Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 March, 2023 12:57 PM IST
Health benefit of Cumin

প্ৰতিগৰাকী গৃহিনীৰ চিৰ পৰিচিত মচলাবিধ হৈছে জিৰা (Cuminum cyminum)। মাছ মাংস, পনীৰ, পোলাও, বিৰিয়ানি আদি বিভিন্ন ব্যঞ্জন বনাওঁতে জিৰা অকণমান হলেহে যেন ৰান্ধনীৰ মনটো ভাল লাগে। ইয়াৰ মলমলীয়া গোন্ধে ব্যঞ্জনৰ সোৱাদ দুগুণে বঢ়াই তোলে। উত্তৰ ভাৰতত 'জিৰা ৰাইছ' খুবেই জনপ্ৰিয়। যদিও মছলা স্বাস্থ্যৰ বাবে অপকাৰী বুলি ভবা হয় প্ৰকৃততে কিনা পাউদাৰ মছলাৰ পেকেট সমূহ হে অপকাৰী। কাৰণ সেইবোৰত অন্য কৃত্ৰিম সামগ্ৰী মিহলোৱা হয়। সঠিক পৰিমাণত ঘৰতে তৈয়াৰ কৰা মছলা স্বাস্থ্যৰ বাবে উপকাৰীহে। এই সকলোবোৰ মছলা বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ।

জিৰা সাধাৰণতে দুই প্ৰকাৰৰ-এবিধ বগা, আনবিধ কালাজীৰা। বগা জিৰাৰ আন এটা প্ৰকাৰ আছে যাক চাহি(Shahi jeera) বুলিও কোৱা হয়। আজি বগা জিৰাৰ ঔষধি গুণৰ কথা থুলমূলকৈ আলোচনা কৰিম।

জিৰাত ভিটামিন A, C, E, B complex, কপাৰ, মেংগানিছ, মেগনাছিয়াম, ফচফৰাছ, কেলচিয়াম পতাচিয়াম, আইৰণ আদি পোৱা যায়। জিৰাৰ গোন্ধৰ বাবে দায়ী প্ৰধান এৰোমা হৈছে Cuminaldehyde যিয়ে জিভাৰ লালটি গ্ৰন্থি সমূহক সক্ৰিয় কৰি তোলে। ঠিক তেনেকৈ ইয়াত থকা Thymol এ বিভিন্ন এঞ্জাইম, পিত্তৰস,পাচক ৰসৰ ক্ষৰণ বৃদ্ধি কৰি পাচন কাৰ্যত সহায় কৰে। এচিডিটি, পেট ফুলা, বদহজম, পেটৰ বিষ আদিত জিৰা খালে সুফল পোৱা যায়। উত্তৰ ভাৰতত ব্যৱহাৰ হোৱা 'জল জিৰা' এক সুন্দৰ ঔষধি ব্যঞ্জন। পেটৰ বিভিন্ন সমস্যাত জিৰা তলত দিয়া ধৰণেৰে খালে সুফল পোৱা যায়।

(১) ১ চামুচ ভজা জিৰা গুৰি, অকণমান ক'লা নিমখ এক গ্লাছ কুহুমীয়া পানীত মিহলাই খাওক।

(২) দৈৰ পানী খিনিত (buttermilk) ১/৪ চামুচ জিৰা গুৰি, অকণমান জালুকৰ গুৰি, অকণমান কলা নিমখ দি খাওক।

(৩) ১ কাপ পানী উতলাই তাত অকণমান জিৰা গুৰি, আদাৰ গুৰি, কলা নিমখ মিহলাই ঠাণ্ডা হোৱাৰ পিছত চেকণিৰে চেকি খাওক।

ইয়াৰ উপৰিও জিৰা নিদ্ৰাহীনতাত (Insomnia)উপকাৰী। অৰ্শ (piles) ৰোগত উপকাৰী কাৰণ ইয়াত প্ৰচুৰ আঁহ আছে(fibre)।

চৰ্ম ৰোগত( skin diseases)জিৰা উপকাৰী কাৰণ ইয়াত ভিটামিন E আছে। গতিকে আজিৰে পৰা মছলা বেয়া বুলি ভয় নকৰি নিচিন্ত মনেৰে ইয়াৰ সোৱাদ লওক আৰু স্বাস্থ্যবান হওক।

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

7399114617

লগতে পঢ়ক-

স্বাস্থ্য ৰক্ষা আৰু ঘৰুৱা দিহাত পাকঘৰৰ সাধাৰণ বস্তু

 

English Summary: Health benefit of Cumin
Published on: 18 March 2023, 12:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now