1. অন্যান্য

চৰকাৰী বিদ্যালয় আৰু অসমীয়া মাধ্যমত পঢ়া ল'ৰা হ'লগৈ জ' বাইডেইনৰ উপদেষ্টা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Rupam Sharma appointed as an Advisor to the US President
Rupam Sharma appointed as an Advisor to the US President

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসম আৰু ভাৰতৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে এজন অসমীয়াই । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে এই অসমীয়া যুৱকজনক।  যুৱকজনৰ নাম ড° ৰূপম শৰ্মা। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা ড০ ৰূপম শৰ্মা বৰ্তমান আমেৰিকাৰ নিৱাসী।

কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোত বাস কৰা ডাঃ ৰূপম শৰ্মাই ৫ এপ্ৰিলত ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টা হিচাপে যোগদান কৰে। ১৪ এপ্ৰিল অৰ্থাত বহাগ বিহুৰ দিনাই ডঃ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ ল’ব। গুৰুত্বপূৰ্ণ কথা যে অসমীয়া মাধ্যমত পঢ়া, যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র ডঃ শৰ্মা এজন নিপুণ সংগীতশিল্পী আৰু তেওঁৰ নামত এটা গীনিজ বুকৰ অভিলেখো আছে।

লগতে পঢ়ক- 

বিশ্বখ্যাত লয়ড কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত যোৰহাটৰ এজন অসমীয়া যুৱক

শৰ্মাৰ এই সফলতাৰ পাছতে নাট্যকৰ্মী তথা অভিনেতা Jyoti Prakash Bhattacharyaa ই ড০ শৰ্মাক অভিনন্দন জনাই সামাজিক মাধ্যমত  লিখিছে- We are proud of Sri Rupam Sharma who is being appointed as an Advisor to the US President as an scientist. He would focus on IT on Human health and Artificial Intelligence......এই খিনিতে আমি আৰু এটা কথা জনাবলৈ আনন্দ পাইছো যে ৰূপম শৰ্মা এজন বিশিষ্ট সংগীতজ্ঞ, আৰু সংগীত পৰিচালক আৰু এজন বিশিষ্ট বোলছবি পৰিচালক,। মুক বধিৰ সকলৰ চিকিৎসাত সংগীতৰ ব্যবহাৰৰ সম্ভাৱনীয়তাৰ ওপৰত তেখেতৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত ছবি "ONE LITTLE FINGER" বিশ্ব জুৰি সমাদৃত হৈছে।

একেদৰে সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়েও লিখিছে- এটা ভাল খবৰ। ডঃ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল' আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। ডঃ শৰ্মাই মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথম অসমীয়া ইনোভেচন ফেলো হিচাপে শপত গ্ৰহণ কৰে।  ১৪ এপ্ৰিলত কাকতালীয়ভাৱে বহাগ বিহুৰ দিনাই ডঃ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ ল’ব। গুৰুত্বপূৰ্ণ কথা যে অসমীয়া মাধ্যমত পঢ়া, যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র ডঃ শৰ্মা এজন নিপুণ সংগীতশিল্পী আৰু তেওঁৰ নামত এটা গীনিজ বুকৰ অভিলেখো আছে।  ডঃ ৰূপম জ্যোতি শৰ্মালৈ অভিনন্দন আৰু শুভেচ্ছা থাকিল।

লগতে পঢ়ক- 

তেজপুৰ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দিলে চাহৰ দোকান

English Summary: Rupam Sharma appointed as an Advisor to the US President

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.