Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 July, 2022 10:13 AM IST
Aloe Vera and its Health Benefit

চাল-কুঁৱৰী বা এল' ভেৰা একপ্ৰকাৰ জলসম্বৃদ্ধ (succulent) উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়াবুলি ভবা যায়। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰপৰাই ইয়াক বনৌষধি হিচাবে ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াৰ বিভিন্ন অংশ বা উৎপাদ প্ৰসাধন উদ্যোগ আৰু বৈকল্পিক ঔষধ উদ্যোগত উজ্জীৱক, নিৰামক বা শীতলকাৰক গুণযুক্ত বুলি প্ৰচাৰিত আৰু ব্যৱহাৰ কৰি অহা হৈছে। 

চাল-কুৱঁৰীৰ কেইবাটাও সমাৰ্থক নাম (Synonym (taxonomy)) আছে: A. barbadensis Mill., Aloe indica Royle, Aloe perfoliata L. var. vera and A. vulgaris Lam. সাধাৰণ নামৰ ভিতৰত ইয়াক Chinese Aloe, Indian Aloe, True Aloe, Barbados Aloe, Burn Aloe, First Aid Plant আদি বুলি জনা যায়।

ইয়াক সৰ্বপ্ৰথমে ১৭৫৩ চনত কাৰ্ল লিনিউচে (Carl Linnaeus) Aloe perfoliata var. vera বুলি, সমগ্ৰ পৃথিৱীতে ব্যাপক ভাৱে খেতি কৰা হয়। প্ৰাকৃতিকভাৱে ইয়াক আৰব উপমহাদ্বীপৰ দক্ষিণাৰ্ধ, উত্তৰ আফ্ৰিকা (মৰক্ক', মৌৰিটানিয়া, ইজিপ্ত) তথা কেনেৰি, কে'প ভাৰ্ডে আৰু মাডেইৰা দ্বীপপুঞ্জ আদিৰ লগতে ছুডান আৰু প্ৰতিবেশী দেশসমূহত পোৱা যায়। 

চীন আৰু পৃথিৱীৰ অন্য অঞ্চললৈ এই প্ৰজাতিৰ আগমণ ঘটে ১৭শ শতিকাত

এল' ভেৰা বা চাল-কুৱঁৰীক বাগিচাৰ সৌন্দৰ্য্যবদ্ধক উদ্ভিদ হিচাবে প্ৰভূতভাৱে খেতি কৰা হয়। ইয়াৰ তথাকথিত ঔষধী গুণ, বিশিষ্ট ফুল, আকৃতি আৰু জলসম্বৃদ্ধিৰ বাবে ই আধুনিক ফুলনিত জনপ্ৰীয়। ইয়াৰ জলাকৰ্ষীতাৰ কাৰণে ই কম পানী থকা অঞ্চল, শৈলোদ্যান আৰু অন্যান্য কম পানী ব্যৱহাৰ কৰা বাগিচাৰ বাবে বিশেষভাৱে উপযুক্ত। টাবত ৰোওঁতে ইয়াক পানী নোৰোৱা বালিয়া মাটিৰ প্ৰয়োজন। অধিক সূৰ্য্যৰশ্মি বা পানী ৰোৱা পৰিবেশত গছজোপা শুকাই যাব পাৰে। পাত্ৰত থকা গছত পানী দিয়াৰ আগতে আগৰ পানী সম্পূৰ্ণৰূপে শুকাবলৈ দিব লাগে আৰু নতুন পোখাবোৰ নিয়মিতভাৱে উঠাই থাকিব লাগে। জাৰকালি ফুলজোপা "শুপ্ত" অৱস্থাত থাকে আৰু ন্যুনতম পানীৰ প্ৰয়োজন হয়। বৰফ পৰা স্থানত ইয়াক ঘৰৰ ভিতৰত ৰাখিব লাগে।

এল' ভেৰা বা চাল-কুৱঁৰীৰ উৎপাদসমূহক সাধাৰনতে এল' ভেৰাই বোলা হয়। ইয়াৰ সৌন্দৰ্য্যবৰ্ধক বা নিৰাময়ক গুণৰ বৈজ্ঞানিক প্ৰমাণ খুব সীমাবদ্ধ আৰু য'ত আছে তাতো প্ৰায়ে বিবদমান। তথাপিও সৌন্দৰ্য্যবদ্ধক আৰু বৈকল্পিক চিকিৎসা উদ্যোগে ইয়াৰ শীতলকাৰক জলীয়কাৰক (moisturizing) আৰু নিৰামক (healing) গুণ থকা বুলি দাবী কৰি আহিছে। এল' ভেৰা জেল বাণিজ্যিকভাৱে উপলব্ধ ল'শ্যন, দৈ, খাদ্য আৰু কোনো কোনো জলপান (dessert) আদিত ব্যৱহাৰ কৰা হয় যদিও কোনো কোনো মাত্ৰাত সেৱন কৰিলে ইয়াৰ বিশাক্ত লক্ষণ পৰিলক্ষিত হয়।

জনজাতীয় আৰু পাৰম্পৰিক ভেষজ ঔষধ হিচাবে এল' ভেৰাৰ ব্যৱহাৰ কৰা হৈ আহিছে । ১৬শ শতিকাৰ Ebers Papyrus (Ebers Papyrus) অত, খ্ৰীঃ পূঃ মধ্য প্ৰথম শতিকাত ৰচিত De Materia Medica আৰু Pliny the Elder (Pliny the Elder) অৰ Pliny's Natural History (Pliny's Natural History) দুয়ো বিবৰণীতে (Dioscorides) । চীন, ভাৰত, জামাইকা, জাপান, লেটিন আমেৰিকা, ৰুচ, দক্ষিণ আফ্ৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত পৰম্পৰাগত ভেষজ ঔষধীয় হিচাবে এই প্ৰজাতিৰ বহুলভাবে ব্যৱহাৰ হয়। 

উৎস- বিকাশপেডিয়াৰ পৰা সংগৃহীত

লগতে পঢ়ক-Betel Leaf: পাণ খেতিৰ উন্নত কৃষি প্ৰণালী!

English Summary: Aloe Vera and its Health Benefit
Published on: 01 July 2022, 05:34 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now