Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 May, 2022 11:25 AM IST
Health Benefit of Centella Asciatika

মানিমুনি বা ব্ৰাহ্মী এবিধ শ্ৰেষ্ঠ ৰসায়ন বুলি চৰক সংহিতাত উল্লেখ আছে। সদায় মানিমুনি খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়। শৰীৰ সুস্থ সবল কৰি যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। মানিমুনিৰ বোটানিকেল নাম চেন্টেলা এচিয়াটিকা (Centella Asciatika) , আয়ুৰ্বেদিক নাম ব্ৰাহ্মী আৰু মণ্ডুকপৰ্ণী। বৈদিক যুগৰ পৰা মানিমুনি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। মেলিক এচিড , এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড , ব্ৰাহ্মীনোচাইড , ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ মানিমুনিত পোৱা যায়।

মানিমুনিৰ গুণাগুণ

হৃদপিণ্ডৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে, টোপনি স্বাভাৱিক কৰি মানসিক উত্তেজনা নোহোৱা কৰে ,ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, সকলো প্ৰকাৰৰ আঘাত আৰু ঘা উপশম কৰে , চৰ্মৰোগ

প্ৰতিৰোধ কৰে, মস্তিষ্ক আৰু স্নায়ুমণ্ডলৰ মৰা কোষবোৰ আতৰাই নতুন কোষ পুনৰাই গঠন কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰাখিব পাৰে।

মানিমুনিৰ প্ৰয়োগ

(১) মানিমুনি এবিধ শ্ৰেষ্ঠ ৰসায়ন, সদায় মানিমুনি খালে ৰোগমুক্ত হৈ দীৰ্ঘায়ু প্ৰাপ্ত হয় ।

(২) বয়সৰ লগে লগে বিশেষকৈ ৩০ বছৰ বয়সৰ পিছত দৈনিক গঢ়ে একলাখ স্নায়ুকোষ ধ্বংস হয় অথবা মৰে। সেয়েহে স্নায়বিক দূৰ্বলতা আৰু স্মৃতি শক্তি কমিবলৈ ধৰে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই, বুদ্ধিৰ বিকাশ কৰে, ভাল টোপনি আহে, মনৰ অস্থিৰতা আতৰ কৰে, মানসিক উৎকন্ঠাৰ (anxiety) নাইকিয়া কৰে, অৱসাদ বিলুপ্ত কৰে । মৃগীৰোগ, আক্ষেপ, কম্পবাত (Parkinson) তথা বাৰ্ধক্যজনিত সকলোপ্ৰকাৰ ৰোগ হোৱাত বাধা আৰোপ কৰে আৰু ৰোগত আক্ৰান্ত হলেও আৰোগ্য কৰে ।

(৩) অন্নদ্ৰৱ শূল (গেষ্ট্ৰিক আলছাৰ), পৰিণাম শূল (ডিওডেনেল আলছাৰ), অম্লপিত্তৰ (গেষ্ট্ৰাইটিচ), মুখৰ ঘা, সংগ্ৰহণী (আলছাৰেটিভ কলাইটিচ), নাড়ীব্ৰণ (ফিস্তুলা) আৰু অৰ্শ ৰোগ মানিমুনিয়ে ভাল কৰে।

(৪)চ'ৰিয়েচিচ, ডাৰমাটাইটিচ, ছিফিলিচৰ কাৰণে হোৱা চৰ্মৰোগত মানিমুনি উপকাৰী। ইয়াৰ ৰস খোৱাৰ উপৰিও চৰ্মৰোগ হোৱা স্থানত সানিব পাৰি।

(৫) মানিমুনি খালে হৃদৰোগ ভাল হয় আৰু হৃদপিণ্ড সুস্থ সবল কৰি ৰাখিব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, শিৰা সঙ্কোচন (ভেৰিক'জ ভেইন) নিৰ্মূল কৰে

(৬) সকলোপ্ৰকাৰ লিভাৰ ৰোগ ভাল কৰে। বিশেষকৈ লিভাৰ চিৰচিচ নামৰ কোষ ধ্বংস হোৱা ৰোগত মানিমুনি খালে ধ্বংস বা মৃত কোষবোৰ আতৰাই নতুন কোষ গঠন কৰে।

(৭) পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাহ ৰোগীৰ বাবে মানিমুনি মহৌষধ।

মানিমুনি ব্যৱহাৰ

(১) ৰাতিপুৱা খালি পেটত মানিমুনি পাত ৮-১০ পৰ্যন্ত চোবাই খাব পাৰে।

(২) ৩-৪ চামুচ মানিমুনিৰ ৰস ২-৩ বাৰ খাব পাৰে।

(৩) Brahmi vati- দূটাকৈ দিনে তিনিবাৰ খাব ।

(৪) Brahmi syrup- তিনি চামুচকৈ দিনে তিনিবাৰ খাব ।

(৫) Brahmi Rasayan- এচামুচকৈ দিনে দুই-তিনিবাৰ খাব।

ইয়াত উল্লেখ কৰা ৫ বিধৰ যিকোনো এবিধ খালেই হ'ব ৷

#সংগৃহীত

লেখক- ডাঃ মনোজ কুমাৰ শইকীয়া

ফোন নম্বৰ-9435209704

লগতে পঢ়ক-শুকলতি (পাচাউলি) শাকৰ স্বাস্হ্য উপকাৰিতা

English Summary: Health Benefit of Centella Asciatika
Published on: 22 May 2022, 11:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now