Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 May, 2022 4:43 PM IST

চজিনা এবিধ অতি উপকাৰী আৰু পুষ্টিকাৰক পাচলি। চজিনা গছৰ পাত আৰু গছৰ বাকলিৰো আছে বিভিন্ন ঔষধি গুণ। পাহাৰীয়া ওখ পানী বন্ধ নোহোৱা মাটিত চজিনা অধিক পৰিমাণে হয়। ভূটান পাহাৰৰ নামনি, ডুমনী,খৈৰাণী কুমাৰীকটা, সুৱণখাটা আদি অঞ্চলত প্ৰচুৰ চজিনা গছ আছে।তদুপৰি আমাৰ বাৰী-বস্তিত অলপ পৰিমাণে হ’লেও চজিনা গছ থাকে। ফাগুন মাহ অহাৰ লগে লগে চজিনা লাগিবলৈ আৰম্ভ কৰে। চ’ত বহাগত চজিনা খোৱাৰ উপযোগী হয়। চজিনা বগা সৰিয়হ দি ভাজি খোৱা হয়।

আমাৰ গ্ৰামাঞ্চলত চজিনাৰ কোমল পাত ভাজি খোৱা হয়। চজিনাৰ ফুলবোৰ সৰু আলু দি ভাজি খালে বৰ সোৱাদ পোৱা যায়।

১) চজিনাই মানুহৰ পুষ্টিহীনতা দুৰ কৰি দেহত শক্তি বৃদ্ধি কৰে।

২) বসন্ত কালত চজিনা খালে বেমাৰৰ ভাইৰাছ দূৰ হয়। বসন্ত ৰোগ নহয়।

৩) শৰীৰ দুৰ্বল হ’লে চজিনাৰ পাতৰ আঞ্জা বা চজিনা সৰু সৰুকৈ কাটি সৰিয়হ বটি কম পানী দি ৰান্ধি খালে উপকাৰ পোৱা যায়।

৪) ডায়েবেটিছ ৰোগীৰ হাত-ভৰি জিনজিনালে, চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে চজিনাৰ আঞ্জা সুফল পোৱা যায়।

৫) মানুহৰ ৰক্তচাপ বৃদ্ধি পালে, শৰীৰ দুৰ্বল হ’লে , বৃক্ক বেয়া হ’লে চজিনাৰ তৰকাৰী খালে সুফল পোৱা যায়।

৬) হাত-ভৰি ফুলি উঠিলে চজিনাৰ গছৰ বাকলি বান্ধি থ’লে বিষৰ পৰা উপশম হোৱা বুলি কয়।

৭) মনৰ উদ্বেগ- হতাশা আহিলে চজিনা পাতৰ আঞ্জা খালে মন প্ৰফুল্লিত হয়।

৮) চজিনা পাতৰ গুড়ি এক পুষ্টিকৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়।

ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ চজিনা উৎপাদনকাৰী দেশ। বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু অসমত চজিনা বেছি উৎপাদন হয়।

ইয়াত বছৰি প্ৰায় ৩৮ হাজাৰ হেক্টৰ মাটিত চজিনা খেতি কৰা হয়। চজিনা খেতিৰ পৰা ২.২ নিযুত টন চজিনা উৎপাদন কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চজিনা পাতৰ গুড়িৰ পৰা যোৱা ২০১৩-১৪ বছৰত ১১.১৯ নিযুত ডলাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

১০০ গ্ৰাম চজিনাত পোৱা স্বাস্থ্য মৌল তলত দিয়া হ’ল।

 লেখক: অনিল চন্দ্ৰ শৰ্মা (সংগৃহীত)

লগতে পঢ়ক- ভেদাইলতাৰ ঔষধি গুণাগুণসমূহ

English Summary: Health Benefit of Moringa Leaf and Drumstick
Published on: 11 May 2022, 04:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now