টোপনি সুস্বাস্থ্যৰ মহৌষধ ৷ ৰাতিৰ ভাল টোপনিয়ে মানুহক নিৰোগী স্বাস্থ্য প্ৰদান কৰে৷ মানুহৰ শৰীৰটোও যন্ত্ৰৰ দৰে ৷ টোপনিৰ সময়ত দেহটোৱে বাহ্যিকভাৱে ৰেষ্ট পাই যদিও আভ্যন্তৰীণ ভাৱে পৰিপাক যন্ত্ৰটোৱে তেতিয়াই নিজৰ কাম সমাধা কৰে৷ সেয়ে আপোনাৰ টোপনি সময়ত অহাৰ বাবে দুটামান কৌশল অৱলম্বন কৰিব পাৰে ৷ কাৰণ ৰাতিৰ টোপনি সম্পূৰ্ণ নোহোৱাৰ প্ৰভাৱ দিনৰ কাম-কাজতো পৰি উদ্যমহীন কৰি দিনৰ কামবোৰ বেয়া কৰি পেলায় ৷
ইয়াৰ ফল আপোনাৰ পৰিয়াল, চাকৰি জীৱন, সমাজ জীৱনৰ ওপৰটো পৰে ৷ সেয়ে চিকিৎসকে আঠ ঘটাৰ টোপনিৰ পৰামৰ্শ দিয়ে ৷ টোপনিৰ নিজস্ব এটা বৃত্ত থাকে আৰু বৃত্ত মানি মানুহৰ আগদিনাৰ টোপনিৰ সময় অনুসৰণ কৰি মানুহৰ টোপনি আহে ৷
১) সুন্দৰ টোপনিৰ বাবে মানুহে শোৱাৰ আগত এগিলাছ গৰম গাখীৰ সেৱন কৰাটো প্ৰয়োজনীয় ৷
২)ভাল টোপনিৰ বাবে মানুহে লঘু ব্যায়াম ,খোজকঢ়া আদি জৰুৰী অভ্যাস গঢ়িতোলাটো জৰুৰী ৷
লগতে পঢ়ক-
ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!
৩) ভাল টোপনিৰ বাবে আৰাম দায়ক পোছাক পৰিধান কৰাটো জৰুৰী ৷কপাহী ঢিলা পোচাকে সুন্দৰ টোপনিত সহায় কৰে ৷
৪) শোৱনীকোঠাত বতাহ চলাচল কৰাৰ ব্যৱস্থাই সুন্দৰ টোপনিত সহায় কৰে ৷
৫) শোৱনীকোঠাত গৰম দিনত কম তাপ মাত্ৰাৰ
হোৱাটো জৰুৰী ৷ কম তাপ মাত্ৰাই ভাল টোপনিত সহায় কৰাৰ লগতে ঠাণ্ডা দিনত অলপ উমাল গৰম হোৱাটো প্ৰয়োজনীয় ৷
৬) কম পোহৰৰ ড্ৰীম লাইট , বিচনালৈ যোৱাৰ আগে আগে পাতল মৃদু সংগীতে মানুহৰ মন পাতল ,চাপ মুক্ত কৰি তোলে ৷যি কামে ৰাতিৰ টোপনিত সহায় কৰে ৷
৭) নিজৰ শোৱা বিচনাৰ বিচনা চাদৰ ,গাৰুকভাৰ ,আঠুৱা আদি চাফাকৈ ধোৱা হোৱাটোৱেও ভাল টোপনিত সহায় কৰে ৷
৮) বিচনালৈ যোৱাৰ দুঘন্টাৰ আগেয়েই ৰাতিৰ আহাৰ লোৱাটো জৰুৰী ৰাতিৰ পাতল আহাৰেও টোপনিত সহায় কৰাৰ লগে লগে সুস্বাস্থ্যটো প্ৰভাৱ পেলাই ৷
লেখক : ড° জুৰী গোস্বামী
লগতে পঢ়ক-
সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ কিয় হয় জানেনে!