1. স্বাস্হ্য আৰু জীৱন

থেকেৰা টেঙা ৰন্ধন প্রণালী (Thekera Tenga)

KJ Staff
KJ Staff
থেকেৰা টেঙা
থেকেৰা টেঙা

     থেকেৰা টেঙা হৈছে টেঙা এবিধ অসমীয়া খাদ্যাভাস ৰ টেঙা ব্যাঞ্জন। থেকেৰা হৈছে এবিধ শুকান টেঙা ফল যাক কৰা হয় আৰু অসমীয়া মানুহে ব্যঞ্জনবোৰত টেঙা হবৰ বাবে ব্যৱহাৰ কৰা হয়। থেকেৰা টেঙা অসমীয়া খাদ্য তালিকাত অতি জনপ্রিয় ৷ ইয়াক ভালদৰে বনালে অতি সোৱাদযুক্ত হয় ৷ ইয়াক বিভিন্ন ব্যঞ্জনৰ সৈতে যোগ দি বনাব পাৰি যেনে- মাছৰ আঞ্জা ৷ আমি আজি আলুৰ সৈতে কেনেকৈ বনাব পাৰি তাকে শিকিম ৷ আহক তেন্তে পলম নকৰি থেকেৰা টেঙা আপুনি ঘৰতে অতি সোৱাদযুক্ত কেনেকৈ বনাব পাৰে শিকোঁ ৷ 

প্রয়োজনীয় সময়

প্রস্তুতি : 10 মিনিট

ৰন্ধন : 20 মিনিট

মুঠ :30 মিনিট

উপকৰণ

  • 4 টা আলু) পাতলকৈ কটা
  • 1 চামুচ সঁৰিয়হৰ তেল
  • 1/4 চামুচ হালধি 
  • 1 চামুচ ময়দা, 
  •  3-4 থেকেৰা টেঙা টুকুৰা 1/4 কাপ পানীত তিয়াই থব
  • নিমখ
  • 1 চামুচ পাচ পোৰান মচলা
  • 4 কেঁচা জলকীয়া
  • 4 টা ধনিয়া পাত, মিহিকৈ কটা

থেকেৰা টেঙা ৰেচিপি কেনেদৰে বনাব 

  1. এটা বহল পেন চ'চত তেলৰে আলুৰ টুকুৰাবোৰ ভাজক আৰু সেইবোৰ একাষৰীয়া কৰি ৰাখক
  2. এতিয়া উপৰত উল্লেখ কৰা গোটেই উপকৰণ সমূহৰ সৈতে তেলৰে গৰম আৰু লৰাই দিয়ক ৷
  3. 1-2 কাপ পানী, নিমখ আৰু হালধি যোগ দিয়ক।
  4. এতিয়া ময়দা এক চামুচ পানীৰ সৈতে মিহলি কৰক আৰু ইয়াক তাতে ঢালি দিয়ক
  5. যেতিয়া মিশ্ৰণটো ডাঠ হ'বলৈ আৰম্ভ কৰে, তেতিয়া থেকেৰা টেঙাবোৰ দিয়ক আৰু পূর্বতে ভাজি থোৱা আলুখিনি দিয়ক ৷
  6. আৰু 4-5 মিনিটৰ বাবে কম জুইৰ ওপৰত ৰান্ধক আৰু তাৰ পিছত নমাই থওক ৷

     এনেদৰে আপুনি ঘৰতে থেকেৰা টেঙাৰ জুতি লগা ব্যঞ্জন বনাব পাৰে কম সময়তে ৷

English Summary: How to make Assamese recipe thekera tenga

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.