1. স্বাস্হ্য আৰু জীৱন

চজনা পাতে প্রতিৰোধ কৰিব কর্কট ৰোগ (moringa powder can be prevent cancer)

KJ Staff
KJ Staff

    চজনা গছক প্ৰায়ে অলৌকিক গছ বুলি কয় কিয়নো পাতবোৰ বহুতো পুষ্টি, এণ্টিঅক্সিডেণ্টেৰে ভৰ্তি আৰু সেইবোৰ প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থেৰে সমৃদ্ধ। চজনা গছ ভাৰতত যথেষ্ট পৰিমাণে পোৱা যায় আৰু অসমতো ই জনপ্রিয় ৷ ই এক ওখ গছ কিন্তু আপুনি ইয়াক আপোনাৰ বাৰীত ৰুব পাৰে ৷ ইয়াৰ গছৰ ফল বোৰ দীঘল দীঘল আৰু সৰু ৷ অসমীয়া থলুৱা খাদ্যত অতি জনপ্রিয় ৷ ইয়াক মাছৰ টেঙা বা তর্কাৰী হিচাপে ৰান্ধিলে সোৱাদযুক্ত হয় ৷ চজনা মানুৱ শৰীৰৰ বাবে স্বাস্থ্যকৰ খাদ্য হিচাপে পৰিগনিত হৈছে ৷ অলপতে ভাৰতে চজনাৰ পাতৰ পৰা তৈয়াৰ কৰা পাউডাৰ (Moringa Powder) আমেৰিকালৈ প্রায় দুই টন ৰপ্তানি কৰিছে ৷

     চজনাৰ পাতত ভাল স্বাস্থ্যৰ বিকাশৰ বাবে আমাক নিয়মীয়াকৈ প্ৰয়োজন হোৱা প্ৰায় সকলো পুষ্টি থাকে। ইয়াত ভিটামিন, কেলচিয়াম, আইৰণ, প্ৰ'টিন, মেগনেছিয়াম, জিংক থাকে, আৰু কম চর্বি থাকে ৷ তাৰোপৰি ই আমাৰ শাৰীৰিক অঙ্গবোৰ স্বাস্থ্যৱান কৰি ৰখাত আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যা নিৰাময় কৰাত সহায় কৰে।

চজনা পাতৰ উপকাৰিতা

  • চজনা পাত কৰ্কট ৰোগৰ চিকিৎসাত প্রয়োজন হয় আৰু যকৃতৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।
  • চজনা পাতত থকা কেলচিয়াম আৰু ফছফৰাছ আৰু প্ৰদাহ ৰোধী গুণে হাড়শক্তিশালী কৰাত আৰু হাপানী ৰোগীক সহায় কৰে।
  • চজনা পাতত থকা এণ্টি-অক্সিডেণ্টবোৰ হৃদযন্ত্ৰৰ বাবে উপযোগী আৰু সেয়েহে ই এক স্বাস্থ্যকৰ লিপিড আৰু কলেষ্টেৰল মাত্রা বজাই ৰখাত আৰু হৃদপিণ্ডৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।
  • চজনাই পুৰুষৰ ক্ষেত্ৰত যৌন ক্ষমতা আৰু যৌনজনিত ৰোগ সৃষ্টি কৰা চাপ হৰ'মন নিয়ন্ত্রণ কৰাত সহায় কৰে৷ চজনাত থকা ভিটামিনবোৰে যৌন প্ৰৰোচনাৰ বাবে অত্যাৱশ্যকীয় আৰু সেয়েহে, কিছুমান পুৰুষে ইয়াক তেওঁলোকৰ যৌন স্বাস্থ্য বৃদ্ধি কৰিবলৈ ইয়াক ঔষধ যেনে Viagra সৈতে ব্যৱহাৰ কৰে।
  • চজনা পাতৰ পাউডাৰ ডায়বেটিক ৰোগীৰ বাবে ভাল কিয়নো ই তেজত গ্লুকোজৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।
  • লগতে ই ধমনীবোৰ ডাঠ হোৱা প্ৰতিহত কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস হয়।
  • চজনাই ৰেটিনাৰ ধমনীবোৰ প্রসাৰণ বন্ধ কৰি চকুৰ দৃষ্টি শক্তি বৃদ্ধি হোৱাত সহায় কৰে।
  • এনিমিয়াত মুখ্য ভূমিকা পালন কৰে – ই শৰীৰক অধিক আইৰণ গ্রহণ কৰাত সহায় কৰে সেয়েহে ৰঙা তেজৰ পৰিমান বৃদ্ধি হয়।
  • ই মানসিক চাপ আৰু দুশ্চিন্তা দুৰ কৰে ৷
  • ইয়াৰ এণ্টিবেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণৰ বাবে ই হজমত সহায় কৰে লগতে কোষ্ঠকাঠিন্য আৰু গেষ্ট্রিক সমস্যাৰ চিকিৎসা কৰে।
  • চজনা পাতৰ ৰসে ছালৰ সমস্যাৰ ওপৰত এণ্টিচেপ্টিক হিচাপে কাম কৰে আৰু ঘা শুকাই যোৱাত সহায় কৰে।
  • স্তন্যধাৰণকাৰী মাতৃৰ বাবে ভাল কিয়নো ই গাখীৰৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

