Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 June, 2022 11:57 AM IST
Ayurvedic ways to keep the digestive system strong

আয়ুৰ্বেদ অনুসৰি পাচন সম্বন্ধীয় সমস্যা হৈছে প্ৰায় ভাগ ৰোগৰ মূল কাৰণ। পাচনতন্ত্ৰ শক্তিশালী হ’লে অধিকসংখ্যক ৰোগ প্ৰতিৰোধ কৰাৰ লগতে নিৰাময় কৰিব পাৰি। আয়ুৰ্বেদত পাচনতন্ত্ৰ সবল কৰি ৰাখিবলৈ কেতবোৰ নিয়মাৱলী উল্লেখ কৰিছে। সেইসমূহ হৈছে-

পুৱা শুই উঠি পানী সেৱন কৰা (To wake up in the morning and drink water)

পুৱা শুই উঠিয়ে এগিলাচ পানী খোৱাৰ অভ্যাসে পাচন সম্বন্ধীয় বহুতো সমস্যা দূৰ কৰে। শুই উঠি পানী খালে ক্ষুদ্ৰান্তৰ কাৰ্য ক্ষমতা বঢ়াৰ ফলত আমাৰ শৰীৰৰ অলাগতিয়াল দ্ৰব্য নিষ্কাষণ হোৱাত সহায় হয়।

সঠিক দিনচৰ্যা পালন কৰা (Observing the day right Way) 

সঠিক দিনচৰ্যা পালন কৰাটো আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক। পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে সঠিক দিনচৰ্যা মানি চলা উচিত। সদায় সঠিক সময়ত ভোজন কৰা উচিত। পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি ৰাতিৰ আহাৰলৈকে সদায় একে সময়তে খাব লাগে। আমাৰ শৰীৰটোৱে আমি পালন কৰা দিনচৰ্যা অনুসৰি নিজকে খাপ খুৱাই লয়। গতিকে সদায় সঠিক সময়ত খোৱাৰ লগতে একে সময়ত শোৱা উচিত। বহুসংখ্যক লোকে কামৰ তাগিদাত ৰাতি দেৰিলৈকে থাকে আৰু পুৱাও দেৰিকৈ শুই উঠে। ৰাতি দেৰিলৈকে জাগি থকাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। সেয়ে ৰাতি সোনকালে শুবলৈ যোৱাৰ অভ্যাস কৰিব লাগে।

পর্যাপ্ত টোপনি (Adequate Sleep)

টোপনিৰ লগত আমাৰ শৰীৰটোৰ ওতঃপ্রোত সম্বন্ধ আছে। খাদ্যৰ লগতে টোপনিও আমাৰ শৰীৰটোৰ বাবে অতি আবশ্যক। বহুতে ভাৱে যে কমকৈ টোপনি যোৱাৰ পাছতো তেওঁ নিজকে ফিট ৰাখিছে। কিন্তু এয়া ভুল ধাৰণা। অলপ দিনৰ বাবে ঠিকে থাকিলেও পাছলৈ ইয়ে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব। সেয়েহে দিনে কমেও আঠ ঘণ্টা ভাল টোপনি যোৱা অতি আৱশ্যক।

সতেজ আহাৰ গ্ৰহণ কৰক (Eat fresh food)

আয়ুৰ্বেদ অনুসৰি খোৱা খাদ্য ভালদৰে হজম হোৱাৰ অন্যতম নীতি হৈছে সতেজ আহাৰ গ্ৰহণ কৰা। গৰম আৰু সতেজকৈ তৈয়াৰ কৰা খাদ্যই এনজাইমৰ কাৰ্যক্ষমতা বঢ়াই তোলে।

ভোক লাগিলেহে খাদ্য খোৱা উচিত (Food should be consumed only when hungry)

বহুলোকে যেতিয়া ভোক লাগে তেতিয়া একো নাখায় আৰু যেতিয়া ভোক নাথাকে কিবা নহয় কিবা খাই থকা দেখা যায়। যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। সেয়ে আয়ুৰ্বেদত ভোক লাগিলেহে খোৱাৰ কথা উল্লেখ কৰিছে। অত্যধিক খাদ্য সেৱন কৰাৰ ফলত পাচনতন্ত্রত অধিক চাপ পৰে।

খাদ্য ভালদৰে চোবাই খাওক (Chew the food thoroughly)

