1. স্বাস্হ্য আৰু জীৱন

আপুনি সঘনাই ব্রকলি খাই নেকি? তেন্তে জানি লওক এই কেইটা কথা

KJ Staff
KJ Staff
Broccoli
Broccoli

    আপুনি হয়তো ব্রকলি খাই বৰ ভাল পায়৷ কিন্তু আপুনি জানেনে ব্রকলি আমাৰ দেহৰ বাবে উপকাৰী নে অপকাৰী? এটা কেঁচা ব্ৰ’ক’লিত অতিক'মেও ২৫ গ্রাম কেলৰি থাকে, পাঁচ গ্ৰামতকৈও বেছি কাৰ্বহাইড্ৰেট, চৰ্বি থাকে আৰু সামান্য পৰিমাণে উদ্ভিদ প্ৰ’টিন থাকে । গতিকে কব পাৰি ব্ৰ’ক’লি পুষ্টিৰে পৰিপূৰ্ণ । এটা ৰন্ধা ব্ৰ’ক’লিয়ে আমাৰ দেহৰ বাবে দৈনিক প্ৰয়োজনীয় ‘কে’ ভিটামিনৰ প্ৰায় ২৫০ শতাংশ যোগান ধৰে। যি শৰীৰৰ ৰক্ত আৰু হাড়ৰ বাবে অতি উপকাৰী ।

আমাৰ দেহৰ বাবে ব্র'কলিৰ উপকাৰিতাসমূহ -

●ব্ৰ’ক’লিত প্রচুৰ পৰিমাণে ফাইবাৰ উপলব্ধ । কেঁচা ব্ৰ’ক’লিৰ দুই -তিনি গ্ৰাম ফাইবাৰ আমাৰ হজম প্রক্রিয়াৰ বাবে সহায়ক ।

আৰু পঢ়ক- অধিক উৎপাদন দিব পৰা ব্রকলি খেতি প্রণালী (Broccoli Cultivation in Assam)

● ব্ৰ’ক’লি এবিধ ক্ৰুচিফেৰাছ পাচলি । ই শৰীৰ কাৰ্চিজেনবোৰ পৃথক কৰি কৰ্কট কোষ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে ।

● ব্ৰ’ক’লিয়ে ধমনীত হ’ব পৰা ক্ষতি নিৰাময় কৰি হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰিব পাৰে ।

● ব্ৰ’ক’লিৰ কিছু পুষ্টি আৰু প্ৰাকৃতিক জৈৱ কাৰ্যকৰী উপাদানসমূহে মস্তিষ্ক সুস্থ কৰি ৰাখে ।

● ব্ৰ’ক’লিত থকা ভিটামিন কে, পটেছিয়াম, মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম, ক’পাৰ, আয়ৰন, জিংক, ভিটামিন এ, বি আৰু চিয়ে হাড় শক্তিশালী কৰে।

● ব্ৰ’ক’লিয়ে অকাল বয়স বৃদ্ধি ৰোধ কৰে ।

● ইয়াত উপলব্ধ এণ্টি-ইনফ্লেমেটৰী শক্তিয়ে দীৰ্ঘদিনীয়া ৰোগ নিৰাময় কৰাত সহায় কৰে ।

● ব্ৰ’ক’লিয়ে দেহৰ ক্ষতিকাৰক ৰাসায়নবোৰক বাহিৰলৈ নিষ্কাষণ কৰাত সহায় কৰে ।

আপুনি কেনেকৈ চিনাক্ত কৰিব যে আপুনি বজাৰৰ পৰা লৈ অহা পাছলি বা ফলসমূহ জৈৱিক হয় নে নহয়। নাজানে যদি জানি লওক -

English Summary: Impressive health benefits of broccoli

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.