Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 June, 2022 11:03 AM IST
Hop Shoots: World's Most Expensive Herb

আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক সদায় জুৰুলা কৰি আহিছে। পেট্ৰ’ল ডিজেলকে ধৰি মুখ্য শাক-পাচলি আৰু অন্যান্য সকলোতে যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে। শাক-পাচলিৰ ক্ষেত্ৰত আলু, পিয়াজ, বিলাহীৰ মূল্যই সীমা অতিক্ৰম কৰিছে। কিন্তু তাৰ মাজতেই এনে এবিধ শাক ওলাইছে যাৰ ণূল্যৰ তুলনাত এই সকলোবোৰৰ মূল্য বহুত কম যেনেই লাগিব।

যদিও শাকবিধৰ দাম অধিক, কিন্তু গোটেই বিশ্বতেই ইয়াৰ চাহিদা অধিক মাত্ৰাত বৃদ্ধি পাইছে। শাকবিধৰ মূল্য হৈছে প্ৰতিকিলোত ৮২,০০০ টকা। শাকবিধৰ নাম হৈছে হপ চুটছ (Hop Shoots)। বিট্ৰেইন, জাৰ্মানী আদিকে ধৰি ইউৰোপীয় দেশসমূহত ইয়াৰ খেতি কৰা হয়।

গছজোপা দেখাত শতমূলৰ দৰে। কেৱল বসন্ত ঋতুতহে ইয়াৰ খেতি কৰা হয়। শাকবিধ সময়মতে কটা নহলে খুউব সোনকালে ইয়াৰ ঠাল ঠেঙুলিবোৰ ডাঙৰ হৈ যায়।

ঠালসমূহ ডাঙৰ হৈ গলে ই খোৱাৰ অনুপযোগী হৈ পৰে। ৰান্ধি খোৱাৰ উপৰিও ইয়াৰ আচাৰো বনাব পৰা যায়। শাকবিধৰ ৰং বেঙুনীয়া হয়। বৃদ্ধিৰ বাবে ইয়াক পাতলীয়া ৰ’দৰ প্ৰয়োজন। এই শাকবিধৰ বিশেষত্ব এয়েই যে, ই দিনে প্ৰায় ৬ ইঞ্চিলৈ বাঢ়ে আৰু ই দুৰ্লভ ঔষধি গুণেৰে ভৰপূৰ।

লণ্ডনৰ কিংছ কলেজত অধ্যাপক ষ্টুৱাৰ্ট মিলিগানৰ এটা গৱেষণা দলৰ নেতৃত্বত, হপ শ্বুটত হপিন নামৰ এটা হৰ্মোনেলিন সক্ৰিয় পদাৰ্থ আৱিষ্কাৰ কৰিছিল, যি হৈছে আটাইতকৈ শক্তিশালী ফাইটো-অষ্ট্ৰোজেনবোৰৰ ভিতৰত এটা। এই ৰাসায়নিক পদাৰ্থবোৰত মহিলা হৰমন এষ্ট্ৰোজেনৰ দৰে গাঁথনি থাকে। হপ শ্বুটবোৰে অনিদ্ৰা উপশম কৰাত সহায়ক। এই শাকবিধত থকা এবিধ বিশেষ ৰাসায়নিক পদাৰ্থই মহিলাসকলৰ ৰজোনিবৃত্তিৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই কৰ্কট কোষৰ প্ৰসাৰ বন্ধ কৰাত সহায় কৰে।

জাৰ্মান ফেডাৰেল হেল্থ এজেন্সিৰ আয়োগে 1978 চনত স্বতন্ত্ৰভাৱে পৰ্যালোচনা কৰা ভেষজ আৰু উদ্ভিদৰ ঔষধৰ সৈতে সম্পৰ্কিত ঘটনাবোৰৰ অধ্যয়নৰ অন্তত কয় যে টোপনিৰ সমস্যা, অস্থিৰতা আৰু উদ্বেগ দূৰ কৰাত হপ চুটছ উপকাৰী।

লগতে পঢ়ক-বাঁহ গাজৰ ব্যঞ্জন ভাল পাই নেকি আপুনি? জানক ইয়াৰ স্বাস্হ্য উপকাৰিতাসমূহ কি কি?

English Summary: Hop Shoots: World Most Expensive Herb
Published on: 14 June 2022, 10:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now