাৰ পাছত এতিয়া গা নোধোৱাকৈ থাকিলেও কোনেও আপোনাক ঠাট্টা কৰিব নোৱাৰিব।

শেহতীয়া গৱেষণাত প্ৰকাশ পোৱা অনুসৰি শীতকালত দৈনিক গা ধোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। যিসকল লোকে শীতকালত দৈনিক গা ধুই থাকিবলৈ বেয়া পায়, তেওঁলোকৰ বাবে এইটো নিশ্চয় এটা ভাল খবৰ। শীতকালত দৈনিক গা ধোৱাৰ কু-ফল কি কি জানি লওক-

বষ্টনৰ ৰেঞ্চ’লজিষ্ট ডাঃ ৰেনেলাৰ মতে, শীতকালত দৈনিক গা ধোৱাৰ প্ৰয়োজন নাই। তেওঁ কয় যে ছালত নিজে নিজে পৰিষ্কাৰ হোৱাৰ ক্ষমতা থাকে। যদি ঘাম নোলায় আৰু ধূলি বা মাটি গাত নালাগে, তেন্তে শীতকালত দৈনিক গা নুধুলেও হয়।

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শীতকালত দৈনিক গৰম পানীৰে গা ধুলে ছাল শুকান হয়। গৰম পানীৰে গা ধুলে ছালৰ প্ৰাকৃতিক তেল আঁতৰি যায়, যাৰ বাবে ছাল ফাটিবলৈ আৰম্ভ কৰে। অত্যধিক গা ধোৱাৰ ফলত ছালখন চেপেটা আৰু শুকান হৈ পৰে, কাৰণ ই আৰু আৰ্দ্ৰ বা সুৰক্ষিত হৈ নাথাকে।

তদুপৰি প্ৰতিদিনে গা ধুলে ছালৰ পৰা ভাল বেক্টেৰিয়া আঁতৰি যায়, যিবোৰ ছালে নিজকে সুস্থ কৰি ৰাখিবলৈ আৰু ৰাসায়নিক সামগ্ৰী বা বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰিবলৈ উৎপন্ন কৰে। এই কাৰণেই ছালৰ বিশেষজ্ঞসকলে শীতকালত গা ধোৱাটো সপ্তাহত দুদিন বা তিনিদিনত এবাৰলৈ সীমিত ৰখাৰ পৰামৰ্শ দিয়ে।

লগতে পঢ়কঃ কৃষকৰ পথাৰত প্ৰকৃতিৰ ধ্বংসলীলাঃ শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত ১৮৫ বিঘা শস্য ভূমি

English Summary: Study says there is no need to shower everyday in winters

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.