1. স্বাস্হ্য আৰু জীৱন

লিভাৰত চৰ্বি জমা হ’লে কি কি কৰিব? (How to control fat in liver know here effective health tips)

KJ Staff
KJ Staff
Control fat in liver
Control fat in liver

   লিভাৰ বা যকৃতৰ কোষসমূহত অতিৰিক্ত চর্বি জমা হোৱাৰ কাৰণতেই এই ৰোগ দেখা দিয়ে। ভাৰতবর্ষত শতকৰা হিচাবে ১৮ৰ পৰা ২০ ভাগ মানুহ এই ৰোগত ভূক্তভোগী। সেয়ে এই ৰোগৰ লক্ষণ দেখা দিয়াৰ পৰাই প্রতিৰোধমূলক ব্যৱস্থা আৰু সর্তকতা গ্রহণ কৰিব লাগে।

যদি আপোনাৰ লিভাৰত চর্বি জমা হয়, তেতিয়া আপুনি ইয়াক ঘৰুৱা ভাৱেও দূৰ কৰিব পাৰে। ইয়াৰ উপৰি চিকিৎসকৰ পৰামর্শ লোৱা জৰুৰী।

পৰামৰ্শ (Advice)

1. দৈনিক এঘণ্টামান ঘাম উলিয়াই খোজ কাঢ়িবলৈ চেষ্টা কৰক।

2. নিচাজাতীয় দ্রব্য বর্জন কৰিব লাগিব। মদ্যপান ত্যাগ কৰক।

3. ফাস্টফুড, কার্বোনেটেড চর্বি বা শর্কৰা সমৃদ্ধ ড্রিংকছ, চকলেট বর্জন কৰক।

4. দৈনিক শাৰীৰিক পৰিশ্রম আৰু ব্যায়ামে শৰীৰৰ ওজন আৰু লিভাৰৰ চর্বি কমোৱাত সহায় কৰে।

5. বর্তমান ফেটি লিভাৰৰ চিকিৎসাই প্রধানত জীৱন যাপন পদ্ধতি পৰিবর্তনৰ ওপৰতে গুৰত্ব দিয়ে। শৰীৰৰ ওজন কমোৱা, দৈনন্দিন ব্যায়াম আৰু কম কেলৰিযুক্ত আঁহসমৃদ্ধ খাদ্যৰ গ্রহণ প্রয়োজনীয়।

6. শৰীৰৰ ওজন স্বাভাবিক ৰাখিবলৈ সচেতন হ’ব লাগিব। অতিৰিক্ত ওজন কমাওক। শৰীৰত ৫ৰ পৰা ১০ শতাংশ ওজন কমালে লিভাৰৰ চর্বি আৰু চর্বিজনিত প্রদাহ যথেষ্ট পৰিমাণে কমে আৰু লিভাৰৰ এনজাইমবোৰ স্বাভাবিক হয়। মনত ৰাখিব লাগিব অতি দ্রুত গতিত শৰীৰৰ ওজন কমোৱা ঠিক নহয়।

7. সুষম ও কেলৰিযুক্ত আঁহসমৃদ্ধ খাদ্য গ্রহণ কৰক। যেনে সেউজীয়া শাক-পাচলি, ফলমূল, ইত্যাদি। উচ্চ শর্কৰা বা চর্বিসমৃদ্ধ খাদ্য যেনে- ঘি, মাখন, পনিৰ, ৰঙা মাংস, মাছৰ কণী, ডাঙৰ মাছৰ মাথা বর্জনীয়। ইয়াৰ ফলত শৰীৰৰ পৰিপাক সঠিক হয় আৰু ওজন নিয়ন্ত্রণত সহায় কৰে।

 

English Summary: How to control fat in liver know here effective health tips

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.