বৰ্তমান জীৱনৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বীমা থকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যাতে আপুনি যোৱাৰ পিছত পৰিয়ালটোৱে কোনো আৰ্থিক সমস্যাৰ সন্মুখীন নহয় । কিন্তু অতি কম উপাৰ্জন থকা সকলে প্ৰায়ে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত কেনেদৰে সুৰক্ষিত কৰিব পাৰে তাক লৈ চিন্তিত হয় ।
যদি আপুনি এই বিষয়ে চিন্তিত আৰু বীমাৰ প্ৰিমিয়াম পৰিমাণ পৰিশোধ কৰিবলৈ অক্ষম হয়, আপুনি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) অধীনত বীমা সেৱা ল'ব পাৰে । এই আঁচনিখনে অত্যন্ত কম প্ৰিমিয়াম পৰিশোধৰ ওপৰত বীমা সেৱা লাভ কৰিব পাৰে । আপুনি ৫৫ বছৰ বয়সলৈকে এই আচঁনিৰ সুবিধা লাভ কৰিব ।
কোনে লাভ কৰিব পাৰিব এই আচঁনিৰ সুবিধা ( Who will get Insurance Cover)
যিকোনো ভাৰতীয়ই প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) ৰ সেৱা লাভ কৰিব পাৰে । ইয়াৰ বাবে তেওঁৰ বয়স ১৮ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত হ’ব লাগিব আৰু বেংকত চেভিংচ একাউণ্ট থাকিব লাগিব । অন্যান্য বীমা সেৱাৰ দৰে এই বীমৰ সেৱা একেই হয় । এই বীমাৰ জৰিয়তে আপুনি ২ লাখ পৰ্যন্ত বীমা সেৱা লাভ কৰিব পাৰিব ।
প্ৰিমিয়াম (Premium)
এই চৰকাৰী বীমা প্ৰকল্পৰ অধীনত আপুনি বাৰ্ষিক মাত্ৰ ৩৩০ টকাৰ প্ৰিমিয়াম দিব লাগিব । ইয়াৰ পিছত আপুনি ২ লাখ পৰ্যন্ত বীমা সেৱা লাভ কৰিব পাৰিব । আপুনি যদি প্ৰিমিয়াম পৰিশোধ মিচ কৰে তেতিয়া আপুনি বাৰ্ষিক প্লেনৰ সুবিধা লাভ নকৰিবও পাৰে ।ইয়াৰ বাবে আপুনি আপোনাৰ সু স্বাস্হ্যৰ প্ৰমান পত্ৰ দিব লাগিব ।
দাবী প্রক্রিয়া (Claim Process)
যদি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বিমাৰ (PMJJBY) ৰ সেৱা প্ৰাপ্ত কৰিব লগা হয়, ব্যক্তিজনৰ মৃত্যুৰ পিছত মনোনীত ব্যক্তিজনে দাবী প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াক মৃত্যুৰ প্ৰমাণপত্ৰৰে ভৰ্তি কৰা হ'ব । প্ৰপত্ৰখন বেংকত দাখিল কৰিব লাগিব য'ত মৃতকৰ একাউণ্ট আছে । তেতিয়া মনোনীত ব্যক্তিয়ে 2 লাখ টকা লাভ কৰিব। মনত ৰাখিব যে এই আঁচনিৰ অধীনত, আপুনি কেৱল ৫৫ বছৰ বয়সলৈকে সুবিধা পাব
লগতে পঢ়কঃমহিলা স-শক্তিকৰণৰ বাবে চৰকাৰে লোৱা ৪ খন গুৰুত্বপূৰ্ণ আচঁনি