1. স্বাস্হ্য আৰু জীৱন

মৌৰসৰ ঔষধি গুণ, উপকাৰিতা, ব্যৱহাৰ আদি (Benefits of Honey, Side Effects And Uses)

KJ Staff
KJ Staff
Honey
Honey

     ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷ 

    মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস খাদ্য হিচাপে ব্যৱহাৰ কৰাতকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰাটো বেছি উত্তম বুলি কব পাৰি। ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত কৰি ল’ব যে মৌৰসখিনি খোৱাৰ বাবে সম্পূর্ণ উপযোগী ৷

মৌৰসত পোৱা কিছুমান পুষ্টিকৰ উপাদানঃ

    মৌৰসত আমাৰ দেহত প্ৰয়োজনীয় যথেষ্ট পুষ্টি তত্ত্ব, ভিটামিন পোৱা যায়। মৌৰসত প্ৰধানকৈ ফ্ৰক্টজ আৰু কাৰ্বহাইদ্ৰেড উপলব্ধ তাৰোপৰি মৌৰসত নায়চিন, ভিটামিন বি-6 , ভিটামিন C, এমিন এচিড আদি পোৱা যায়। ৫০ গ্ৰাম মৌৰসত প্ৰায় ১৩০ কেলৰি, ৪০ গ্ৰাম ফ্ৰক্টজ, গ্লুকজ, সুক্ৰজ, মাল্টজ আদি চুগাৰ পোৱা যায়। মৌৰসত ফেট, ফাইবাৰ আৰু প্ৰটিন নাথাকে।

মৌৰসৰ ঔষধি গুণঃ

   মৌৰসৰ ঔষধি গুণৰ বিষয়ে ক’বলৈ গ’লে ই বহুতো বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত এটা নির্দিষ্ট ভূমিকা পালন কৰে। আজি যুগত মৌৰসৰ ব্যৱহাৰ প্ৰধানকৈ মানুহৰ চালৰ সুন্দৰতা বৃদ্ধি, পাচন তথা হজম শক্তি সবল কৰিবলৈ, ওজন কমাবলৈ আদিৰ বাবে ব্যৱহাৰ কৰা হয়।

মৌৰসৰ উপকাৰিতা(Benefits of honey for Health)

১) কাঁহ হলে মৌৰ ৰস খাব লাগে -

যদি আপোনাৰ বহুদিন কাঁহ হৈ আছে আৰু আপুনি ভাল পোৱা নাই তেনেস্থলত মৌৰস তুলসী পাতৰ ৰসৰ লগত সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। মৌৰসত থকা এণ্টিবেক্টেৰিয়েল গুণে সক্ৰমণক ৰোধ কৰাৰ লগতে ডিঙিত জমা হৈ থকা কফ নোহোৱা কৰে ৷ ইয়াৰ বাবে আপুনি ৰাতি শুৱাৰ আগত এগিলাচ গৰম পানীত দুচামুচ মৌৰস মিহলাই খাব লাগে নাইবা মৌৰসৰ লগত আদা মিহলাও খাব পাৰে।

২) কাটিলে বা পুৰিলে -

শৰীৰৰ কোনোবা অংশত কাটিলে নাইবা জ্বলা-পুৰা কৰিলে সেই অংশত মৌৰস লগালে সুফল পোৱা যায়। মৌৰসত থকা এণ্টিচেপ্তিক গুণে চালৰ কটা অংশক সোনকালে শুকুৱাত সহায় কৰে আৰু সক্ৰমণৰ পৰা বচায়। 

৩) ওজন কমোৱাত সহায় কৰে -

 শৰীৰৰ অতিৰিক্ত ওজন ৰোধ তথা কমাবলৈ হ’লে মৌৰসৰ নিয়মিত ব্যৱহাৰ কৰিব লাগে। মৌৰস সেৱনৰ ফলত শৰীৰৰ কলেষ্টল মাত্রা কম বা নিয়ন্ত্ৰণ কৰি ৰাখে। ওজন কমাবলৈ আপুনি নিতৌ এগিলাচ কুহুমীয়া গৰম পানীৰ লগত এচামুচ মৌৰস আৰু এচামুচমান নেমু ৰস মিহলাই সেৱন কৰিলে নিশ্চয় সুফল লাভ কৰিব।

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে -

   মৌৰসত যথেষ্ট পৰিমানৰ এণ্টিঅক্সিডেণ্ট থাকে যি আমাৰ হৃদয়ৰ বাবে অতি উপযোগী। হৃদযন্ত্রৰ লগত জড়িত বহুধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰাত মৌৰসে যথেষ্ট সহায় কৰে লগতে ই আমাৰ প্রতিৰোধ প্ৰক্ৰিয়াটোক সুস্থ সবল কৰি ৰাখে। হজম শক্তি বঢ়াবলৈ নিতৌ দুচামুচ মৌৰস এগিলাচ গাখীৰৰ লগত সেৱন কৰিলে সুফল পোৱা যায়।

     ইয়াৰ উপৰি মৌৰস আমি চুলি মজবুত কৰিবলৈ, constipation ৰ পৰা হাত সাৰিবলৈ, ঘা শুকাবলৈ আদি বিভিন্ন সমস্যাৰ বাবে সেৱন কৰিব পাৰোঁ। 

 

মৌৰস এই সকল লোকে সেৱন কৰিব নালাগে?

  • এবছৰতকৈ কম বয়সৰ শিশুক খাব দিব নালাগে। যদি খুৱাবও বিচাৰে ডাক্তৰৰ পৰামৰ্শ লৈহে খুৱাব লাগে।
  • মধুমেহ ৰোগী তথা চুগাৰ লেবেল অনিয়ন্ত্ৰণত থকা লোকে মৌৰস সেৱন কৰিব নালাগে।
  • যদি কোনো উচ্চ ৰক্তচাপ থকা লোকে আগৰে পৰা antihypertensive medicine ব্যৱহাৰ কৰি আছে তেন্তে নিতৌ বা প্ৰয়োজনাধিক মৌৰস সেৱন কৰা অনুচিত।

   এটা কথা ঠিক যে মৌৰস আমাৰ শৰীৰৰ বাবে অতি উপযোগী কিন্তু যিকোনো ইয়াক সেৱন কৰাৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা আৰু পৰামৰ্শ আৰু প্রয়োজন অনুসৰি গ্রহণ কৰিব লাগে। অন্যথা অতিমাত্ৰা যিকোনো বস্তুৰ সেৱন আমাৰ শৰীৰৰ বাবে অপকাৰী।

হাপানী আৰু ডায়বেটিছ ৰোগৰ প্রতিষেধক : ড্রেগন ফলৰ উপকাৰিতা

   লেখনিটো যদি ভাল লাগিল অনুগ্ৰহ কৰি শ্বেয়াৰ         কৰিবলৈ নাপাহৰিব।

English Summary: Benefits of Honey Side Effects And Uses

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.