শেহতীয়াকৈ ই-ৰাষ্ট্ৰীয় কৃষি বজাৰ আঁচনিৰ অধীনত PoPৰ এখন অলনাইন মঞ্চ মুকলি কৰিছে কৃষি মন্ত্ৰালয়ে। ইয়াৰ বাবে farmer producer organisations সমূহক ১,০১৮ টকা প্ৰদানৰ বাবে ৩৭ কোটি টকাৰো অধিক ইকুইটি অনুদানৰ ঘোষণা কৰিছে কৃষি মন্ত্ৰালয়ে। দেশৰ প্ৰায় ৩.৫ লাখ কৃষকে ইকুইটি অনুদানৰ পৰা লাভ কৰিব বুলি আশা কৰা হৈছে।
PoPয়ে এক ডিজিটেল প্লেটফৰ্ম নিৰ্মাণ কৰিব যি কৃষকসকলক তেওঁলোকৰ ৰাজ্যৰ সীমাৰ বাহিৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সুযোগ প্ৰদান কৰিব। ১৪ জুলাইত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে কৰ্ণাটকৰ বেংগালুৰুত ৰাজ্যিক কৃষি আৰু উদ্যানশস্য মন্ত্ৰীৰ সন্মিলনৰ সময়ত PoP ৰ অনলাইন মঞ্চখন মুকলি কৰে।
চৰকাৰে বিশ্বৰ বিভিন্ন দেশৰ লগত ভাৰতৰ নেটৱৰ্ক স্থাপন কৰিবলৈ National Agriculture Market (eNAM) সৃষ্টি কৰিছে কৰিছে। PoP এ eNAMৰ উদ্দেশ্যক বাস্তৱায়িত কৰিব বিভিন্ন প্লেটফৰ্মৰ ৪১ টা সেৱা প্ৰদানকাৰী গোটক সামৰি প্লেটফ্ৰমৰ ভিতৰতে এখন প্লেটফৰ্মৰ সৃষ্টি কৰিছে। যিয়ে ব্যৱসায়, মানদণ্ড পৰীক্ষা, ৱেৰহাউচিং, ফিনটেক, বজাৰৰ তথ্য, পৰিবহনৰ দৰে সুবিধা প্ৰদান কৰি ৰাজ্যৰ বাহিৰতো কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰিবলৈ দিকনিৰ্ণয়কৰ ভূমিকা লব। এই মঞ্চই বিভিন্ন বজাৰ, ক্ৰেতা আৰু সেৱা প্ৰদানকাৰীৰ সৈতে পোনপটীয়া ডিজিটেল সংযোগ কৰিব পাৰিব কৃষকসকলে। কৃষি মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, PoP এ-য়ে কৃষক, FPO, ডিলাৰ, গ্ৰাহক তথা অন্যান্য প্ৰান্তৰ কৃষকসকলৰ লগত একেখন মঞ্চতে উৎপাদিত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰিব।
eNAM আৰু ইয়াৰ লাভালাভ:
ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি বজাৰ, যাক প্ৰায়ে eNAM বুলি জনা যায়, হৈছে কৃষিজাত সামগ্ৰীৰ বাবে এক অনলাইন প্লেটফৰ্ম। কৃষক, ব্যৱসায়ী আৰু ক্ৰেতাই বজাৰৰ বাবে অনলাইন সামগ্ৰীৰ ব্যৱসায় কৰিব পাৰে। ই এটা এপ। ইয়াক গুগল প্লে ষ্ট’ৰৰ পৰা কৃষকসকলে ডাউন কৰিব পাৰি।
লগতে পঢ়ক- FARMS- Farm Machinery Solutions এপৰ যোগেদি ৰাজ-সাহাৰ্যপ্ৰাপ্ত টেক্টৰ ক্ৰয় কৰক