1. Government Schemes

কৃষক সকলে এপ্ৰিলত লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তি

KJ Staff
KJ Staff
Government Schemes

কৃষক সকলৰ বাবে এটা ভাল খবৰ । কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ১১ নম্বৰ কিস্তি বিতৰণ কৰিবৈ সাজু হৈছে । ইয়াৰ পূৰ্বে এই যোজনাৰ দশম কিস্তি ১ জানুৱাৰী ২০২২ তাৰিখে মুকলি কৰি দিছিল চৰকাৰে ।

প্ৰকাশিত তথ্য মতে, চৰকাৰে এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তি মুকলি কৰি দিব । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধিনত প্ৰকাশ কৰা তালিকাত নাম থকা হিতাধিকাৰীসকলে এই কিস্তি লাভ কৰি । চৰকাৰীৰ ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ নাম তালিকাভূক্ত কৰিব আৰু  প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তি পাব নে নাই সেয়া চাব পাৰে ।

পিএম কিষাণ আপডেট কৰা হিতাধিকাৰীৰ তালিকা কেনেদৰে চাব পাৰে ?

প্ৰথমে চৰকাৰী ৱেবছাইট  pmkisan.gov.in ত যাওক আৰু হোমপেজত ''ফাৰ্মাৰ্ছ কৰ্ণাৰ' ক্লিক কৰক ।

ইয়াৰ পাছতে ক্লিক কৰিব 'হিতাধিকাৰী তালিকাত(Beneficiary List)

তৃতীয়তে আপুনি আপোনাৰ ৰাজ্য, জিলা, উপ-জিলা, খণ্ড আৰু গাঁৱৰ নাম নিৰ্দেশনা অনুসৰি অন্তৰ্ভূক্ত কৰক।

চতুৰ্থতে প্ৰতিবেদন(Get report) ত ক্লিক কৰক ।

প্ৰধানমন্ত্ৰী কিষাণ পৰিশোধৰ স্থিতি কেনেদৰে পৰীক্ষা কৰিব?

প্ৰধানমন্ত্ৰী কিষাণ পৰিশোধৰ স্থিতি পৰীক্ষা কৰিবলৈ হ'লে পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত গৈ 'ফাৰ্মাৰ্ছ কৰ্ণাৰ' বিকল্পত ক্লিক কৰিব লাগিব । ইয়াৰ পিছত 'হিতাধিকাৰীৰ স্থিতি (Beneficiary Status)ত ক্লিক কৰিব লাগিব ।

পৰৱৰ্তী সময়ত নিৰ্দেশনা অনুসৰি আধাৰ নম্বৰ, বেংক একাউণ্টৰ নম্বৰ বা মোবাইল নম্বৰ বাছনি কৰি অন্তৰ্ভক্ত কৰিব লাগিব। তাৰ পিছত আপোনাৰ লেনদেন বা পৰিশোধৰ সকলো বিৱৰণ লাভ কৰিবলৈ 'Get Data' 'ত ক্লিক কৰিব লাগিব ।

কিস্তি পাবলৈ ৩১ মাৰ্চৰ আগতে eKYC প্ৰদান কৰক

আপোনাৰ eKYC সম্পূৰ্ণ কৰিবলৈ তলত দিয়া নিৰ্দেশনাবোৰ অনুসৰণ কৰক -

প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণৰ চৰকাৰী ৱেবছাইটলৈ যাওক । ইয়াৰ পাছতে ৱেবছাইটৰ  eKYC ত ক্লিক কৰক । ৱেবছাইটৰ নিৰ্দেশনা অনুসৰি সেই লিংকত আপোনাৰ আধাৰ লগতে অন্যান্য তথ্য সমূহ পূৰণ কৰক । অসুবিধা বা এই বিষয়ে ভালদৰে বুজি নাপালে আপুনি নিকটতম আধাৰ সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে ।

প্ৰধানমন্ত্ৰী কিষাণ যোজনা কি ?

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত, প্ৰতি বছৰে কৃষকসকলক তিনিটা কিস্তিত ৬০০০ টকাকৈ বিতৰণ কৰি আহিছে চৰকাৰে । প্ৰথম কিস্তিটো এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত দিয়া হয় । আগষ্টৰ পৰা নৱেম্বৰলৈ দ্বিতীয় কিস্তি আৰু অন্তিম বা তৃতীয় কিস্তি ডিচেম্বৰ-মাৰ্চত মুকলি কৰি দিয়ে চৰকাৰে ।

লগতে পঢ়কঃ চলিত বৰ্ষত কৃষকৰ পৰা ৭৪১.৬২ লাখ টন ধান ক্ৰয় চৰকাৰৰ

English Summary: Central Government is ready to disburse the 11th installment of PM Kisan Yojana

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.