1. স্বাস্হ্য আৰু জীৱন

আগন্তুক গৰমকালত শীতল পানীয়ৰ সলনি এইবিধ খাদ্য খাওক! দেহ জুৰ পৰাৰ উপৰিও নানান ৰোগৰ পৰা পৰিত্রান পাব

KJ Staff
KJ Staff

 গৰমকালত আটাইতকৈ ভাল লগা খাদ্যৰ ভিতৰত শীতল পানীয় এক অন্যতম। কিন্তু আপুনি খাই ভাল পোৱা নানা ৰঙী শীতল পানীয় আমাৰ দেহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিয়নো ইয়াত বিভিন্ন ৰাসায়নিক দ্ৰব্যও মিহলি কৰা হয়৷ সেয়েহে আপুনি ইয়াৰ সলনি কুঁহিয়াৰৰ খাব পাৰে। কুঁহিয়াৰৰ ৰস খালে আপোনাৰ দেহ জুৰ পৰাৰ উপৰিও বহুতো উপকাৰ কৰে। কুঁহিয়াৰৰ ৰসে আপোনাক ডায়েবেটিছৰ পৰা দূৰত ৰাখিব পাৰে। ইয়াত অধিক মাত্ৰাত থকা নেচাৰেল ছুগাৰ থাকে, যিয়ে গ্লাইচেমিক ইণ্ডেক্সৰ লগতে তেজত থকা গ্লুক’জৰ মাত্রাও নিয়ন্ত্রিত কৰি ৰাখে।

উপকাৰিতা সমূহ -

★ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস গ্রহণ কৰাটো অতি জৰুৰী। তাৰোপৰি ই কেন্সাৰৰ পৰা ৰক্ষা কৰে। কুঁহিয়াৰৰ ৰসত থকা কেলচিয়াম, মেগনেছিয়াম, মেংগানিজ, পটেছিয়াম আৰু আইৰনে শৰীৰত এপ্লাইন হিচাপে কাম কৰে। যাৰ ফলত কেন্সাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰ কৰে।

★কুঁহিয়াৰৰ ৰস খালে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

★কুঁহিয়াৰৰ ৰসে কিড্‌নী সুৰক্ষিত কৰি ৰাখে আৰু শৰীৰত প্ৰ’টিনৰ মাত্ৰা নিয়ন্ত্রণ কৰে, যি কিড্‌নীৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। গৰম কালত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস খাই দূৰ কৰিব পাৰে।

★তদুপৰি বেয়া খাদ্য-পানীৰ কু-প্ৰভাৱ আটাইতকৈ বেছি কিডনীত পৰে, যাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰোগে আপোনাৰ দেহত বাহ লব পাৰে। এইসকলোবোৰৰ পৰা ৰক্ষা পাবলৈ কুঁহিয়াৰৰ ৰস অতি লাভদায়ক।

★ইয়াৰেপৰি মুখৰ দুৰ্গন্ধ বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰ ৰস অতি উপযোগী বুলি গণ্য কৰা হয়। দাঁতৰ সুস্বাস্থ্যৰ লগতে দাঁত চাফা কৰি ৰাখিবলৈ কুঁহিয়াৰৰ ৰসপান কৰাটো অতি লাভদায়ক।

★কুঁহিয়াৰৰ ৰস এণ্টি-অক্সিডেণ্টেৰে ভৰপুৰ, যিয়ে বিভিন্ন ধৰণৰ পার্শ্বক্রিয়াৰ বাবে দেহৰ প্রতিৰক্ষা ক্ষমতা সবল কৰি ৰাখে।

★ জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।

English Summary: Sugarcane Health Benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.