Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 June, 2022 12:37 PM IST
Pumpkin

ৰঙালাউ এনে এবিধ পাচলি যাক বেয়া পোৱা মানুহৰ সংখ্যা যথেষ্ট কমেই হ’ব। পুৰণি কালৰে পৰা পাচলি হিচাপে ৰঙালাউৰ ব্যৱহাৰ তথা খেতি কৰাৰ উমান পোৱা যায়। ক্ৰান্তীয় আমেৰিকা অঞ্চলকে ইয়াৰ উৎপত্তিস্থল বুলি ঠাৱৰ কৰা হৈছে। ৰঙালাউৰ জনপ্ৰিয়তাৰ কাৰণ হ’ল মুখ্যত: ইয়াৰ খাদ্যমুল, উপকাৰিতা, সোৱাদ, সুন্দৰ ৰং ইত্যাদি।

ই এবিধ নোমাল শাখা-প্ৰশাখাবিশিষ্ট লতা জাতীয় উদ্ভিদ। জাত বিশেষে কিছুমান মাটিতে বগাই হয়, আকৌ আন কিছুমানৰ বাবে চাং বা তেনে কোনো আশ্ৰয়ৰ প্ৰয়োজন হয়। ইয়াৰ ফুলবিলাক যথেষ্ট ডাঙৰ, ধুনীয়া, হালধীয়া; কিছুমান ফুল একলিংগী পুংপুষ্প যিবোৰৰ পৰা ফলৰ সৃষ্টি হ’ব নোৱাৰে।

আন কিছুমান ফুল হ’ল উভয়লিংগী। যাৰ পৰা ফলৰ সৃষ্টি হয়। ৰঙালাউৰ ফলবিধক আন আন লাউজাতীয় ফলৰ দৰে পেপ’ বুলি কোৱা হয়। ইয়াৰ ফলটো মঙহাল, বহুগুটীয়া-যিটো অধোগৰ্ভী গৰ্ভাশয়ৰ পৰা সৃষ্টি হয়। ফলত্বক তিনি তৰপীয়া, বহিস্তকখন যথেষ্ট টান, মধ্যস্তক আৰু অন্তস্তকে মিলি খাব পৰা মঙহাল শাহখিনিৰ সৃষ্টি কৰে।

জাত বিশেষে এইবোৰ সৰু-ডাঙৰ; কেতিয়াবা যথেষ্ট ডাঙৰো হ’ব পাৰে তথা এইবোৰ গোলাকাৰ, উপবৃত্তাকাৰ অথবা দীঘলীয়া শিলিখা আকাৰৰো হোৱা দেখা যায়। ইয়াৰ বৈজ্ঞানিক নাম হ’ল Cucurbita maxima আৰু ই লাউ গোত্ৰৰে অন্তৰ্গত। ৰঙালাউ এবিধ অতি পুষ্টিকৰ পাচলি। ইয়াক বিভিন্ন ধৰণে খাব পৰা যায়। ইয়াক বিভিন্ন জোখত কাটি বিভিন্ন ধৰণে আঞ্জা-ভাজি আদি খোৱা হয়। ৰঙালাউৰ উপকাৰিতা যথেষ্ট। ইয়াৰ গছৰ কুমলীয়া আগ, পাত আদিকে ধৰি গুটি পৰ্য্যন্ত খাব পৰা তথা এইবোৰেও যথেষ্ট পুষ্টিৰ যোগান ধৰে আৰু খাদ্যত জুতি প্ৰদান কৰে।

ই এবিধ কম কেল’ৰিযুক্ত, কলেষ্টেৰলৰ সমস্যা নথকা তথা যথেষ্ট আঁহযুক্ত পাচলি, য’ত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ, ভিটামিন, এন্টি অক্সিডেন্ট আদি থাকে। গতিকে কলেষ্টেৰলৰ নিয়ন্ত্ৰণ তথা ওজন কমাব খোজা ব্যক্তিয়ে এনে ধৰণৰ পাচলি খাব পাৰে। আন আন লাউজাতীয় পাচলিবোৰৰ ভিতৰত ৰঙালাউতেই আটাইতকৈ বেছি ভিটামিন এ থাকে, যাৰ উপকাৰিতা অলেখ। ই হ’ল এটি উল্লেখযোগ্য এন্টি অক্সিডেন্ট, যিয়ে দৃষ্টিশক্তি শক্তিশালী কৰি ৰাখিব পাৰে তথা গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী ইয়ে দেহক হাওঁফাওঁ তথা মুখ গহবৰৰ কেঞ্চাৰ ৰোধ কৰি ৰাখিবৰ ক্ষমতাও প্ৰদান কৰে।

ৰঙালাউৰ উজ্জ্বল গাঢ় সুমথিৰা ৰঙৰ কাৰণ হ’ল ইয়াত থকা কেৰ’টিনয়ড, গতিকে ই হ’ল আলফা, বিটা, কেৰ’টিন, ক্ৰিপট’জেন্থিন, ডিয়াজেন্থিন আদিৰ উৎকৃষ্ট উৎস। এইবোৰে এন্টি অক্সিডেন্টৰ কাম কৰে তথা দেহত সৃষ্টি হোৱা মুক্ত মূলকৰ নিয়ন্ত্ৰণ কৰি দেহটোক বিভিন্ন বেমাৰ ৰোধ কৰাৰ ক্ষমতা প্ৰদান কৰে।

