Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 July, 2022 12:05 PM IST
Ten Most Profitable Scheme of PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰূপে দেশৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে দেশৰ জনসাধাৰণৰ উন্নতিৰ বাবে বহুতো উৎকৃষ্ট আঁচনি প্ৰস্তুত কৰিছে। যিয়ে দেশৰ উন্নয়নৰ পথ আৰু কেতবোৰ গ্ৰামাঞ্চলৰ ছবিখন সলনি কৰি পেলাইছে। চৰকাৰৰ এই আঁচনিবোৰ স্বাৱলম্বী ভাৰতৰ দৌৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। আজি আমি আমাৰ এই আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গ্ৰহণ কৰা ১০ খন এনে চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰিম। যিয়ে দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড অলপ হলেও উন্নত কৰিছে।

১। প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা (PRIME MINISTER'S UJJWALA YOJANA)

"পৰিষ্কাৰ ইন্ধন, উন্নত জীৱন" শ্লোগানেৰে মোডী চৰকাৰে ১ মে’, ২০১৬ তাৰিখে এই আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে দৰিদ্ৰসীমাৰ তলত বাস কৰা মহিলাসকলক ৰাজসাহায্যযুক্ত এলপিজি সংযোগ প্ৰদান কৰা হৈছে। এই আঁচনিৰ দ্বাৰা এতিয়ালৈকে দেশৰ ৯ কোটিৰো অধিক পৰিয়াল উপকৃত হৈছে। আঁচনিয়ে এটা পৰিয়ালৰ স্বাস্থ্য উন্নত কৰাৰ সমান্তৰালভাৱে বায়ু প্ৰদূষণ আৰু বনধ্বংস হ্ৰাস কৰাত সহায় কৰিছে।

২। আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AYUSHMAN BHARAT- PRADHAN MANTRI JAN AROGYA YOJANA)

আঁচনিখন ২৩ ছেপ্টেম্বৰ ২০১৮ তাৰিখে আৰম্ভ কৰা হৈছিল। এয়া হৈছে এক স্বাস্থ্য বীমা আঁচনি। যি দৰিদ্ৰ লোকসকলক পোনপটীয়াকৈ লাভান্বিত কৰে। চৰকাৰৰ এই আঁচনিৰ অধীনত, প্ৰতি বছৰে ৫০ কোটি লোকক কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ বাবে ৫ লাখ টকালৈকে স্বাস্থ্য বীমা প্ৰদান কৰা হয়।

৩। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM KISAN SAMMAN NIDHI SCHEME)

কৃষকসকলক আৰ্থিকভাৱে সহায় কৰাৰ বাবে ভাৰত চৰকাৰে ১ ডিচেম্বৰ,  ২০১৮ চনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আৰম্ভ কৰে ভাৰত চৰকাৰে। চৰকাৰৰ এই আঁচনিত কৃষকসকলৰ হিচাপত প্ৰতি বছৰে ৬ হাজাৰ টকা ২-২ হাজাৰকৈ কিস্তিত কৃষকসকললৈ আগবঢ়ায়। অৱশ্যে এই আঁচনিৰ অধীনত বহু ভুৱা কৃষক অন্তভুৰ্ক্ত হোৱাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে। ইয়াৰ বিপৰীতে কিছুমান প্ৰকৃত কৃষক এই আঁচনিৰ পৰা বাদ পৰাও পৰিলক্ষিত হৈছে। এইবিলাক লৈ বিভিন্ন ৰাজ্যত আদালতত কেছ-মোকৰ্দমা চলি আছে।

৪। স্বচ্ছ ভাৰত অভিযান - অনাময় আৰু শৌচালয়  (SWACHH BHARAT MISSION- SANITATION AND TOILETS)

এই আঁচনিখন চৰকাৰে ২ অক্টোবৰ, ২০১৪ বৰ্ষত আৰম্ভ কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য- দেশত অনাময় প্ৰচেষ্টা ত্বৰান্বিত কৰা। কেৱল এয়াই নহয়, স্বচ্ছ ভাৰত অভিযানৰ অধীনত ভাৰতৰ প্ৰতিখন গাঁওতে শৌচালয় প্ৰদান কৰা। অৱশ্যে এই আঁচনীৰ সফল ৰূপায়ন এতিয়াও হোৱা নাই।যদিও বহু দৰিদ্ৰসীমাৰেখা তলৰ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে।

৫। প্ৰধানমন্ত্ৰী আৱাস যোজনা (PRADHAN MANTRI AWAS YOJANA -PMAY)

ভাৰত চৰকাৰে ২০১৬ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) আৰম্ভ কৰিছিল। আঁচনিখনে ২০২৪ চনৰ ভিতৰত দেশত ২.৯৫ কোটি দৰিদ্ৰ পৰিয়ালক গৃহ প্ৰদানৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান এই কাৰ্য অব্যাহত। চৰকাৰৰ এই আঁচনিৰ অধীনত, ঘৰ নিৰ্মাণৰ বাবে ১ লাখ ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।

