Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 June, 2022 2:04 PM IST
Tinospora Cordifalia

বাৰীত জঙ্গল হৈ পৰা বিভিন্ন অদৰ্কাৰী গছ-লতা সমুহ আমি প্ৰায়ে কাটি কুটি চিকুনাই থাকো। কিন্তু এই অদৰকাৰী বুলি ভৱা জংগলৰ মাজতে এজুপী এনে লতাও থাকিব পাৰে যিয়ে আমাৰ দেহৰ শবিধৰো অধিক ৰোগৰ মহৌষধী হব পাৰে। তেনে এবিধ লতা হ'ল- অসমীয়াত-অমৰলতা, সিদ্ধিলতা, গুৰুচী, গুলঞ্চী বা শগুণীলতা বুলিও জনাজাত। হিন্দীত:-গিলোয়, সংস্কৃতত-অমৃতা, মধুপৰ্নী, গুৰুচী, অম্ৰুতাবলী আৰু ইংৰাজীত বৈজ্ঞানিক নাম-Tinospora Cordifalia।

শগুণী বা অমৰলতাৰ পাত দেখাত পাণৰ সদৃশ, ডাল খহতা, সৰু সৰু কাইটযুক্ত, আৰু গছ আলু বা কাঠআলুৰ নিচিনা গছত বগাই যায়। যিকোনো ডাল পুতিলে সহজে গজে, খৰালি মৰা যেন দেখিলেও বাৰিষা পুনৰ গজি উঠে। সেয়ে এই লতাবিধক অমৰলতা বোলা হয়।
অন্যহাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে অৰ্থাত এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে।

অমৰলতাক অমৃতা বা শগুণী লতা বোলাৰ মূলতে আমাৰ শৰীৰত হব পৰা ১০০ বিধৰো অধিক ৰোগক বাধা নাইবা অৰোগ্য কৰাব পৰা গুণ আছে। তলত ইয়াৰে কেইটামান গুৰুত্বপূৰ্ণ গুণাগুণৰ বিষয়ে আলোচনা কৰা হ’ল-

  • অমৰলতা প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ উপযোগী নানা উপাদান সমৃদ্ধ মহৌষধী। ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কাৰক।

  • অমৰলতাৰ নিয়মিত সেৱনে বাত পিত্ত কফ সন্তুলিত কৰাৰ লগতে বাত, পিত্ত আৰু কফ দোষৰ পৰা হব পৰা ৫০ বিধৰো অধিক ৰোগ প্ৰতিৰোধ তথা আৰোগ্য কৰে।

  • পচান শক্তি মজবুত কৰাৰ লগতে বদহফম, এচিডিতি, গেষ্ট্ৰিক, পেট জলাপোৰা, , আমাশয়, গ্ৰহণী,কোষ্ঠকাঠিন্য, অৰুচি, অভোক, উগাৰ, বমিভাৱ আদি পেটৰ জৰিয়তে হব পৰা যিকোনো ৰোগৰ বাবে অত্যন্ত উপকাৰী।

  • অমৰলতা ৰক্ত শুদ্ধিকাৰক, ৰক্তবৃদ্ধিকাৰক। ই ৰক্ত বিকাৰ, ৰক্তহীনতা দুৰ কৰাৰ লগতে ব্লাড কোলেষ্ট্ৰ'ল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰে। দেহৰ হিমোগ্লবিনৰ অভাৱ দুৰ কৰে।

  • বহুমুত্ৰ বা মধুমেহ ৰোগীৰ চুগীৰ নিয়ন্ত্ৰন।

  • উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰায়।

  • মগজু, হৃদযন্ত্ৰ, যকৃত, হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে অমৰলতা যথেস্থ উপকাৰী।

  • শৰীৰৰ অতিৰিক্তচৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰাৰ বাবে অমৰলতা ত্ৰিফলাচুৰ্ন বা আমলখি সহ নিয়মিত খালে ভাল ফল পায়।

  • সৰ্দি, জৰ,কাহ, এজমা, মেলেৰীয়া, টায়েফয়েদ আদি ৰোগৰ বাবে অতি হিতকাৰী। তুলসী ,মৌ বা গুড় মিহলাই খাব। অমৰলতাৰ এন্টি ভাইৰেল, এন্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগ সংক্ৰমনক বাধা দিব পাৰে।

  • ডেং গোস্বাৱাইন ফ্লু আদি ৰোগত অমৰলতা+ এলোৱিৰা জুচ+ অমিতা পাতৰ ৰস + মৌ ৫মিলি:কৈ সমপৰিমানে দিনে ২-৩বাৰ খালে সোনকালে আৰোগ্য হয়।

  • মহিলাৰ বন্ধাত্ব ৰোগত অশ্বগন্ধা আৰু অমৰলতা নিয়মিত দীৰ্ঘদিন খালে উপকৃত হয়।

    পুৰুষ বা মহিলাৰ যৌনক্ষমতা বৃদ্ধি হয়।

  • গাথিবিষ, বাতবিষ , অৰ্থ'ৰাইটিচ, হাড়ৰ বিষ, হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপসম হয়।

গতিকে দেখা যায় শগুনীলতা বা অমৰলতা বা গিলোয় আমাৰ দেহৰ বাবে সচাকৈ অমৃত তুল্য। অৱশ্যে প্ৰকৃতি প্ৰদত্ব সকলো ভাল বস্তুত কিছু অপগুণো থাকে।
ক্ষতিকাৰক গুণ:-

  • বেচি মাত্ৰাত কেতিয়াও নাখাব।

  • তিনি বছৰ বয়সৰ তলৰ শিশুক নুখুৱাব।

  • গৰ্ভৱতী মহিলা ,চাৰ্জাৰী বা অষ্ট্ৰোপচাৰ কৰা ৰোগীয়ে আৰোগ্য নোহোৱালৈকে নাখাব।

  • অইন কোনো দৰৱৰ লগত একেলগে নাখাব।

  • কোনো জটিল ৰোগত চিকিৎসাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব।

  • অকাৰনত বা নিৰোগী লোকে সদায় নেখাই সপ্তাহত ২-৩ দিন খাব।

  • নিম্ন ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব।

উৎসঃ বিকাশপেডিআ (সংগৃহীত)

লগতে পঢ়ক-নুনি অথবা মালবেৰী ফল কি? ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কিয় ইমান গুৰুত্বপূৰ্ণ এই নুনি?

English Summary: Health Benefit of Tinospora Cordifalia
Published on: 16 June 2022, 11:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now