ৰঙালাউ ভিটামিন বি কমপ্লেক্স জাতীয় ভিটামিনৰো ভাল উৎস, য’ত ফলেট, নিয়েচিন, ভিটামিন বি-৬, থায়ামিন আদি থাকে। এইবোৰে স্নায়ৱিক দুৰ্বলতা, হৃদযন্ত্ৰৰ দুৰ্বলতা আদি বিদূৰ কৰিব পাৰে।

ৰঙালাউ থকা বিটা কেৰ’টিনে এন্টি অক্সিডেন্টৰ কাম কৰে তথা ইয়ে ভয়াৱহ কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বহন কৰে। ইয়াত থকা কেৰ’টিনয়ডে দেহৰ ছাল শোটোৰা পৰাৰ পৰা ৰক্ষা কৰিব পাৰে তথা ৰঙালাউত থকা বিভিন্ন ভিটামিন, এন্টি অক্সিডেন্ট আদিয়ে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাটোক সক্ৰিয় কৰি ৰাখি দেহটোক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰি ৰাখে।

এটি দৰকাৰী কথা হ’ল যে ৰঙালাউৰ ফলটোৰ উপৰি গছজোপাৰ আগলি পাত আদিও যথেষ্ট চাহিদা থকা সেউজ শাক। শাক হিচাপে ভাজি খোৱাৰ উপৰি ৰঙালাউৰ পাত মিহিকৈ কুটি শুকান কেৰাহীত ভাজি নিমখ, নহৰু, ভজা কালজীৰা আদি প্ৰয়োগ কৰি মিহিকৈ পিহি প্ৰস্তুত কৰা চাটনিখিনিৰ ঘ্ৰাণ তথা জুতিয়েই সুকীয়া।

ৰঙালাউৰ পাতত থকা ভিটামিনবোৰে দৃষ্টিশক্তি বৰ্দ্ধন, ছালৰ উজ্জ্বলতা প্ৰদানকে ধৰি দেহৰ বিভিন্ন ধৰণৰ ঘা আদি শুকোৱাত সহায় কৰে। ইয়াত থকা কেলচিয়ামে হাড় তথা দাঁতক মজবুতি প্ৰদান কৰাৰ উপৰি হৃদধমনীয় ৰোগৰ পৰা দেহটোক ৰক্ষা কৰি ৰাখে। ৰঙালাউৰ পাত শকত থকা আইৰণে ৰক্তহীনতা দূৰ কৰাত অৰিহণ যোগায়।

আন এটি উল্লেখযোগ্য কথা হ’ল যে ফল বা পাতৰ উপৰি ৰঙালাউৰ গুটিবোৰেও যথেষ্ট উপকাৰিতা বহন কৰে, যাক অথচ আমি প্ৰায়ে খাদ্য উপকৰণ বুলি গণ্যই নকৰো। এই গুটি সামান্যভাৱে ভাজি নহৰু, নিমখ আদি প্ৰয়োগ কৰি মিহিকৈ পিহি সোৱাদযুক্ত চাটনি প্ৰস্তুত কৰি খাব পৰা যায়। ৰঙালাউৰ গুটি হ’ল ট্ৰিপট’ফেন এমিন’ এচিডৰ এটি অতি উৎকৃষ্ট উৎস, যি মগজুত GA BA লৈ পৰিৱৰ্ত্তিত হয় আৰু ইয়ে মানুহৰ বিৰক্তি, হতাশা আদি দূৰ কৰাত সহায় কৰে। এই গুটিত থকা যথেষ্ট পৰিমাণৰ জিংকে Osteophoresis ৰোধ কৰি ৰাখিব পাৰে। ইয়ে হেনো বৃক্কত পাথৰ সৃষ্টি ৰোধ কৰিবও পাৰে। ইয়াত থকা ফাইট’ষ্টেৰলবোৰে কলেষ্টেৰলৰ পৰিমাণ কমাই ৰাখিব পাৰে তথা কেঞ্চাৰকে ধৰি বিভিন্ন ধৰণৰ কমাই ৰাখিব পাৰে তথা কেঞ্চাৰকে ধৰি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা দেহটোক ৰক্ষা প্ৰদান কৰি ৰাখিব পাৰে। এই গুটিত থকা এক সম্পৃক্ত ফেটি এচিড তথা অতিৰিক্ত আঁহ আদিয়ে হৃদযন্ত্ৰৰ সুস্বাস্থ্য ৰক্ষা কৰি ৰাখিব পাৰে।

সুন্দৰ ৰং তথা সোৱাদে আকৰ্ষণ কৰা ৰঙালাউ পাচলিবিধৰ উপকাৰিতা অপৰিসীম যাৰ কুমলীয়া আগ-পাত-গুটিকে ধৰি প্ৰায়বোৰ অংশই যথেষ্ট উপকাৰিতা বহন কৰিছে। সেয়ে এইবিধ পাচলি বিভিন্ন প্ৰকাৰে তথা বিভিন্ন জুতিত প্ৰস্তুত কৰি খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিলে আমি যথেষ্ট পুষ্টি তথা উপকাৰিতা পাব পাৰো আৰু দেহটোক বিভিন্ন বেমাৰৰ পৰা প্ৰতিৰোধ কৰি ৰাখিব পাৰো।

লেখিকা: ড০ নমিতা নাথ, (বিকাশপেডিয়া পৰা সংগৃহীত)

লগতে পঢ়ক-পটল খেতিয়েই য’ত জীৱিকাৰ অৱলম্বন

English Summary: Health Benefit of eating Pumpkin
Published on: 07 June 2022, 12:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now