অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত।
পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।
দুপৰ টেঙা/পাতেগজাঃ
দুপৰ টেঙা পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে গজা(Bryophyllum) বুলিও কোৱা হয়।
ঔষধি গুণঃ
(১) বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়।
(২) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।
(৩) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত
টেঙেচি (Oxalis corniculate)
টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।
ঔষধি গুণঃ
(১) টেঙেচি বটি বেচু (Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়।
(২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়।
(৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে।
(৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে।
(৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।
চালকুঁৱৰী
চালকুঁৱৰীৰ বৈজ্ঞানিক নাম Aloe barbadense miller। ই সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।
ঔষধি গুণঃ
১) চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।
২) টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।
৩) অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।
৪) উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।
৫) বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।
মানিমুনি
বৈজ্ঞানিক নাম Centella Asiatica।
মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।
ঔষধি গুণঃ
(১) অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।
(২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত' উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।
(৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰপৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয়।
ভেদাইলতা (Paederia scandens)
কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা গছ।
ঔষধি গুণঃ
(১) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে।
(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয়।
(৩) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয়।
(৪)প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য।
(৫)দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজিল বিষ কমে।
(৬) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায়।
(৭)একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে।
উৎস- উইকিপেডিআ