ভেদাই লতা হ’ল দীঘল পাতৰ লতাজাতীয় এবিধ উদ্ভিদ । সাধাৰণতে হাবি -জংঘলত পোৱা যায় যদিও মানুহে সুবিধাৰ বাবে বাৰীতো ৰুই লয় । বহুতে ইয়াৰ আন এটা নাম 'গোন্ধোৱা লতা’ বুলি কয়৷ ভেদাইলতাৰ পাত, ঠাৰি, ফুল সকলো অংশই খাব পাৰি। চাতনী কৰি ,বড়া ভাজি কৰি , মাছৰ লগত জোল কৰিও ভোদাই লতা খাব পাৰি। ভেদাই লতাৰ বহুতো উপকাৰিতা আছে। তলত সেইবোৰ উল্লেখ কৰা হ’ল-
(১) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয় ।
(২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয় ।
(৩) হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে ।
(৪) প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য ।
(৫) একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে ।
(৬) দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজক ; বিষ কমি যাব ।
(৭) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায় ।
(৮) ইয়াৰ কুমলীয়া আগ কেইফুটামান নহৰুৰ লগত চাটনী কৰি ভাতৰ লগত খালে ভোক বাঢ়ে আৰু হজমী শক্তি বাঢ়ে ৷
গতিকে দেহত বেমাৰ থাকক বা নাথাকক মাজে মাজে ভেদাইলতা সকলোৱে খাব লাগে। বাৰীত নাই যদি ওচৰৰ কাৰোবাৰ পৰা পুৰঠ ডাল এটা আনি ৰুই লব পাৰে বাৰীৰ চুকতে। জেগা নহ’লে ডাঙৰ টাবতো ৰুব পাৰি ভেদাই লতাৰ গছ।
লগতে পঢ়ক- পথাৰত গজা জিলমিল শাকৰ উপকাৰিতা