Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 December, 2021 1:41 PM IST
kisan Call Centre

    কাৰিকৰী তথ্য প্ৰচাৰৰ সম্ভাৱনাৰ থকাৰ পিছতো কৃষকসকল উন্নত কৃষি কাৰিকৰী জ্ঞানৰ জ্ঞানৰ পৰা বঞ্চিত হৈ থকাটো দুখৰ বিষয় । ই কৃষি উৎপাদন হ্ৰাসৰ এক মুখ্য কাৰণ হিচাপেও গণ্য কৰা হয় । কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বেচৰকাৰী সংগঠনসমূহে এই ত্ৰুটিবোৰ দূৰ কৰিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ নিজা পৰ্যায়ত প্ৰচেষ্টা চলাই আছে  কিন্তু এই অভাৱবোৰ এতিয়াও সমাধান হোৱা নাই,  মুখ্যতঃ তথ্য মাধ্যমৰ বাবে আন্তঃগাঁথনিৰ অভাৱৰ বাবে ।

    কৃষকসকলক এনেবোৰ সমস্যাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ঝাৰখণ্ড চৰকাৰে কৃষকসকলৰ বাবে কল চেণ্টাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ফলস্বৰুপে ৰাজ্যখনৰ কৃষক আৰু গৰু পালকসকলে এতিয়া ফোনযোগে কৃষি আৰু পশুপালন সম্পৰ্কীয় তথ্য লাভ কৰিব । ই ৰাজ্যখনৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব ।

    কৃষকসকলক কল চেণ্টাৰৰ লাভালাভ প্ৰদান কৰাৰ বাবে কৃষি আৰু পশুপালন বিভাগৰ দ্বাৰা প্ৰস্তুতি চলাই থকা হৈছে যাতে ৰাজ্যখনৰ কৃষকসকলে ইয়াৰ সুবিধা ল'ব পাৰে । কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলৰ সমস্যা আৰু পৰামৰ্শ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি, কল চেণ্টাৰবোৰ আৰম্ভণিতে তিনি বছৰৰ বাবে পৰিচালনা কৰা হ'ব । ইয়াৰ উপৰিও কিষাণ কল চেণ্টাৰৰ বাবে এটা ৱেব আধাৰিত পৰ্টেল কিষাণ কল চেণ্টাৰৰ পৰিচালনাৰ বাবে বিকশিত কৰা হ'ব । কামটো সম্পূৰ্ণ কৰিবলৈ বিভাগৰ দ্বাৰা RFP  ( Request For Proposal ) জাৰী কৰা হৈছে।

    উল্লেখনীয় যে, ২০০৪ চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ কৃষি আৰু সহযোগিতা বিভাগে কৃষিৰ এই সমস্যাসমূহৰ পৰা কৃষকসকলক সকাহ দিয়াৰ বাবে দেশৰ সকলো ৰাজ্যতে কিষাণ কল চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । এই কল চেণ্টাৰবোৰৰ মূল উদ্দেশ্য হৈছে আঞ্চলিক ভাষাৰ কৃষকসকলৰ সমস্যাৰ সঠিক সমাধান প্ৰদান কৰা।

    কল চেণ্টাৰৰ সহায়ত কৃষকসকলে দূৰসংযোগ, কম্পিউটাৰ আৰু অন্যান্য আধুনিক সুবিধাৰে সজ্জিত যিকোনো সমস্যা/পৰামৰ্শ/তথ্য  ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৃষিৰ প্ৰচাৰ কৰা বিভিন্ন আঁচনি আদিৰ তথ্য লাভ কৰিব পাৰিব । ইতিমধ্যে কল চেণ্টাৰৰ বাবে পৰ্টেলটো সৃষ্টি কৰাৰ নিবিদা জাৰি কৰা হৈছে । আগ্ৰহী যিকোনো প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিব পাৰে । নিবিদা দাখিলৰ অন্তিম তাৰিখ হৈছে ১৫ ডিচেম্বৰ, ২০২১ ।

English Summary: Kisan Call centre will be open very Shortly
Published on: 06 December 2021, 01:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now