শিলিখা গছ এবিধ ঔষধি গছ। বনৌষধি গছৰ ভিতৰত শিলিখা গছ অমৃতৰ নিচিনা গছ। সকলো বেমাৰ হৰণ কৰে বাবেই ইয়াৰ নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। ই এবিধ পবিত্ৰ দ্ৰব্য। পূজা সংস্কাৰ আদি কৰ্মত ইয়াৰ ব্যৱহাৰ কৰা হয়। প্ৰত্যেক শিলিখাতেই ছটাকৈ ৰস থাকে। ছয়বিধ ৰস যেনে- মিঠা, টেঙা, কেহা, তিতা, জলা আৰু লবণ। শিলিখা খোৱাৰ পাছত মিঠা ৰস অনুভৱ হয়।
ঔষধি গুণাগুণ
শিলিখাৰ বহুতো গুণ আছে। ই উষ্ণবীৰ্য, অগ্নিৰ দীপ্তিকাৰক, মেধাজনক, ৰসায়ন, চকুৰ হিতকাৰক, লঘু আয়ুস্কৰক, পুষ্টিকাৰক আৰু মলাদিৰ অধ: প্ৰৱৰ্তক।
প্ৰমেহ, অৰ্শ, কুষ্ঠ, শোথ, উদৰ, কৃমি, স্বৰভংগ, গ্ৰহণীৰোগ, মলৰ বিবদ্ধতা, গুল্মৰোগ, পেটফুলা, পিয়াহ, বমি, হিককা, খজুৱতি, কুহুমখৰ, শূলৰ বেদনা, যকৃত বৃদ্ধি, অস্মৰি কঠিন প্ৰস্ৰাৱ আদি ৰোগৰ বাবে অতি উত্তম।
শিলিখাৰ ফল দাঁতেৰে চোবাই খালে অগ্নি বৃদ্ধি কৰে, বটি খালে কোষ্ঠ্য পৰিষ্কাৰ কৰে, সিজাই খালে শৌচ কৰে আৰু ভাজি খালে ত্ৰিদোষ নষ্ট হয়। এই ত্ৰিদোষ সকলো শৰীৰতে থাকে। ভাত আদি খাদ্য দ্ৰব্যৰ লগত শিলিখা খালে বল বৃদ্ধি, ইন্দ্ৰিয়ৰ প্ৰসন্নতা আৰু বায়ু, পিত্ত আৰু কফ নিৰ্মূল, শৌচ, প্ৰস্ৰাৱ আৰু শৰীৰৰ মল নিৰ্গতকাৰক হয়।
লৱণৰ লগত শিলিখা খালে কফ নষ্ট হয়, চেনিৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ আৰু গুড়ৰ লগত শিলিখা ব্যৱহাৰ কৰিলে শৰীৰৰ সকলো ৰোগ বিনাশ হয়। এনেকৈ ব্যৱহাৰ কৰিলে বাকলিৰ গুড়িৰ মাত্ৰা দুই অনাৰ পৰা চাৰি অনালৈকে ব্যৱহাৰ কৰিব পাৰি।
অতিসাৰ, আমাশয় আৰু আমদোষত গৰম পানীৰ লগত শিলিখাৰ গুড়ি খালে ভাল ফল পোৱা যায়।
যিকোনো ধৰণৰ ছালৰ এলাৰ্জী নিৰাময় কৰিবলৈ শিলিখা ব্যৱহাৰ কৰিব পাৰি। শিলিখাই আমাৰ শৰীৰৰ পাচন প্রণালীটো আৰু অধিক শক্তিশালী কৰি তোলে।
আমাৰ শৰীৰৰ পৰা অলাগতিয়াল টক্সিনসমূহ বাহিৰ কৰাত সহায় কৰে, আৰু আমি খোৱা খাদ্যবস্তুসমূহ জীণ যোৱাত সহায় কৰে। দৈনিক যদি এটাকৈ শিলিখা খোৱা যায়, তেন্তে ইয়াৰ দ্বাৰা আমাৰ ভোক নিয়ন্ত্ৰণ কৰিব পৰা যায়, ফলত পোনপটীয়াকৈ আমাৰ শৰীৰৰ ওজনৰ ওপৰত প্ৰভাৱ পৰে। গতিকে অতি সহজেই ওজন কমাব পৰা যায়। অৱশ্যে আয়ুৰ্বেদ চিকিৎসকৰ পৰামর্শনুযায়ীহে ইয়াৰ সঠিক পৰিমাণে খোৱা উচিত। তদুপৰি শৰীৰৰ দূষিত তেজসমূহ পৰিষ্কাৰ কৰাত শিলিখাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। পেটৰ বহুতো সমস্যা নিৰাময় কৰাৰ ক্ষেত্ৰত শিলিখা ব্যৱহাৰ কৰা হয়, যেনে- কোষ্ঠকাঠিন্য, এচিডিটী, অজীর্ণ, আলচাৰ, বুকু জ্বলা ইত্যাদি।
উৎসঃ Divya Ayurved
লগতে পঢ়ক-কেঁচা আদাৰ স্বাস্হ্য উপকাৰিতা-