Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 July, 2022 5:07 PM IST
Benefit of Blackberry

গ্ৰীষ্মকালত ক'লা জাম বহুতৰ প্ৰিয়। আমি সকলোৱে সৰু ক'লা ফলটোৰ সৈতে পৰিচিত। মে’ মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে বৃহৎ পৰিমাণত উপলব্ধ ঋতুগত ফল । সোৱাদত টেঙা-মিঠা। এই ফলটো ইয়াৰ বহুতো স্বাস্থ্যকৰ লাভালাভৰ বাবে বিশেষভাৱে প্ৰশংসিত হয়। বিশেষকৈ ডায়েবেটিচ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত চিকিৎকে কলা জাম খেৱাৰ পৰামৰ্শ দিয়ে। তলত জামৰ ১০ টা স্বাস্হ্য উপকাৰিতা সম্পৰ্কে আলোচনা কৰা হ’ল-

  • জামত যথেষ্ট লো থাকে। আৰু লোৰ উপস্থিতিৰ বাবে, তেজত হিমোগ্লোবিন বৃদ্ধি হয়। ই তেজ পৰিষ্কাৰ ৰখাত সহায় কৰে। ৰক্তহীনতাত ভুগি থকা সকলৰ বাবে জাম বহুত ভাল।

  • ইয়াত ভিটামিন 'এ' আৰু 'চি' থকাৰ বিভিন্ন খনিজ পদাৰ্থও থাকে, যিবোৰ আমাৰ চকু আৰু ছালৰ বাবে অতি উপকাৰী।

  • জাম খালে পেট ঠাণ্ডা হয়, সেয়েহে ই সোনকালে হজম হয়। যিসকলৰ বুকুজ্বলাৰ সমস্যা আছে, তেওঁলোকে অধিক জাম খোৱাটো লাভদায়ক।

  • জাম'ৰ গেলিক এচিড' মেলিক এচিড' 'টেনিন'ত থকা অক্সিলিক এচিডে বেটুলিক এচিড সংক্ৰমণ আঁতৰাই ৰাখে। জাম মেলেৰিয়া-প্ৰতিৰোধী আৰু বেক্টেৰিয়া-প্ৰতিৰোধী

  • যিহেতু ইয়াত বেক্টেৰিয়া-প্ৰতিৰোধী গুণ সেয়ে ই দুৰ্গন্ধ মুখৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।

  • জামত উচ্চ পৰিমাণৰ ভিটামিন চি থাকে। ফলস্বৰূপে, শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰক সাধাৰণ ঋতুগত ৰোগৰ পৰা সুৰক্ষিত কৰে। জামত থকা পটাছিয়ামে হৃদযন্ত্ৰস্বাস্থ্যৱান ৰখাত সহায় কৰে। একে সময়তে, উচ্চ ৰক্তচাপ হ্ৰাস কৰিলে কাৰ্ডিঅ'-ভাস্কুলাৰ ৰোগ আঁতৰত থাকে।

  • যিসকলৰ ডায়েবেটিচ আছে তেওঁলোকৰ বাবে জাম বহুত ভাল। ইয়াৰ ডায়েবেটিক-প্ৰতিৰোধী উপাদান আছে যি ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।

  • এই ফলৰ গ্লাইচেমিক সূচক নিম্ন হোৱাৰ বাবে, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ হয়। ই ডায়েবেটিচৰ লক্ষণবোৰো নিয়ন্ত্ৰণত ৰাখে, যি অত্যাধিক প্ৰস্ৰাৱ বা বাৰে বাৰে প্ৰস্ৰাৱৰ ফলত হয়। কেৱল ফলেই নহয়, লগতে 'এই গছৰ পাত' ডালবোৰকো সকলোৰে সৈতে ব্যৱহাৰ কৰা হয়।

  • জামত গ্লুকোজ, ডেক্সট্ৰোজ, আৰু ফ্ৰুক্টোজ থাকে, যি মানুহক কাম কৰিবলৈ শক্তি প্ৰদান কৰে। মানুহৰ বয়স বাঢ়ি অহাৰ লগে লগে, তেওঁলোকে তেওঁলোকৰ স্মৃতিশক্তি হেৰুৱায়। জামে স্মৃতি শক্তিশালী ৰখাত সহায় কৰে।

  • যিসকল লোকে বৰ্ধিত ওজনক লৈ চিন্তিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে আহাৰ তালিকাত জাম ৰাখিব পাৰে।

লগতে পঢ়ক-স্মৃতি শক্তি বৃদ্ধি কৰিব বিচাৰে নেকি আপুনি? খাওঁক ব্ৰাহ্মী শাক!

English Summary: Know About Health Benefit of Blackberry
Published on: 06 July 2022, 05:07 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now