খাদ্য কেতিয়াও খৰধৰকৈ খোৱা অনুচিত। লাহে- ধীৰে ভালদৰে চোবাই খাব লাগে। এনেদৰে খালে পাকস্থলীত ভালদৰে খাদ্য হজম হোৱাত সহায় হয়। আহাৰ যিমানে চোবাই খাব সিমানে আমাৰ শৰীৰে পোষক তত্ত্বসমূহ লাভ কৰিব।

পানী খোৱাৰ নিয়ম (Rules for drinking water)

আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ আগতে বেছিকৈ পানী খোৱা অনুচিত। আহাৰ খোৱাৰ আগতে আৰু খাই থাকোতে অত্যধিক পানী খালে পাচন ক্রিয়া কমি যায়। সেয়ে আয়ুর্বেদত আহাৰ খোৱাৰ আধা ঘণ্টা পাছত ভালদৰে পানী খোৱাৰ কথা কৈছে। পানী সদায় কুহুমীয়৷ গৰম কৰি খাব লাগে। ঠাণ্ডা পানী বিশেষকৈ ফ্ৰীজৰ পানী স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

আটাইকেইবিধ ৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক (Include all the juices Food in the diet Chart)

সুষম খাদ্যৰ বাবে গোটেই ছয় প্ৰকাৰৰ ৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত থকাটো অতি জৰুৰী। এই ছয়বিধ ৰস যেনে মধুৰ, অম্ল, লৱণ, কটু, তিক্ত আৰু কষায়ে আমাৰ শৰীৰত দোষৰ সাম্যতা বজাই ৰাখে।

নিশাৰ আহাৰ খোৱাৰ পাছত খোজকঢ়া (Walking after dinner)

আয়ুর্বেদ অনুসৰি নিশাৰ আহাৰ খোৱাৰ পাছত কমেও এশ খোজ কাঢ়িবলৈ উপদেশ দিছে। ইয়াৰ ফলত খাদ্য ভালদৰে হজম হয় আৰু তেজত ছুগাৰৰ পৰিমাণ সাম্য অৱস্থাত থাকে।

আহাৰ খোৱাৰ পাছত বজ্ৰাসন কৰক (Perform Vajrasana after Eating)

বজ্ৰাসন এনে এবিধ আসন যাক আহাৰ খোৱাৰ পাছত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বজ্ৰাসন কৰাৰ ফলত পাচনতন্ত্ৰৰ অংগসমূহলে তেজ চলাচল হোৱাৰ ফলত পাচনতন্ত্ৰৰ কার্যক্ষমতা বৃদ্ধি পায়।

শাৰীৰিক কাৰ্য কৰক (Do Physical Work)

যিসকল লোকে কোনো ধৰণৰ শাৰীৰিক কাৰ্য নকৰে তেওঁলোকৰ পাচনতন্ত্র অতি কম সময়তে ৰুগীয়া হ'বলৈ ধৰে। যদিহে অফিচত কোনো ধৰণৰ শাৰীৰিক কাম নাথাকে তেন্তে পুৱা শুই উঠি খৰকৈ খোজকঢ়া, চাইক্লিং ইত্যাদি কৰিব পাৰে।

অনবৰত বহি নাথাকিব (Don't sit continuously)

অনবৰত বহি থাকিলে খোৱা খাদ্য ভালদৰে হজম নহয়। যিসকল লোকে অনবৰত কম্পিউটাৰত বহি কাম কৰিব লগা হয় তেওঁলোকে মাজে মাজে ব্রেক লৈ খোজকঢ়া উচিত।

অত্যধিক চৰ্বি আৰু তেলজাতীয় খাদ্য বর্জন কৰা (Avoiding foods that are high in fat and oily)

আমাৰ বয়স যিমানে বাঢ়ি যায় সিমানে তেলজাতীয় খাদ্য হজম কৰাৰ ক্ষমতা কমি যায়। অত্যধিক চর্বি, তেলজাতীয় আৰু ফাষ্টফুড খোৱাৰ ফলত বদহজম, বমি, টেঙা উগাৰ ইত্যাদি হ'বলৈ ধৰে। চৰ্বিযুক্ত খাদ্যই আমাৰ পাচন ক্ৰিয়াৰ কার্যক্ষমতা কমাই দিয়ে। যাৰ ফলত খাদ্য হজম হোৱাত পলম হয়।

মদ, চিগাৰেটৰ পৰা দূৰত থাককঃ মদ আৰু চিগাৰেট সেৱনৰ ফলত আমাৰ পাচনতন্ত্র বেয়া হোৱাৰ উপৰি বিভিন্ন বোমাৰে বেৰি ধৰে। চাহ, কফি ইত্যাদিও পৰাপক্ষত কমাই খোৱা উচিত।

