1. স্বাস্হ্য আৰু জীৱন

ঠাণ্ডা দিনত আপোনাৰো হয় নেকি গাৰ বিষ?

KJ Staff
KJ Staff
Body pain in winters
Body pain in winters

শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চালণ প্ৰক্ৰিয়া ধীৰ হয়। গাৰপৰা অধিক তাপ ওলাই যোৱাত বাধা প্ৰদান কৰিবৰ বাবে ছাল, হাত, ভৰি আদি অংগলৈ তেজ চলাচলৰ পৰিমাণ কমি যায়। ফলস্বৰূপে হাত আৰু ভৰিৰ মাংসপেশী আৰু গাঁঠিসমূহ কম অক্সিজেনৰ পৰিৱেশ এটাৰ মুখামুখী হয়- যিয়ে সেই অংশবোৰত বিষৰ অনুভৱ কৰায়।

গাঁঠিবোৰ আগুৰি থকা কোমল কলাসমূহৰ নমনীয়তা ঠাণ্ডা পৰিৱেশত কমি আহে, ফলত গাঁঠিবোৰ তুলনামূলকভাৱে কঠিন আৰু দৃঢ় যেন হয়- যিয়ে বিষৰ মাত্ৰা বঢ়াই তোলে।

শীতকালীন ফ্লু আদি কিছুমান ভাইৰাছৰ সংক্ৰমণ বেছি হ’ব পাৰে। এইধৰণৰ ভাইৰাছৰ সংক্ৰমণে মাংসপেশী আৰু গাঁঠি আদিত প্ৰতিক্ৰিয়ামূলক প্ৰদাহৰ সৃষ্টি কৰে, যিয়ে বিষ অনুভৱ কৰোৱায়। ফলত পূৰ্বে কোনো ধৰণৰ বিষৰ সমস্যাত নোভোগা লোকেও বিষৰ সমস্যাৰ মুখামুখী হয়। এনে ভাইৰাছ সংক্ৰমণৰ প্ৰতিক্ৰিয়াজনিত বিষ সচৰাচৰ দীৰ্ঘস্থায়ী নহয় আৰু সময়ত নিজে নিজে ভাল হৈ যায়। অৱশ্যে কেতিয়াবা মাহ- দিনলৈ এনে বিষ থাকিব পাৰে।

চেঁচা পৰিৱেশৰ মুখামুখী হ’লে কিছুমান ব্যক্তিৰ হাত আৰু ভৰিৰ আঙুলিৰ ৰক্তপ্ৰৱাহী নলিকাবোৰ নিজে নিজে চেপা খাই বা কোঁচ খাই পৰে। এই অৱস্থাটোকে ৰে’নওড্‌ছ পৰিঘটনা বুলি কোৱা হয়।

ৰক্তপ্ৰৱাহী নলিকা চেপা খাই পৰাৰ ফলত আঙুলিলৈ স্বাভাৱিক তেজ চলাচল ব্যাঘাতপ্ৰাপ্ত হয়। সংশ্লিষ্ট এলেকা প্ৰথমে শেঁতা পৰি পিছলৈ নীলা বৰণীয়া হ’ব ধৰে আৰু তীব্ৰ বিষ অনুভৱ হয়। পুৰুষতকৈ নাৰীৰ প্ৰায় পাঁচগুণ অধিক হাৰত এই পৰিঘটনা হোৱা দেখা যায়।

ঠাণ্ডাৰ প্ৰত্যক্ষ প্ৰভাৱত শৰীৰৰ কঁকাল, ডিঙি, উৰুত, কলাফুল, বাউসি আদি বিভিন্ন অংশৰ মাংসপেশী সংকোচনৰ ফলত সিৰামুৰি দি ধৰিব পাৰে আৰু বিষ অনুভৱ হয়। মুৰৰ বিষৰ প্ৰাদুৰ্ভাৱো শীতকালি কিছু বেছিকৈ হোৱা পৰিলক্ষিত হয়। মূৰৰ বিভিন্ন মাংসপেশী বিশেষকৈ লাওখোলা সংলগ্ন আৰু লাওখোলাৰ পাছফালে লাগি থকা ডিঙিৰ মাংসপেশীৰ শীতজনিত সংকোচনৰ ফলত মূৰ বিষাব পাৰে। মূৰৰ বিষৰ লগতে ডিঙিৰ বিষ আৰু ডিঙিটো লৰচৰ কৰিব নোৱাৰাকৈ টানি ধৰিব পাৰে।

শীতজনিত গাৰ বিষৰপৰা উপশম পোৱাৰ বাবে প্ৰথম কৰণীয় হ’ল শৰীৰটো স্বাভাৱিকভাৱে উমাল কৰি ৰখা। ইয়াৰ বাবে আমি শৰীৰৰ ভিতৰত অধিক তাপ উৎপাদন আৰু উৎপন্ন তাপ শৰীৰৰপৰা ওলাই যোৱাৰ হাৰ কমোৱা- দুয়োটা চেষ্টাই কৰিব লাগিব। শৰীৰৰপৰা অধিক মাত্ৰাত তাপ ওলাই যোৱা ৰোধ কৰিবলৈ উচিত ধৰণে শৰীৰটো কাপোৰেৰে আৱৰি ৰাখিব লাগে। গা অংশৰ উপৰি মণিবন্ধ, ভৰিৰ সৰু গাঁঠি আৰু হাত-ভৰিৰ আঙুলি ঢকাকৈ উপযুক্ত মোজা তথা মূৰত উপযুক্ত টুপী পৰিধাণ কৰিব লাগে। ঠাণ্ডা বুলি সকলো সময়তে শুই আৰু বহি কটাব নালাগে। পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে কেলৰি পুৰি তাপ উৎপাদন কৰাৰ উপৰি ৰক্তসঞ্চাৰণ ত্বৰান্বিত কৰি ৰাখে।(ডাঃ ৰমেন কুমাৰ কাকতিৰ এক পূৰ্ব প্ৰকাশিত প্ৰবন্ধৰ কিয়দংশ)

লগতে পঢ়কঃ BIRD FLU VACCINE কুকুৰা পালকৰ বাবে ভাল খবৰঃ এই বৰ্ষতে বজাৰলৈ আহিব ফ্লুৰ দেশী ভেকচিন

English Summary: Reason of body pain in winters

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.