1. এগ্ৰিপেডিয়া

কিদৰে কৰিব পাৰি নাৰিকলৰ খেতি?

KJ Staff
KJ Staff
নাৰিকল খেতিৰ দিহা-পৰামৰ্শ
নাৰিকল খেতিৰ দিহা-পৰামৰ্শ

ভাৰতত নাৰিকল ফলৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতে ইয়াৰ উৎপাদনত প্ৰথম স্থান লাভ কৰিছে। ইয়াক ধৰ্মীয় ৰীতি-নীতিৰ পৰা খোৱা-বোৱালৈকে সকলোতে ব্যৱহাৰ কৰা হয়। ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো নাৰিকলৰ যথেষ্ট গৰুত্ব আছে। নাৰিকল অবিহনে অসমত কোনো ধৰ্মীয় অনুষ্ঠান সম্ভৱ হৈ নুঠে। ইতিমধ্যে নাৰিকল ভাঙিয়েই অসমীয়া মানুহে শুভ কামৰ আৰম্ভ কৰাৰ পৰম্পৰা এটা সৃষ্টি হৈছে। তদুপৰি নাৰিকলৰ পৰা তেল, নাৰিকলৰ লাৰু প্ৰস্তুত কৰা হয়। ইফালে গৰম দিনত কেঁচা নাৰিকলৰ পানীৰ (ডাব নাৰিকল) চাহিদা যথেষ্ট বেছি। এনেবোৰ দিশলৈ লক্ষ্য কৰি ৰাজ্যত নাৰিকলৰ এখন বৃহত বজাৰ আছে।

থোৰতে চাওঁ আহক কিদৰে কৰিব পাৰি নাৰিকলৰ খেতিঃ

জাত :

অধিক উৎপানক্ষম অসমৰ থলুৱা জাত (Assam Tall), টিxডি হাইব্ৰিড (TxD Hybrid), বেঙ্গল চিলেকটেড (Bengal Selected) আৰু বেঙ্গল হাজাৰী (Bengal Hazari)৷

মাটি

সাধাৰণতে বালিচঁহীয়া মাটিহে নাৰিকল খেতিৰ বাবে বাচনি কৰিব লাগে৷ যদি মাটিডোখৰ লিকটীয়া হয় তেতিয়া ২ পাচি বালি নাৰিকলৰ গাতটোত প্ৰয়োগ কৰি লব লাগে৷

নাৰিকলৰ বীজ সিঁচাৰ পদ্ধতি আৰু সময়

পুলিৰ বাবে নাৰিকল পচোঁৱাৰ সময় ডিচেম্বৰ-ফেব্ৰুৱাৰীলৈকে৷ নাৰিকলৰ বীজটো পঁচাবৰ বাবে ৩০ ছে: মি: ওখ আৰু ১ মিটাৰ বহল ভেঁটি কৰি ল’ব লাগে ৷

নাৰ্ছাৰিত নাৰিকলৰ পুলি
নাৰ্ছাৰিত নাৰিকলৰ পুলি

নাৰিকল পুলি বাছনি :

  • এবছৰীয়া পুলিহে ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷
  • বীজ সিঁচাৰ পিছত ভাল পৰিচর্য্যা কৰা পুলিবাৰীৰ পৰা ৫ টা বা তাতোধিক পাত থকা নিৰোগী, গুৰি শকত, এবছৰীয়া পুলি ৰোৱাৰ বাবে ব্যৱস্হা কৰিব লাগে ৷
  • পুলিটোৰ তলৰ এটা বা দুটা পাত ফাটিবলৈ ধৰা পুলি হ’লে বেচি ভাল ৷

পুলি ৰোৱাৰ ব্যৱধান :

  • ৭.৫ মি:x ৭.৫ মি:

গাঁতটোৰ ব্যাসার্দ্ধ :

  • ১ মি:x ১ মি: x ১ মি:

পুলি ৰোৱাৰ সময় : 

  • ওখ মাটিৰ বাবে মাৰ্চ-এপ্ৰিল
  • দ চানেকীয়া মাটিৰ বাবে ছেপ্তেম্বৰ–অক্টোবৰ
নাৰ্ছাৰিত নাৰিকলৰ পুলি
নাৰ্ছাৰিত নাৰিকলৰ পুলি

নাৰিকল পুলি ৰোৱা গাঁতটো :