পাচনশক্তি বঢ়াবলৈ কেইবিধমান বিশেষ খাদ্য তলত উল্লেখ কৰা হৈছে (some special foods to increase digestive energy)

ইলাচীঃ ইলাচী গৰ্ভৱতী মহিলাৰ বাবে অতি লাভকাৰী। ইলাচীয়ে গৰ্ভৱতী মহিলাৰ পাচন সম্বন্ধীয় সমস্যা দূৰ কৰে। চাহৰ লগতো ইলাচী ব্যৱহাৰ কৰিব পাৰে।

নেমুঃ নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। নেমু খোৱাৰ ফলত পেটৰ বহুতো সমস্যা, বদহজম, গেছ ইত্যাদি দূৰ হয়।

মধুৰিআমঃ মধুৰিআম এবিধ অতি উৎকৃষ্ট ফল। মধুৰিআমত ভিটামিন চি, ফছফৰাছ, পটাছিয়াম আদি থাকে। মধুৰিআম সেৱনৰ ফলত মস্তিষ্ক, হৃদযন্ত্ৰ আৰু পাচনতন্ত্র মজবুট হয়।

চফ: এচিডিটি, বুকু জ্বলা-পোৰা, খোৱা খাদ্য ভালদৰে হজম হ'বলৈ চফ খাওক। নিতৌ এচামুচকৈ চফ খালে পাচনতন্ত্র ঠিকে থাকে।

হালধিঃ হালধিয়ে আমাৰ বদহজম, পেটৰ আলচাৰ, পাচন সম্বন্ধীয় সমস্যা আদি দূৰ কৰে।

আমলখি: আমলখিয়ে আমাৰ শৰীৰত 'ভিটামিন-চি'ৰ অভাৱ দূৰ কৰে। আমলখি নিতৌ সেৱনৰ ফলত আমাৰ পাচনতন্ত্ৰ ৰুগীয়া হোৱাৰ পৰা ৰক্ষা পৰে। আমলখি পিচি তাৰ লগত জালুক, হিং, জিৰা মিলাইও খাব পাৰে।

অমিতা: কেঁচা অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী। অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে— যিয়ে খোৱা খাদ্যত থকা প্ৰ'টিন বিভাজিত কৰি পাচন যোগ্য কৰি তোলে।

কলঃ কল পেটৰ বাবে এবিধ উৎকৃষ্ট ফল। কল সেৱনৰ ফলত পাচন শক্তি বাঢ়ে।

চালাড: খাদ্য ভালদৰে হজম হ'বলৈ চালাড় খাওক। চালাডত নেমু, বিলাহী, পিঁয়াজ আদিও অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ উপৰি মুগ, গজালি ওলোৱা বুট, আম, ডালিম, কমলা ইত্যাদি খোৱা উচিত।

পাচন শক্তি বঢ়াবলৈ কেইটামান ঘৰুৱা দিহা (A few home remedies to increase digestive energy)

  • দৈ পাচন ক্ৰিয়াৰ বাবে অতি উত্তম। সেয়েহে দৈ সেৱন কৰক।

  • আজৱাইন পানীৰ লগত উতলাই খালে পাচনতন্ত্র ঠিকে থাকে।

  • আনাৰসৰ ৰস পাচনতন্ত্ৰৰ বাবে অতি উত্তম।

  • নেমুত ক’লা নিমখ মিহলাই খালে বদহজম দূৰ হয়।

  • হিং ব্যৱহাৰ কৰক। ইয়াৰ ফলত বদহজম আৰু গেছ দূৰ হয়।

  • দুই-তিনি গ্রাম শুকান আদাৰ গুড়ি কুহুমীয়া গৰম পানীৰ লগত খাওক।

  • এচামুচ ভজা জিৰা গুড়ি এগিলাছ পানীৰ লগত মিহলাই খাওক।

  • সমান পৰিমাণৰ আদাৰ ৰস আৰু নেমুৰ ৰসৰ লগত এচিকুট নিমখ মিহলাই আহাৰ খোৱাৰ আগত গ্ৰহণ কৰক।

  • গেছ দূৰ কৰিবলৈ কেঁচা নহৰু খাওক।

লেখিকা- ডাঃ বিজিতা চুতীয়া

বি. এ. এম. এচ., এম. ডি.

জ্যেষ্ঠ্য গৱেষক ও চিকিৎসক (আয়ুৰ্বেদ)

ফোনঃ ৯৭০৭২৮৪১০০

English Summary: Ayurvedic ways to keep the digestive system strong
Published on: 24 June 2022, 11:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now