Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 August, 2022 3:54 PM IST
Health Benefit of Hibiscus

প্ৰাচীন কালৰে পৰা সৌন্দৰ্য্য  চৰ্চা আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিত স্থান দখল কৰি আহিছে  আমাৰ সকলোৰে চিনাকি জবাফুলৰ গছে। বিশেষকৈ চুলিৰ সৌন্দৰ্য্য বৰ্ধনত নাৰীয়ে জবাৰ পাত আৰু ফুল ব্যৱহাৰ কৰা দেখা যায়। আমাৰ  আইতা, আজোআইতা সকলে চুলিত জবাফুলৰ পৰা তৈয়াৰী জবাকুসুম তেল সানিছিল আৰু মনিছাল, কল খাৰণী, জবা ফুল আৰু পাত আদিৰে চুলি ধুইছিল। শ্বেম্পুৰ ব্যৱহাৰ নাছিলেই সেই সময়ত যাৰ বাবে  তেওঁলোকৰ চুলিৰ সমস্যাও কম আছিল। সুন্দৰ, স্বাস্থ্যউজ্জ্বল একোচা চুলিৰ গোপন ৰহস্য এই জবাফুলৰ মাজতে যেন লুকাই  আছে।

নাৰীৰ অন্তৰ জয় কৰা এই জবাফুলক Hibiscus (Hibiscus Rosa sinensis) বা China rose নামেৰেও জনা যায়। ইয়াৰ বহুতো প্ৰকাৰ আছে যদিও  সাধাৰণতে ৰঙা জবাৰ ঔষধি গুণ বেছি। পৌৰাণিক আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন ৰোগ চিকিৎসাত জবাৰ ব্যৱহাৰ উল্লেখ আছে। চুলিৰ বিভিন্ন সমস্যা, মহিলাৰ মাহেকীয়া জনীত সমস্যা, প্ৰসাবৰ সমস্যা আৰু বহুতো অন্য ৰোগত জবাৰ ব্যৱহাৰ চমকপ্ৰদ।

পৌৰাণিক ইজিপ্ত সভ্যতাৰ সময়ত জবাফুল বিভিন্ন ৰোগত ব্যৱহাৰ হোৱা বুলি প্ৰমাণ পোৱা গৈছে। বৰ্তমান সময়ত এই ৰঙা জবা ফুলৰ পৰা তৈয়াৰ কৰা এন্টিঅক্সিডেন্ট গুণসমৃদ্ধ এবিধ বিশেষ  'হাৰ্বেল টি' খুবেই জনপ্ৰিয় হৈ পৰিছে যিয়ে বহুতো ৰোগ নিৰাময় কৰে বুলি চৰ্চিত হৈছে। ভিটামিন চি, কেলচিয়াম, আইৰণ আদি বিভিন্ন উপদানেৰে ভৰপূৰ এই জবা আমাৰ  স্বাস্থ্য আৰু সৌন্দৰ্য্য বৰ্ধনৰ বাবে কিদৰে উপকাৰী আহকচোন  অলপ জানি লওক-

(১) মূত্ৰজনন (diuretic) হোৱা বাবে প্ৰসাবৰ বিভিন্ন সমস্যা যেনে বেক্টেৰিয়াজনীত সংক্ৰমণ (E. coli) বা মূত্ৰনলীৰ সংক্ৰমণ (UTI), প্ৰসাৱ জ্বলা পোৰা কৰা ইত্যাদিত ৰঙা জবাফুলে সুফল দিয়ে। ইয়াৰ বাবে তলৰ দিহাকেইটা কৰি চাব পাৰে: -

🍀 দুটা বা তিনিটা ৰঙা জবা ফুল পিচি এগিলাচ পানীত অকণমান তালমিচিৰি দি এৰাতি তিয়াই থওক।  চেকণিৰে চেকি পুৱা খালি পেটত নিতৌ  সেৱন কৰক যেতিয়ালৈ সমস্যা কমি নাযায়। ডায়েবেটিচ ৰোগীয়ে মিচিৰি নিদিয়াকৈ খাব।

Order Now: https://ftborganic.com/organikrishi/buransh-squash-450ml/

🍀 দুটা বা তিনিটা জবাফুল পিচি নাভিত ভৰণ দিয়ক আধা ঘণ্টাৰ বাবে। ই তলপেট ঠাণ্ডা কৰে আৰু পেচাবৰ জ্বলা পোৰা সমস্যা কম কৰে।

🍀 ছালকুঁৱৰীৰ ভিতৰৰ সাহ বা জেল এচামুছ, জবা ফুল দুটা পিচি এগিলাচ পানীত অকণমান তালমিচিৰি দি পুৱা খালিপেটত সেৱন কৰিলেও সুফল পাব।