  • নাৰিকল পুলি ৰুবৰ বাবে গাঁতটো আগতেই অৰ্থাৎ ফাগুন মাহতে খান্দি ৰাখিব লাগে।
  • গাঁতটোৰ জোখ দীঘে, পঠালিয়ে আৰু দ’ই ১ মিটাৰ (প্ৰায় ৩ ফুট) হব লাগে। গাঁতটো নিৰ্দিষ্ট জোখত খান্দি ১ ফুট দ’লৈকে থকা সাৰুৱা মাটিখিনি গাঁতটোৰ কাষতে এফালে দ’ম কৰি ৰাখিব লাগে।
  • গাঁতটোৰ ভিতৰভাগত শুকান পাত, খেৰ আদি ভৰাই জ্বলাই দিব লাগে। এনে কৰিলে জুইৰ তাপত গাঁতত থকা পোক-পৰুৱা আৰু ৰোগৰ বীজাণুবোৰ ধ্বংস হয় আৰু ছাঁইখিনিয়ে পিছলৈ কমকৈ হলেও সাৰৰ যোগান ধৰে।
  • গাঁতৰ তলত যাতে পানী জমা নহয় বা জমা হলেও যাতে সেই পানী তললৈ সৰকি নেযায় তাৰবাবে ভঙা ইটা, কলহৰ টুকুৰা বা নাৰিকলৰ বাকলি আদিৰ তৰপ এটা দিব লাগে।
  • এই তৰপটোৰ ওপৰত ৭-১০ ছেন্টিমিটাৰ ডাঠকৈ বালি বা পলসুৱা মাটিৰ তৰপ এটা কৰিব লাগে।
  • তাৰ ওপৰত আগতে খান্দি ৰখা মাটিৰ লগত পলসুৱা মাটি মিহলাই গাঁতটো এনেকৈ পূৰ কৰিব লাগে যাতে সমতলৰ পৰা ২০-৩০ ছেন্টিমিটাৰ খালি হৈ থাকিব লাগে।
  • একেবাৰে ওপৰ অংশত আগতে ৰাখি থোৱা সাৰুৱা মাটি জাপি দি লাহে লাহে হেঁচি দিব লাগে
  • গাঁতটোৰ মাটিখিনি সাৰুৱা নহলে তাৰ লগত এপাচিমান (প্ৰায় ২০ কিলো) পচনসাৰ বা কেঁচুসাৰ মিহলাই লব লাগে।
নাৰিকল গছ
নাৰিকল গছ
  • মাটিত উঁই পোক থাকিলে নিবাৰণৰ বাবে পুলি ৰোৱাৰ আগতেই প্ৰতিটো গাঁতত সৰিয়হৰ খলিহৈ (প্ৰায় ৩ কিলো) প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিলে মালাথিয়ন ৫% পাউদাৰ (প্ৰায় ২৫০ গ্ৰাম) ব্যৱহাৰ কৰিব পাৰি
  • গাতটোৰ মাটিখিনিত ২৫ গ্ৰাম সুৱগা বা বৰাক্স মিহলি কৰিব লাগে।
  • নাৰিকল পুলি ৰুবৰ বাবে গাঁতটো আগতেই অৰ্থাৎ ফাগুন মাহতে খান্দি ৰাখিব লাগে।
  • পুলি ৰোৱাৰ এক-ডেৰ মাহ মানৰ আগতেই গাঁতটো সকলোখিনি কাম কৰি ৰুবৰ বাবে সাজু কৰিব লাগে।

বৰ্তমান ৰাজ্যত এটা নাৰিকলৰ দাম ৬০ৰ পৰা ৮০ টকাৰ ভিতৰত। গতিকে অসমৰ খেতিয়কসকলে নাৰিকলৰ চাহিদালৈ লক্ষ্য কৰি আপোনাৰ ছন পৰা মাটিখিনিত বা ধান ভাল নোহোৱা বালিঅহীয়া মাটিখিনিত নাৰিকলৰ খেতি আৰম্ভ কৰিব পাৰে। নাৰিকল খেতিৰ বাবেও পৰিশ্ৰমো কম লাগে। ইয়াৰ ব্যয় বেছি নহয় আৰু কম খৰচৰ সৈতে, আপুনি বছৰ ধৰি লাখ লাখ উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক- অমিতা খেতি কৰোঁ আহক

English Summary: HOW CAN CULTIVATE COCONUT

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.