1. স্বাস্হ্য আৰু জীৱন

মধুৰিআমৰ নিয়মীয়া সেৱনে কলেষ্টৰেলৰ মাত্রা হাস কৰে।(know all about the benefits of gauva fruit)

KJ Staff
KJ Staff
Gauva fruits
Gauva fruits

    মধুৰিআম হৈছে এক জনপ্রিয় ফল। যদিও সকলো ফলৰ স্বাস্থ্যৰ লাভালাভ আছে, মধুৰিআমৰ লাভালাভ এক সুকীয়া। দিনত ভাগত মধুৰিআম খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল।  কেৱল মধুৰি আমেই নহয়, মধুৰিআমৰ পাতো ঔষধি গুনেৰে পৰিপুষ্ট বুলি জনা যায়।

মধুৰিআমৰ উপকাৰিতা

1.মধুৰিআমত কমলাতকৈ অধিক পৰিমানে ভিটামিন C থাকে। সেয়েহে, শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ দৈনিক এটা মধুৰিআম সেৱন কৰাৰ বাবে ডক্টৰে পৰামৰ্শ দিয়ে ৷

2.মধুমেহ ৰোগীৰ বাবে মধুৰিআম আৰু মধুৰিআমৰ পাত অত্যাৱশ্যকীয়।  শুকান মধুৰিআমৰ পাতৰ পাউডাৰ আৰু মধুৰিআম ফল সেৱনে তেজৰ গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় হৈছে মধুৰিআমৰ পাত শুকুৱাই পানীত মিহলাই সেৱন কৰা।

3.বিশেষজ্ঞসকলৰ মতে ই আমাৰ শৰীৰত ৰেডিকেলৰ বিকাশ বন্ধ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।  ইয়াৰ এণ্টিঅক্সিডেণ্টে কৰ্কট কোষৰ বিকাশত বাধা দিয়ে।  লাইকোপেন আৰু ভিটামিন C -ৰ দৰে উপাদানবোৰেও কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়া বুলি জনা যায়।

4.বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ সামৰ্থ্যৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধুৰি আমৰ ভূমিকা উল্লেখনীয়৷  ইয়াৰ উপৰিও, ই ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।  উচ্চ ৰক্তচাপ থকা লোকৰ বাবেও ই উপকাৰী।

5.মধুৰিআমে কোষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰে। ইয়াৰ ফলত যথেষ্ট পৰিমাণে আঁহ থাকে।  সেয়েহে, খালে শৌচ ত্বৰান্বিত কৰে।  ই হজম প্রক্রিয়া উন্নত কৰে বুলিও কোৱা হয়।

6.ই ভিটামিন A ৰে সমৃদ্ধ যি চকুৰ বাবে ভাল।  ইয়াক কুকুৰী কণা আৰু অন্যান্য ৰোগৰ প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰা হয়। সেয়েহে ইয়াক গাজৰতকৈ অধিক পুষ্টিকৰ ফল বুলি কোৱা হয়।

7.মাতৃয়ে মধুৰিআম সেৱন কৰিলে ভ্ৰূণৰ বহুতো লাভালাভ হয়।  ইয়াত ভিটামিন বি 9 থাকে, যিয়ে কেঁচুৱাটোৰ স্নায়ু শক্তিশালী কৰে৷

8.মধুৰিআমৰ নিয়মীয়া ব্যৱহাৰে কেৱল দাঁত আৰু আলুৰ ভাল স্বাস্থ্যৰ বাবে নহয় বৰং বেয়া উশাহ আৰু দাঁতৰ ৰোগো হ্ৰাস কৰে।

   মধুৰিআমৰ থকা মেগনেছিয়ামে চাপ আৰু পেশী আৰু স্নায়ুক আৰাম দিয়ে। মধুৰিআমত প্রচুৰ B3 B6 থাকে যি মস্তিষ্কৰ কাৰ্য উন্নত কৰে।  মধুৰিআমৰ মগজুৰ স্নায়ুবোৰ উত্তেজিত কৰাৰ এক বিশেষ সামৰ্থ্য আছে।

চজনা পাতে প্রতিৰোধ কৰিব কর্কট ৰোগ

English Summary: Know all about the benefits of gauva fruit in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.