অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটিত সংপৃক্ত হৈ থকা পৰম্পৰাই আমাৰ সুস্বাস্থ্য গঢ় দিয়াত অৰিহণা যোগাই আহিছে। দোমাহী দিনা বা গৰু বিহুৰ দিনা অসমীয়া লোকে এশ এবিধ বনশাকৰ আগ বুটলি আঞ্জা খোৱা নিয়মটো পৰম্পৰাগতভাৱে চলি আহিছে। মৌমাখিয়ে যিদৰে ৰঙ বিৰঙী বিভিন্ন ফুলৰ পৰা আদি কৰি নানা উৎসৰ পৰা ৰস আহৰণ কৰি ' অমৃতসম' মৌ বা মধু তৈয়াৰ কৰে ঠিক সেইদৰে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এই এশ এবিধ বনশাকৰ আঞ্জা আমাৰ শৰীৰৰ বাবে অমৃততুল্য।
বছৰেকৰ মূৰত এদিন খালেও ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নানা ৰোগৰ পৰা বচাই ৰাখে। আমাৰ পূৰ্বপুৰুষ সকলৰ পুথিগত জ্ঞান কম আছিল যদিও তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানৰ ভঁৰাল আছিল চহকী। বনশাক সমূহৰ ঔষধিগুণৰ বিষয়ে যথাযথভাবে জানিছিল আৰু কোনবিধ বনশাক কি কি ৰোগত উপকাৰী তাক পুঙ্খানুপুঙ্খভাবে জানিবলৈ তেওঁলোকে চেষ্টা কৰিছিল। তেওঁলোকৰ এই আশাশুধিয়া চেষ্টা আৰু সাধনাৰ ফলতেই আমি এনেবোৰ ঔষধি ব্যঞ্জনৰ জুতি লবলৈ পাইছো। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যসম্ভাৰত ঔষধি গুণসম্পন্ন থলুৱা বনশাকৰ প্ৰাধান্য বেছি দেখা যায়। নূন্যতম তেল , মচলাৰ প্ৰয়োগ আমাৰ ব্যঞ্জনসমূহৰ প্ৰধান বিশেষত্ব। ইয়াৰ উপৰিও ঋতু অনুসৰি ভিন ভিন ঔষধি ব্যঞ্জন খোৱাৰ প্ৰথাও অতীজৰে পৰা চলি আহিছে।
বহাগ মানেই বসন্ত ঋতুৰ আগমন। এই ঋতুত গছে কুঁহি পাত সলায়, কুলি কেতেকীৰ মিঠা মাত আৰু প্ৰকৃতিৰ সেউজীয়া ৰঙে আকৰ্ষিত কৰে আৰু ঔষধি গুণসম্পন্ন গছলতিকা বোৰো অধিক গুণসম্পন্ন হৈ পৰে। সেইবাবেই হয়তো বহাগ বিহুৰ দোমাহীৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা গৃহিনীসকলে বাৰীৰ পৰা এশ এবিধ বনশাকৰ আগ বুটলি দিনৰ সাঁজত আঞ্জা বনাই নিজৰ পৰিয়ালক খুৱায়। এই বিশেষ আঞ্জা খনত থকা এশ এবিধ বনশাক হৈছে :- (১) মাটিকাদুৰি (২)মানিমুনি (৩) ভেদাইলতা (৪) নৰসিংহ (৫) মচন্দৰী (৬) কেঁহাৰাজ (৭) বনজালুক (৮) শোহনি বন (৯) লাইজাবৰি (১০) কণা শিমলু (১১) দোৰোণ শাক (১২) ঢেঁকীয়া (১৩) বিহলঙনি (১৪) পনৌনৱা (১৫) বৰালিবকুৱা (১৬) বিয়নীসাবতা (১৭) কেঞা বন (১৮) দুবৰি বন (১৯) ববছা বন (২০) সৰু টেঙেচি (২১) ডাঙৰ টেঙেচি (২২) মধুসোলেং (২৩) চুকা শাক (২৪) নলটেঙা (২৫) খুঁতৰা ( ২৬) হাতীখুঁতৰা (২৭) মালভোগ খুঁতৰা (২৮) পদিনা (২৯) ধনীয়া (৩০) পালেং (৩১) মানধনীয়া (৩২) কচুশাক (৩৩) ক'লা কচুৰ থুৰি (৩৪) দহিকচু (৩৫) লাইশাক (৩৭) পালেং (৩৮) তিতকচি (৩৯) লাচকচি (৪০) কাঁচিদৰিয়া (৪১) চেংমৰা (৪২) দুপৰটেঙা (৪৩) পিৰালি পালেং (৪৪) পূৰৈ শাক (৪৫) শুকলতি (৪৬) মৰলীয়া বা থোঠনি শাক(৪৭) বনকপাহ (৪৮) সোনবৰিয়াল (৪৯) বনআমলখি বা ভূঁই আমলখি (৫০) গৰুখিছ (৫১) লিহিৰিপতীয়া (৫২) ভাং (৫৩) মেটেকা (৫৪) টিকণিবৰুৱা (৫৫) টেঙামৰা (৫৬) মিঠামৰা (৫৭) তিতামৰা (৫৮) ব্ৰাহ্মী (৫৯) কলমৌ শাক (৬০) গাখীৰতী বন (৬১) কপৌঢেঁকীয়া (৬২) লেহেতি শাক (৬৩) হেলঞ্চি শাক (৬৪) জিলমিল শাক (৬৫) মহাভৃঙ্গৰাজ (৬৬) মেথিশাক (৬৭) লফাশাক (৬৮) সৰিয়হ শাক (৬৯) পিয়াজ পাত (৭০) নহৰু পাত (৭১) মূলা শাক (৭২) শতমুলৰ আগ (৭৩) মেজেঙা (৭৪) ধঁপাত তিতাৰ আগ (৭৫) টুবুকি লতা (৭৬) বাবৰি শাক (৭৭) আউনিপাণৰ আগ (৭৮) মৰিছা শাক (৭৯) তুলসী (৮০) ৰাম তুলসী (৮১) কলা তুলসী (৮২) হাৰজোৰা লতা ( ৮৩) গোন্ধোৱা বন (৮৪) বিশল্যকৰণী (৮৫) মধুমেহাৰী বা চেনিবন (৮৬) ৰঙালাওৰ আগ (৮৭) মটৰমাহৰ আগ (৮৮) পাণৰ আগ (৮৯) মিঠা আলু বা গৰীয়া আলুৰ আগ (৯০) আম আদা (৯১) বগা বাহক (৯২) চিৰতা (৯৩) ভেকুৰি তিতা (৯৪) ভাতকেৰেলা আগ (৯৫) নয়নতৰাৰ আগ (৯৬) নাৰ্জিফুলৰ আগ (৯৭) তৰা গছৰ আগ (৯৮) নেফাফু পাত ( ৯৯) লাজুকীলতাৰ আগ (১০০) পকমৌ (১০১) আদাৰ আগ।
এই এশ এবিধ শাকৰ তালিকাত ঔষধি গছসমূহৰ নাম ঠাইবিশেষে অলপ বেলেগ বেলেগ হোৱা দেখা যায় আৰু প্ৰয়োজন সাপেক্ষে দুই এবিধ বনশাক ইফাল সিফালো কৰা হয়। ইয়াৰে কেইবিধমান চিনাকি বনশাকৰ গুণাগুণ অলপ থুলমূলকৈ জানোচোন আহক।
মানিমুনি- ডাঙৰ আৰু সৰু দুয়োবিধ মানিমুনি স্মৃতিশক্তি বৰ্ধক, মেধাশক্তি বৰ্ধক আৰু অতিসাৰ, গ্ৰহণী, তেজগ্ৰহনী বা অন্য পেটৰ সমস্যাত উপকাৰী। ডিচেন্ত্ৰী বা পেট চলা সমস্যাত মানিমুনি পাতৰ ৰসৰ লগত ক'লা নিমখ দি খালে সুফল পোৱা যায়। ফেৰিনজাইটিছ, টনছিলাইটিছ আদিত সৰু মানিমুনি কেঁচাই দুটামান জালুকৰ লগত চোবাই থাকিলে যথেষ্ট সুফল পোৱা যায়। মানিমুনিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
নৰসিংহ পাত:- নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে বাবে হাড়, দাঁতৰ গঠন মজবুত কৰে। স্নায়ুজনীত সমস্যা আৰু ডায়েবেটিচ ৰোগীৰ বাবেও নৰসিংহ পাত উপকাৰী।