কেনেকৈ বনাব চজনাৰ পাউডাৰ

    বর্তমান বজাৰত সতেজ চজনাৰ পাত যথেষ্ট পোৱা যায় বিচাৰিলে বা হয়তো আপোনাৰ ঘৰক আষে -পাষেও পাব বিচাৰিলে ৷ গতিকে আপুনি ইয়াৰ পৰা অতি সহজে পাউডাৰ বনাব পাৰে ৷ আৰু আপুনি দৈনন্দিন ব্যৱহাৰ কৰিব পাৰে ৷ চজনা পাতৰ পৰা পাউডাৰ তৈয়াৰ কৰা অতি সহজ। প্রথমতে আপুনি সতেজ কোমল পাত লৈ আহক, ডালৰ পৰা পাতবোৰ ছিঙি লওক আৰু তাৰ পিছত পৰ্যাপ্ত পানীৰে 2-3 বাৰ ভালদৰে ধুই লব ৷ ইয়াৰ পিছত অতিৰিক্ত আৰ্দ্ৰতা শোষণ কৰিবলৈ পাকঘৰৰ নেপকিনৰ সহায়ত শুকাই লওক। মনত ৰাখিব যে (পোনপটীয়া সূৰ্য্যৰ পোহৰত নিদিব কিয়নো ই পাতৰ বিঘট সেউজীয়া ৰং প্ৰভাৱিত কৰিব আৰু গুণাগুণ ৰ ওপৰত প্রভাৱ পেলাব) । যদি আপোনাৰ বিকল্প নাথাকে তেনেহ'লে আপুনি ইয়াক ফেনৰ তলত শুকুৱাব পাৰে। তাৰ বাবে পাতবোৰ 1-2 দিন প্রয়োজন হ'ব।

    যেতিয়া পাতবোৰ খচৰা হয় তেতিয়া পাতৰ সিৰা-উপসিৰাবোৰ লাহেকৈ পেলাই দিয়ক আৰু তাৰ পিছত আপোনাৰ মিক্সাৰত পাতবোৰ গুৰি কৰক ৷ ইয়াক এয়াৰটাইট পাত্ৰত ৰাখিব ৷ ই কোঠাৰ ভিতৰৰ তাপমাত্ৰাত 6 মাহৰ বাবে সতেজ থাকিব পাৰে, 6 মাহৰ পিছত ই কিছু গুণাগুণ হেৰুৱাব পাৰে কিন্তু তেতিয়াও খোৱাৰ বাবে উপযোগী হৈ থাকে। ইয়াৰ সোৱাদ অলপ তিতা হ'ব পাৰে সেয়েহে আপুনি এটা সময়ত কম পৰিমাণত ব্যৱহাৰ কৰিব।

কেনেকৈ ব্যবহাৰ কৰিব

  • আপোনাৰ দৈনন্দিন খাদ্যত দাইলৰ সৈতে 1 চামুচকৈ এই পাউডাৰ যোগ দিব পাৰে।
  • আপুনি ধনিয়া গুৰাৰ সৈতে মিহলাই সদায় ব্যঞ্জনৰ লগত খাব পাৰে।
  • ইয়াৰ উপৰি আপুনি উতলা পানীত কিছু চজনা পাউডাৰ, নেমুৰ ৰস আৰু মৌ দি চাহ হিচাপে খাব পাৰে ৷ ই দেহৰ বাবে অতি উপকাৰী।
  • মোৰ প্ৰিয় উপায় হৈছে–ধনিয়া গুৰিৰ লগত কিছু চজনা পাউডাৰ মিহলি কৰি লোৱা ৷ যাতে ইয়াক আপোনাৰ দৈনিক দাইল আৰু তর্কাৰিত নিয়মীয়াকৈ অলপ অলপ যোগ দিব পাৰে, মই সদায়ে মোৰ ঘৰত এনেদৰে ধনিয়া গুৰি আৰু চজনা পাউডাৰ দৈনিক দাইল আৰু তর্কাৰিত কিছু যোগ দিওঁ যাতে ই অধিক স্বাদযুক্ত আৰু স্বাস্থ্যকৰ হয়।
  • যেতিয়া আপুনি সেউজীয়া শাক-পাছলিৰ চাটনি বা চালাড বনাওতে 1/2 চামুচ চজনা পাউডাৰ মিহলাই লব পাৰে।
  • ই ঠাণ্ডা পানীত দ্ৰৱীভূত নহয় সেয়েহে গৰম পানীত মিহলাইহে খাব।

কিমান পৰিমাণৰ সেৱন কৰিব-

   যদি আপুনি ৰক্তচাপ বা ডায়বেটিচৰ বাবে ঔষধ গ্রহণ কৰি আছে তেনেহ'লে নিয়মীয়াকৈ এই পাউডাৰ গ্ৰহণ কৰাৰ আগতে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

     প্রথমতে আপুনি দৈনিক 1/2 চামুচেৰে আৰম্ভ কৰা উচিত আৰু পিছত লাহে লাহে দৈনিক 1 চামুচকৈ বৃদ্ধি কৰিব পাৰে।

      অত্যাধিক চজনা পাতৰ পাউডাৰ গ্ৰহণ কৰিলে আপোনাৰ উপকাৰ কৰাৰ পৰিবর্তে অপকাৰহে কৰিব পাৰে, সেয়েহে অলপ অনপকৈ আৰম্ভ কৰিব আৰু তাৰ পিছত ক্ৰমান্বয়ে বৃদ্ধি কৰি যাব।

 

 

English Summary: Know all about the benefits of moringa powder in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.