৬। প্ৰধানমন্ত্ৰী জন ধন যোজনা (PRADHAN MANTRI JAN-DHAN YOJANA)

২০১৪ চনত স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন ঘোষণা কৰিছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে দেশৰ প্ৰতিজন নাগৰিকক বেংকিং সুবিধা প্ৰদান কৰা। চৰকাৰী তথ্য অনুসৰি, এতিয়ালৈকে এই আঁচনিৰ দ্বাৰা ৩১.৩১ কোটি লোক লাভান্বিত হৈছে। ইয়াৰোপৰি, এই আঁচনিৰ জৰিয়তে, বেঙ্কিং, সঞ্চয়, জমা একাউণ্ট, ঋণ, বীমা, পেঞ্চন আদিৰ দৰে বিত্তীয় সেৱাৰ লাভালাভবোৰ হৈছে সঠিক উপায়েৰে উপভোক্তাৰ ওচৰলৈ লৈ যোৱা।

৭। প্ৰধানমন্ত্ৰী অটল পেঞ্চন যোজনা (PM ATAL PENSION YOJANA)

প্ৰধানমন্ত্ৰী অটল পেঞ্চন যোজনা ৯ মে’, ২০১৫ বৰ্ষত আৰম্ভ কৰা হৈছিল। ইয়াক পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষই (PFRDA)  পৰিচালনা কৰিছিল। এই আঁচনিত বিনিয়োগ আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰী তথ্যমতে এতিয়ালৈকে, এই আঁচনিৰ দ্বাৰা দেশৰ ২.২৩ কোটি লোক উপকৃত হৈছে। প্ৰধানমন্ত্ৰী অটল পেঞ্চন যোজনাত আপোনাক প্ৰতি মাহে চৰকাৰে ১,০০০ টকা, ২,০০০ টকা, ৩,০০০ টকা,  ৪,০০০ টকা আৰু সৰ্বাধিক ৫,০০০ টকা পেঞ্চন হিচাপে প্ৰদান কৰে।

৮। প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনি  (PRIME MINISTER CROP INSURANCE SCHEME)

চৰকাৰৰ এই আঁচনিখন কৃষকসকলৰ বাবে অতি লাভজনক। আঁচনিখন ১৩ জানুৱাৰী, ২০১৬ বৰ্ষত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে, কৃষকসকলক আৰ্থিকভাৱে সহায় কৰা হয়। দৰাচলতে, যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষক ভাতৃসকলৰ শস্য ক্ষতিগ্ৰস্ত হয়, তেন্তে চৰকাৰৰ এই আঁচনিয়ে কৃষকসকলক পৰিশোধ কৰি তেওঁলোকৰ লোকচান হ্ৰাস কৰে।

৯। প্ৰধানমন্ত্ৰীৰ দক্ষতা বিকাশ আঁচনি (PRIME MINISTER SKILL DEVELOPMENT SCHEME)

বিশ্ব যুৱ দক্ষতা দিৱসৰ দিনটোত ২০১৫ চনৰ ১৫ জুলাইত মোডী চৰকাৰে প্ৰধানমন্ত্ৰীৰ দক্ষতা বিকাশ আঁচনি আৰম্ভ কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে শিক্ষিত যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান কৰা আৰু তেওঁলোকক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰদান কৰাঁ। আঁচনিখন দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয়। এই আঁচনিৰ প্ৰশিক্ষণৰ মাচুল চৰকাৰে পৰিশোধ কৰে।

১০। প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা (PRADHAN MANTRI MATRITVA VANDANA YOJANA)

প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা ১ জানুৱাৰী, ২০১৭ বৰ্ষত আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত, প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ আৰু স্তন্যপান কৰোৱা মহিলাসকলক ৬,০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰে চৰকাৰে। পৰৱৰ্তী সময়ত আনকি শিশুটো জন্ম হোৱাৰ পাছতো ৫ হাজাৰ টকালৈকে পৰিমাণ প্ৰদান কৰা হয়। যাতে তেওঁ নিজৰ আৰু সন্তানৰ সঠিক যত্ন ল'ব পাৰে।

উল্লেখ্য যে, এই আঁচনীসমূহ ৰূপায়নত তৃণমূল পৰ্যায়ত ব্যাপক অনিয়মে দেখা দিয়ে। বহু সময়ত প্ৰশাসনে এই অনিয়মৰ ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয়। এনেদৰে অনিয়মৰ আশ্ৰয় লোৱা চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতখন কেতিয়াও গঢ় লৈ নুঠিব।

লগতে পঢ়ক-

PMAYG: ২০২৪ চনৰ ভিতৰত প্ৰতিজন দৰিদ্ৰই পাব তেওঁলোকৰ সপোনৰ ঘৰ!

English Summary: Government Scheme! Ten Most Profitable Scheme of PM Modi
Published on: 12 July 2022, 12:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now