ভেদাইলতা:- আয়ুৰ্বেদত ইয়াক প্ৰসাৰিণী নামেৰে জনা যায়। অস্থি, সন্ধিৰ বিষ আৰু স্নায়ুজনীত বিভিন্ন ৰোগত ভেদাইলতা উপকাৰী। ডায়েৰীয়া, ডিচেন্ত্ৰী আদিতো ভেদাইলতা খালে সুফল পোৱা যায় । ভেদাইলতাই ভোকো বৃদ্ধি কৰে। দুৰ্বল ৰোগীয়া ব্যক্তিৰ বাবে ভেদাইলতা অমৃতসম।
মছন্দৰী- পেটৰ বহুতো অসুখত মছন্দৰী উপকাৰী। ভাপত সিজোৱা বা আদা নহৰু দি বনোৱা মছন্দৰী শাকৰ আঞ্জাই মহৌষধৰ দৰে কাম কৰে।
মাটিকাদুৰি- উৎকৃষ্ট বনশাক মাটিকাদুৰি অৰ্শৰোগ , জণ্ডিচ, প্ৰসাবৰ সংক্ৰমণ জনীত ৰোগ, বগাস্ৰাৱ, পুৰুষৰ ধাতু দুর্বলতা, ডায়েবেটিচ, স্নায়ুজনীত ৰোগত বহু উপকাৰী। প্ৰসূতিসকলৰ সুস্বাস্থ্যৰ বাবে আৰু দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ মাটিকাদুৰি, বনজালুক, মানিমুনি আদি মিহলি শাকৰ এখন ঔষধি ব্যঞ্জন খাবলৈ দিয়া হয়। ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনতো এইবিধ শাক উপকাৰী।
দোৰোণ শাক- ফেৰিনজাইটিছ, টনচিলাইটিছ, চাইনাচাইটিছ, কাহ, চৰ্দি, হাপানী, জণ্ডিচ, যকৃত প্লীহা বৃদ্ধি আৰু বহুতো ৰোগত দোৰোণ শাক উত্তম পথ্য। আভোক আৰু অৰুচি হ'লে দোৰোণ শাক খালে সুফল পোৱা যায়।
ঢেকীয়া শাক- আমাৰ চিৰপৰিচিত আৰু প্রিয় শাকেই হৈছে ঢেকীয়া শাক। ঢেকীয়া শাকত প্ৰটিন, বিভিন্ন ধৰণৰ ভিটামিন, কেলচিয়াম, আইৰণ, ফছফৰাছ, আদি পোৱা যায় বাবে নিৰামিষাহাৰী সকলৰ বাবে অতি উত্তম। ডায়েবেটিচ, কৌষ্ঠকাঠিন্য, পেলুৰ সমস্যা আৰু পেচাবৰ সংক্ৰমনতো ঢেকীয়া উপকাৰী।
খুঁতৰা শাক- খাবলৈ সুস্বাদু খুঁতৰা শাক পেটৰ ৰোগ, আভোক, অৰুচি, লিভাৰৰ সমস্যা, জণ্ডিচ, কলেষ্টৰলৰ সমস্যা আদিত উত্তম ।
কচুশাক- কচুশাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ, আইৰণ, আঁহ থাকে বাবে ৰক্তহীনতা, দৃষ্টিশক্তিৰ দুৰ্বলতা, কলেষ্টৰল, মেদবহুলতা আদিত উপকাৰী।
কলমৌ শাক:- কলমৌ শাক এবিধ ঔষধি গুণসম্পন্ন শাক। পুৰুষ মহিলাৰ প্ৰজননতন্ত্ৰৰ বিভিন্ন ৰোগ, ডায়েবেটিচ, মেদবহুলতা, কলেষ্টৰল আদিত উপকাৰী।
মেথিশাক- ডায়েবেটিচ ৰোগত মেথিশাক অতি উত্তম। ইয়াৰ উপৰিও ইয়াত আইৰণ, ফলিক এচিড থকা বাবে ৰক্তহীনতাত উপকাৰী। তদুপৰি কলেষ্টৰল, মেদবহুলতা, আৰথ্ৰাইটিছ সমস্যাতো মেথিশাক ভাল।
ব্ৰাহ্মী শাক:- আয়ুৰ্বেদিক বনৌষধি ব্ৰাহ্মীক মেধ্য ৰসায়ন বুলিও কোৱা হয়। স্মৃতিশক্তি বৰ্ধক ব্ৰাহ্মী ডায়েবেটিচ , উচ্চ ৰক্তচাপ, স্নায়ুজনীত ৰোগতো উপকাৰী।
