1. স্বাস্হ্য আৰু জীৱন

medicinal benefits of cumin : জিৰাৰ ঔষধি গুণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
medicinal benefits of cumin
medicinal benefits of cumin

প্ৰতিগৰাকী গৃহিনীৰ চিৰ পৰিচিত মচলাবিধ হৈছে জিৰা (Cuminum cyminum)। মাছ, মাংস, পনীৰ, পোলাও, বিৰিয়ানি আদি বিভিন্ন ব্যঞ্জন বনাওঁতে জিৰা অকণমান হ’লেহে যেন ৰান্ধনীৰ মনটো ভাল লাগে। ইয়াৰ মলমলীয়া গোন্ধে ব্যঞ্জনৰ সোৱাদ দুগুণে বঢ়াই তোলে। উত্তৰ ভাৰতত 'জিৰা ৰাইছ' খুবেই জনপ্ৰিয়।

যদিও মছলা স্বাস্থ্যৰ বাবে অপকাৰী বুলি ভবা হয় প্ৰকৃততে কিনা পাউদাৰ মছলাৰ পেকেটসমূহহে অপকাৰী। কাৰণ সেইবোৰত অন্য কৃত্ৰিম সামগ্ৰী মিহলোৱা হয়।সঠিক পৰিমাণত ঘৰতে তৈয়াৰ কৰা মছলা স্বাস্থ্যৰ বাবে উপকাৰীহে। এই সকলোবোৰ মছলা বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ।

জিৰা সাধাৰণতে দুই প্ৰকাৰৰ:-

এবিধ বগা, আনবিধ কালাজীৰা। বগা জিৰাৰ আন এটা প্ৰকাৰ আছে যাক চাহি(Shahi jeera) বুলিও কোৱা হয়। আজি বগা জিৰাৰ ঔষধি গুণৰ কথা থুলমূলকৈ আলোচনা কৰিম।

লগতে পঢ়ক- 

Sleep Tips : ভাল টোপনি আহিবলৈ শোৱাৰ আগতে এইকেইটা কাম কৰক

 

জিৰাত ভিটামিন A, C, E, B complex, কপাৰ, মেংগানিছ, মেগনাছিয়াম, ফচফৰাছ, কেলচিয়াম পতাচিয়াম, আইৰণ আদি পোৱা যায়। জিৰাৰ গোন্ধৰ বাবে দায়ী প্ৰধান এৰোমা হৈছে Cuminaldehyde যিয়ে জিভাৰ লালটি গ্ৰন্থিসমূহক সক্ৰিয় কৰি তোলে। ঠিক তেনেকৈ ইয়াত থকা Thymol এ বিভিন্ন এঞ্জাইম, পিত্তৰস, পাচক ৰসৰ ক্ষৰণ বৃদ্ধি কৰি পাচন কাৰ্যত সহায় কৰে। এচিডিটি, পেট ফুলা, বদহজম, পেটৰ বিষ আদিত জিৰা খালে সুফল পোৱা যায়। উত্তৰ ভাৰতত ব্যৱহাৰ হোৱা 'জল জিৰা' এক সুন্দৰ ঔষধি ব্যঞ্জন।

পেটৰ বিভিন্ন সমস্যাত জিৰা তলত দিয়া ধৰণেৰে খালে সুফল পোৱা যায়-

(১) ১ চামুচ ভজা জিৰা গুৰি, অকণমান ক'লা নিমখ এক গ্লাছ কুহুমীয়া পানীত মিহলাই খাওক।

(২) দৈৰ পানীত( buttermilk) ১/৪ চামুচ জিৰা গুৰি, অকণমান জালুকৰ গুৰি, অকণমান কলা নিমখ দি খাওক।

(৩) ১ কাপ পানী উতলাই তাত অকণমান জিৰা গুৰি, আদাৰ গুৰি, কলা নিমখ মিহলাই ঠাণ্ডা হোৱাৰ পিছত চেকণিৰে চেকি খাওক।

এইবোৰৰ উপৰিও জিৰা নিদ্ৰাহীনতাত(Insomnia) উপকাৰী। অৰ্শ (piles) ৰোগত উপকাৰী কাৰণ ইয়াত প্ৰচুৰ আঁহ আছে(fiber)। চৰ্ম ৰোগত( skin diseases)জিৰা উপকাৰী কাৰণ ইয়াত ভিটামিন E আছে। গতিকে আজিৰে পৰা মছলা বেয়া বুলি ভয় নকৰি নিচিন্ত মনেৰে ইয়াৰ সোৱাদ লওক আৰু স্বাস্থ্যবান হওক।

লেখক- ডাঃ ৰেইনী দেৱী, আয়ুৰ্বেদিক চিকিৎসক

লগতে পঢ়ক- 

আমি সাধাৰণতে পোৱা আৰু খোৱা ১০১ বিধ শাক পাচলিৰ গুণ

 

English Summary: medicinal benefits of cumin

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.