(২) মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা তলপেটৰ বিষ (dysmenorrhea), অনিয়মিত মাহেকীয়া ( irregular periods), বগাস্ৰাৱ ( leucorrhea) আদিতো জবাফুল উপকাৰী। ইয়াৰ বাবে ওপৰত উল্লেখ কৰা দিহাটো কৰি চাব।

(৩) জবাফুলৰ পৰা তৈয়াৰ কৰা এবিধ এন্টিঅক্সিডেন্টযুক্ত হাৰ্বেল চাহ ( Herbal tea) বহু ৰোগৰ প্রতিষেধক। ইয়াৰ বাবে দুপাহ বা তিনিপাহ ফুল লৈ একাপ উতলা পানীত দি কিছুসময় পিছত চেকণিৰে চেকি লওক। ইচ্ছা কৰিলে অকণমান নেমুৰ ৰস দিব পাৰে। নাইবা ডালচিনি সিজোৱা পানীতো এই চাহ বনাব পাৰি। এইবিধ হাৰ্বেল টিয়ে তলত দিয়া ধৰণে সহায় কৰে-

  • এন্টিঅক্সিডেন্ট থকা বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হাৰ্টৰ অসুখ, ডায়েবেটিচ প্ৰতিৰোধ কৰে।

  • উচ্চ ৰক্তচাপ,  কলেষ্টৰলৰ সমস্যা উপশম কৰে।

  • ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰে।

  • মেদবহুলতা দূৰ কৰে।

  • লিভাৰৰ সুৰক্ষা কৰে।

  • স্ত্ৰী হৰম'নসমূহ নিয়ন্ত্ৰণ কৰে আৰু মাহেকীয়াজনীত বিভিন্ন সমস্যাত উপকাৰী।

  • এন্টিঅক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ,কাহ, চৰ্দি আদিৰ পৰা বচাই ৰাখে।

  • কৌষ্ঠকাঠিন্যৰ সমস্যাতো উপকাৰী।

(৪) চুলিৰ বিভিন্ন সমস্যা যেনে চুলি সৰা, অকালপক্কতা (premature greying of hair) আদি সমস্যাত আৰু চুলিৰ সৌন্দৰ্য্য বৰ্ধনত জবাৰ ফুল আৰু পাত দুয়োটাই উপকাৰী। চুলিৰ বাবে উপকাৰী দুটামান দিহা হৈছে-

  • জবাৰ পাত আৰু ফুল পিচি তিল তেলৰ লগত উতলাই লৈ ঠাণ্ডা হোৱাৰ পাছত চেকণিৰে চেকি লৈ চুলিৰ গুৰিত কিছু সময় মালিচ কৰক। এঘন্টা মানৰ পিছত শ্বেম্পুৰে ধুই পেলাওক। এইদৰে সপ্তাহত দুদিনকৈ কৰিব।

  • জবাফুল আৰু আমলখি একেলগে খুন্দি চুলিৰ গুৰিত লগাই এঘণ্টাৰ পিছত শ্বেম্পুৰে ধুই পেলাওক।

  • নাৰিকল তেলৰ লগত কেইপাহমান জবাফুল উতলাই ঠাণ্ডা হোৱাৰ পাছত চেকণিৰে চেকি বটলত ভৰাই থওক। সপ্তাহত দুদিনকৈ এই তেল চুলিৰ গুৰিত মালিচ কৰক আৰু এঘন্টা বা দুঘণ্টাৰ পিছত শ্বেম্পুৰে ধোৱক।

  • হেনাৰ লগত জবাফুলৰ পাত পিচি ব্যৱহাৰ কৰিলেও সুফল পাব।

এন্টিঅক্সিডেন্ট আৰু বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ জবা আমাৰ বাবে প্ৰকৃতিপ্ৰদত্ত বৰদান। সঠিকভাৱে ব্যৱহাৰ কৰিলে ই আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্য বৰ্ধনত সোনত সুৱগা চৰায়। প্ৰাকৃতিক বা বনৌষধি চিকিৎসাত জবাৰ অপাৰ মহিমা দেখা পোৱা যায়। সেয়েহে প্ৰত্যেকৰ ঘৰত এজোপা হ'লেও জবাফুলৰ গছ থকাটো অতি প্ৰয়োজনীয়।

বি: দ্ৰ: জবাফুলৰ পৰা বনোৱা চাহ গৰ্ভৱতী মহিলাই, প্ৰসূতি স্ত্ৰী, নিম্ন ৰক্তচাপ থকা লোক, এলাৰ্জিত ভোগা লোক আৰু সৰু সৰু লৰা ছোৱালীয়ে সেৱন নকৰাই ভাল। সেৱন কৰোতে অত্যাধিক মাত্ৰাত সেৱন নকৰাটো বাঞ্ছনীয়।

লগতে পঢ়ক-Lemon: স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য চর্চাত নেমু

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

BAMS (GU)

গুৱাহাটী, 7399114617

English Summary: Health Benefit of Hibiscus
Published on: 25 August 2022, 03:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now