তুলসী:- জ্বৰ, কাহ, চৰ্দি, এজমা বা হাপানী, ব্ৰংকাইটিছ আদিত মহৌষধৰ দৰে কাম কৰে তুলসীয়ে। নিয়মীয়াকৈ দুই তিনিখিলা তুলসী পাত খাই থাকিলে ই বৰ্ধিত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে, কলেষ্টৰলৰ সমস্যা, আৰথ্ৰাইটিছতো যথেষ্ট সুফল দিয়ে। এন্টিঅক্সিডেন্টযুক্ত আৰু বহু ঔষধি গুণযুক্ত তুলসীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিও কৰে।
দুপৰটেঙা বা পাতেগজা:- কিডনি স্টোন বা পাথৰ, মূত্ৰজনীত ৰোগ, জণ্ডিচ, ধাতুৰোগ, প্ৰষ্ট্ৰেটৰ সমস্যাত দুপৰটেঙা বা পাতেগজা পাত সেৱন কৰিলে চমৎকাৰী ফল পোৱা যায়। সেয়েহে বিভিন্ন ভেষজ আৰু আয়ুৰ্বেদিক ঔষধৰ অন্যতম মুখ্য উপকৰণ এই দুপৰটেঙা।
সৰু টেঙেচি শাক- লতাজাতীয় এইবিধ শাক ডায়েৰীয়া, ডিচেন্ত্ৰী, জণ্ডিচ আৰু পেচাবৰ সমস্যাত খুব উপকাৰী।
ডাঙৰ টেঙেচী- প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা বাবে দাঁতৰ বাবে উপকাৰী, গ্ৰহণী বা অন্য পেটৰ অসুখত উপকাৰী, মূত্ৰজনীত সংক্ৰমণত উপকাৰী।
পালেং শাক- পালেং শাকত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন, আইৰণ, কেলচিয়াম, আদি খনিজ পদাৰ্থ পোৱা যায় বাবে হাড়, ছাল, চুলি আৰু চকুৰ সুস্বাস্থ্যৰ বাবে উপকাৰী।
চেংমৰা শাক- চেংমৰা শাকত আঁহৰ পৰিমাণ বেছি। ই ডায়েবেটিচ, অৰ্শৰোগ, মেদবহুলতা, লিভাৰজনীত ৰোগ, স্ত্ৰী ৰোগত বহু উপকাৰী।
ধনীয়া:- সুগন্ধি ধনীয়াই ৰক্তহীনতা দূৰ কৰে, কলেষ্টৰল সমস্যাত উপকাৰী, লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু এনে বহুতো আচৰিত গুণ আছে।
পনৌনোৱা শাক- অমৃততুল্য পনৌনোৱা শাক লিভাৰৰ বিভিন্ন ৰোগত উপকাৰী আৰু কিডনিৰ বিভিন্ন ৰোগতো উপকাৰী।
নেফাফু পাত- উচ্চ ৰক্তচাপ ৰোগত নেফাফু পাত ভাজি খালে সুফল পোৱা যায়। ইয়াৰ ব্যৱহাৰ গাওঁ সমূহত এতিয়াও চলি আছে।
চিৰতা:- লিভাৰজনীত বিভিন্ন ৰোগত চিৰতা মহৌষধ । মাজে সময়ে দুই এখিলা চিৰতা পাত খাই থাকিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। মেলেৰিয়া, টাইফয়ড বা যিকোনো জ্বৰত চিৰতা উত্তম পথ্য।
ভেকুৰী তিতা:- সোৱাদত তিতা যদিও গুণত কিন্তু অতি উত্তম। ডায়েবেটিচ, কফৰ সমস্যা, ছালৰ ৰোগ, কৃমিৰ সমস্যাত ভেকুৰী বহু উপকাৰী।
ওপৰত উল্লিখিত বনশাকবোৰ অসমৰ প্ৰায়বোৰ অঞ্চলতে পোৱা যায়। সাধাৰণ যেন লগা এনেবোৰ বনশাকৰ মিহলি আঞ্জাখনে অমৃতৰ দৰে কাম কৰে। আমি সেয়েহে এই পৰম্পৰা ৰাখিবলৈ চেষ্টা কৰিব লাগে।
ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)
BAMS (GU)
গুৱাহাটী, ফোন -7399114617
লগতে পঢ়ক-
Share your comments