1. স্বাস্হ্য আৰু জীৱন

এতিয়া আপোনাৰ শৰীৰৰ জটিল সমস্যাসমূহৰ সমাধান ঘৰতে পাব পাৰে! জানো আহক কেনেকৈ -

KJ Staff
KJ Staff
Some impressive health benefits of Cloves
Some impressive health benefits of Cloves

আপুনি সদায় দেখিবলৈ পোৱা লঙ আপোনাৰ শৰীৰত মেডিচিন হিচাপে কাম কৰিব পাৰে। হয়, দেখাত সৰু যেন লগা লঙৰ আছে বহু উপকাৰী তথা ঔষধি গুণ যিয়ে শৰীৰৰ দীৰ্ঘস্থায়ী সমস্যা সমাধানৰ এক অন্যতম উপাদান হিচাপে কাম কৰিব পাৰে।

 গতিকে জানো আহক ইয়াৰ উপকাৰিতাসমূহ কি কি…

  সাধাৰণতে মচলা হিচাপে ব্যৱহাৰ কৰা লং আমাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰী । লং খালে শৰীৰৰ উত্তাপ বৃদ্ধি হয়, সেয়েহে বিভিন্ন ঔষধ তৈয়াৰ কৰোতে লং ব্যৱহাৰ কৰা হয়৷

   গৱেষণাত পোৱা গৈছে যে যকৃৎ কাৰণে অতি উপকাৰী লং । তেজত শৰ্কৰাৰ পৰিমান সন্তুলন ৰাখিবলৈ লং খোৱাতো অতি দৰকাৰী ।

 

লং ৰ উপকাৰীতাসমূহঃ

এণ্টিঅক্সিডেণ্টৰে পৰিপূৰ্ণঃ লংত যথেষ্ট মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায় ৷ এণ্টিঅক্সিডেণ্টে শৰীৰৰ পুৰণা ৰোগ বৃদ্ধি কৰা অক্সিডেটিভ কমোৱাত সহায় কৰে ৷ লঙত য়োজেনাল নামৰ এক উপাদান পোৱা যায়, যিয়ে প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টৰ কাম কৰে ।

দাঁতৰ বিষ হ্ৰাস কৰে: লঙে দাঁতৰ বিষ হ্রাস কৰে। ই দাঁতৰ ক্ষয়ো প্ৰতিহত কৰে। লঙত থকা প্ৰদাহ-ৰোধী উপাদানে, শৰীৰত প্ৰৱেশ কৰাৰ পিছত, কিছুমান প্ৰতিক্ৰিয়া কৰে যাৰ ফলত কিছু সময়ৰ ভিতৰতে দাঁতৰ বিষ নোহোৱা কৰে। এইবাবেই প্ৰায় সকলো টুথপেষ্টৰ বনাবলৈ লঙ সাধাৰণ কেঁচামাল হিচাপে ব্যবহৃত হয়।

কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতাঃ লং খালে শৰীৰত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । লঙত পোৱা য়োজেনাল নামৰ উপাদানবিধৰ কেঞ্চাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে ।

বেক্টেৰিয়ানাশক গুণঃ লং য়ে শৰীৰৰ বেক্টেৰিয়া নাশ কৰাত সহায় কৰে। এণ্টিমাইক্ৰোবিয়েল গুণ থকাৰ বাবে লং দাঁতৰ আৰু দাঁতৰ আলুৰ যিকোনো ৰোগ উপশমত সহায় কৰে ।

বমি বমি ভাব দূৰ কৰে: যদি আপুনি ৰেল বা বাছত ভ্ৰমণ কৰোঁতে মূৰ ঘূৰাই বমি কৰে, মুখত লঙৰ ৰস শুহিলে বমি বমি হোৱা আৰু মূৰ ঘূৰি অহা নিমিষতে নোহোৱা হয়। গৰ্ভৱতী মহিলা সকলে ৰাতিপুৱাৰ বমি উপশম কৰিবলৈ লঙ পান কৰিব পাৰে। লঙৰ সুগন্ধি বমি বমি হোৱা আঁতৰ কৰে।

হাড়ৰ বাবে উপকাৰীঃ লং য়ে হাড় শক্তিশালী কৰাত সহায় কৰে । বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে হাড়ৰ সমস্যা থকা দেখা যায় । হাড়ৰ দুৰ্বলতা বা বিষ থকা লোকে লং খালে যথেষ্ট উপকৃত হ’ব পাৰে ।

চাইনিছৰ সমস্যা হ্ৰাস কৰে: লঙ চাইনোচাইটিছত অতি লাভজনক।চাইনোচাইটিছ ৰোগীৰ চিকিৎসাৰ বাবে লঙ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। লঙত ইগুয়ানাল নামৰ এটা উপাদান থাকে যি চাইনিছৰ বিষ নিৰাময় কৰাত এক বিশেষ ভূমিকা পালন কৰে।

কর্মোদ্যম আৰু যৌনৰোগ নিৰাময়- লঙে কর্মোদ্যম বৃদ্ধি কৰে। শৰীৰ আৰু মনৰ ক্লান্তি উপশম হয়। যৌন শক্তি বৃদ্ধি কৰে।

গেষ্ট্ৰিক ৰোগত উপকাৰীঃ গেষ্ট্ৰিক ৰোগ নিৰাময়ৰ বাবে লং অতি উপকাৰী । লঙৰ গুৰি আৰু মৌ জোল মিহলাই দিনে দুবাৰকৈ খালে পিত্ত আৰু অম্লপিত্ত বেমাৰ নিৰাময় হয়৷

ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে: ডায়েবেটিচ থকা ব্যক্তি এজনে তেওঁৰ শৰীৰত প্ৰয়োজনীয় ইনচুলিন বিকশিত কৰিব নোৱাৰে। অধ্যয়নত পোৱা গৈছে যে লঙৰ ৰসে শৰীৰৰ ভিতৰত ইনচুলিন তৈয়াৰ কৰে আৰু কার্য ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। ফলত ই স্বাভাৱিকভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ আশংকা কম কৰি আনে। নিয়মীয়াকৈ লঙ খালে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা সহজ হয়। 

আপুনি সম্ভৱতঃ আপোনাৰ প্ৰিয় খাদ্যতালিকাত সোৱাদযুক্ত অয়েষ্টাৰ কাঠফুলা তালিকাভুক্ত কৰি ৰাখিছে, কিন্তু আপুনি জানেনে যে এই কাঠফুলা যথেষ্ট পুষ্টিৰে ভৰপূৰ ?

English Summary: Some impressive health benefits of Cloves know all about here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.