1. স্বাস্হ্য আৰু জীৱন

অমিতাৰ উপকাৰিতা (Impressive health benefits of papaya)

KJ Staff
KJ Staff

    পকা অমিতা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। পকা অমিতা আমি দাঁতেৰে কামুৰিও খাব পাৰো। নাইবা কেঁচা অমিতা ক্ষাৰ তর্কাৰী বনাই খাব পাৰি। ভিটামিন –‘চি,’এ’,পটাছিয়াম ,কেলচিয়াম আৰু আয়ৰণেৰে ভৰপুৰ অমিতা আমাৰ দেহৰ বহুতো প্রয়োজনীয়তা পূৰণ কৰে। 

গতিকে জানো আহক ইয়াৰ উপকাৰিতা সমূহ (Health benefits of Papaya)-

● স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে । শালমইনা, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ খালে সুফল পায় ।

●অমিতাই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে ।

●টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী ।

●হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম হিচাপে বিবেচিত।

●গেছ, বদহজম, বুকু জ্বলা-পোৰা দূৰ কৰে।

●কৰ্কট ৰোগত সহায়ক:শেহতীয়া অধ্যয়নত এই কথা জানিব পৰা গৈছে যে অমিতা খালে ক’লন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি।অমিতাত এণ্টিঅক্সিডেণ্ট,সুক্ষ্ম পুষ্টি উপাদান আৰু ফ্লেভনয়ড যথেষ্ট পৰিমাণে পোৱা যায়।ইয়াৰোপৰি ইয়াত থকা ভিটামিন ‘চি’,বিটা কেৰোটিন আৰু ভিটামিন ‘ই’য়ে শৰীৰত কেন্সাৰ কোষ সৃষ্টি হোৱাত বাধা প্ৰদান কৰে।সেয়ে আহাৰত অমিতাক অন্তৰ্ভুক্ত কৰিব লাগে।

●কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ খোৱাটো অতি উপকাৰী

●ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ।

●অমিতাত মজুত থকা ভিটামিনে চকু আৰু ছালৰ বাবে লাভদায়ক । ইয়াৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় আৰু ছাল সুস্থ,পৰিষ্কাৰ আৰু উজ্জল হৈ পৰে ।

●যিসকল ব্যক্তিয়ে বাৰে বাৰে জ্বৰ-কাহত ভোগে,তেওঁলোকে নিয়মিত ৰুপত অমিতাৰ ব্যৱহাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে।

●অমিতাত যথেষ্ট কেলচিয়াম থকাৰ বাবে অমিতা খালে হাড় মজবুত হয় । অস্তিয়’পৰেচিচৰ দৰে হাড়ৰ ৰোগতো অমিতা খালে ভাল ফল পোৱা যায়।

আৰু পঢ়ক- আপুনি সঘনাই ব্রকলি খাই নেকি? তেন্তে জানি লওক এই কেইটা কথা

English Summary: 10 Impressive health benefits of papaya

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.