Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 December, 2022 4:11 PM IST

আমাৰ দেশত মছলা হিচাবে দালচেনি অতি পৰিচিত আৰু অপৰিহাৰ্য। দালচেনিৰ প্রতিটি অঙ্গ যেনে বাকলি, পাত, কুঁড়ি, ফুল, ফলৰ ব্যৱহাৰ হয়। দালচেনি গৰম মছলাৰ” এটি প্ৰধান উপাদান হিচাবে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ উপৰিও দালচেনি বিভিন্ন ঔষধি গুণৰে সমৃদ্ধ। আপোনালোকে নিশ্চয় মাছ মাংসৰ ব্যঞ্জন প্ৰস্তুত কৰোতে ইয়াৰ সোৱাদ বঢ়াবলৈ দালচেনি ব্যৱহাৰ কৰা হয়। দালচেনি হ'ল একপ্ৰকাৰৰ উষ্ণ তথা উত্তেজক মছলাযুক্ত খাদ্যসামগ্ৰী যাক প্ৰাকৃতিকভাৱে ইয়াৰ গছৰ ছালৰ পৰা পোৱা যায়। শ্ৰীলংকা তথা দক্ষিণ ভাৰতত দালচেনি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয়।

সুগন্ধিত আৰু সোৱাদযুক্ত দালচেনিক খাদ্যগুণযুক্ত মছলাসমূহৰ ভিতৰত এক সুকীয়া স্থান আছে। খাবলৈ চাহ বা কফি তৈয়াৰ কৰাৰ সময়ত তাত দালচেনি মিহলাই দিলে সোৱাদ দুগুণে বাঢ়ে আৰু জ্বৰ কাহ আদিত ইয়াক সেৱন কৰিলে যথেষ্ট উপশম পোৱা যায়। ইয়াৰোপৰি মেক্সিকো দৰে দেশত দালচেনি চকলেট তৈয়াৰ কৰা প্ৰণালীত ব্যৱহাৰ কৰা হয়।

গতিকে জানো আহক দালচেনিৰ কেইটামান স্বাস্থ্যকাৰী উপকাৰিতা - 

(১) মধুমেহ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবে দালচেনি লাভজনক । মধুমেহ ৰোগীসকলৰ বাবে তৈয়াৰ কৰা ভোজনত এক চামুচ দালচেনি পাউদাৰ মিহলাই দিলে তেওঁলোকৰ শৰীৰত ৰক্তশৰ্কৰাৰ পৰিমাণ ১৮ৰ পৰা ২৪% লৈ কমি যায় ।

(২) দালচেনি উষ্ণ হোৱাৰ বাবে শীতকালত ইয়াৰ অধিক প্ৰয়োগৰ দ্বাৰা জ্বৰ-কাহ আৰু জাৰৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰি ।

(৩) দালচেনিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে । ইয়াৰ লগতে ই দাঁতৰ সমস্যাবিলাকৰ ক্ষেত্ৰতো উপযোগী ।

(৪) দালচেনি তেলৰ কেইটামান টোপাল কাণত দিলে কাণেৰে কম শুনা ব্যক্তিসকলৰ সমস্যা দূৰ হয় ।

(৫) ২ চামুচ মৌজোল আৰু দালচেনিৰ গুৰি সমপৰিমাণে লৈ গৰম পানীত মিহলাই সেৱন কৰিলে কিছুসময়ৰ পাছতে শৰীৰৰ বৰ্ধিত কলেষ্টৰল কম হৈ পৰে। এই মিশ্ৰণ দিনটোত ২ৰ পৰা ৩ বাৰ সেৱন কৰা উচিত । শৰীৰৰ বৰ্ধিত মেদ কমোৱাৰ ক্ষেত্ৰতো এই নিয়ম প্ৰয়োগ কৰিব পাৰি ।

(৬) দালচেনি হৈছে মেংগানিজৰ ভঁৰাল। ই স্মৃতিশক্তি বৃদ্ধি কৰে। সেয়ে শিশু,মহিলা আৰু মানসিক শ্ৰম কৰা ব্যক্তিসকলে ব্ৰেডত অলপ মাখন বা মৌজোল লগাই ইয়াৰ সৈতে আধা চামুচ দালচেনিৰ পাউদাৰ মিহলাই পুৱা-গধুলি খোৱা উচিত ।

দালচেনিৰ ভেষজ গুণ সমূহ -

দালচেনিৰ বাকলি উত্তেজক, ক্ষুধাবর্ধক, গা বমি কৰা, পেটৰ অসুখ, হার্টৰ দুর্বলতা, অর্শ, আমবাত, কফ, বায়ু ও বমি উপশম কৰোতে সাহায্য কৰে।

দালচেনিৰ খাদ্য আৰু অন্যান্য ব্যৱহাৰ ::

 দালচেনি বিভিন্ন খোৱাৰ মছলাৰ ওপৰিও মিঠাই আৰু মদ সুগন্ধি কৰোতে, ঔষধ, শিল্পত, চাবোন ও দাঁতৰ মাজন তৈয়াৰত, চকলেট কাৰখানাত ব্যবহৃত কৰা হয়। 

লগতে পঢ়ক-দালচেনি খেতি-অসমৰ বাবে এক লাভজনক কৃষি ব্যৱসায়!

(সংগৃহীত প্ৰবন্ধ)

English Summary: Impressive health benefits of Dal cini
Published on: 24 March 2021, 08:08 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now