পি এম কিষাণ এফ পি অ’ আঁচনিৰ উদ্দেশ্য হৈছে কৃষকসকলক স্বাৱলম্বীতা প্ৰদান কৰা আৰু কৃষকৰ আৰ্থিক সংকটৰ পৰা সকাহ দিয়া। PM Kisan FPO Scheme আঁচনিৰ সুবিধা ল’বলৈ কৃষকসকলে একগোট হৈ এটা গোট গঠন কৰিব লাগে। এই গোটটোৰ বাবে অতিক্ৰমেও ১১জন কৃষকক থকাটো অতি প্ৰয়োজনীয়। এই সংগঠনসমূহে কৃষকৰ উতপাদিত ফচলসমূহ ক্ৰয় কৰাৰ লগতে কৃষকসকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ অনুপ্ৰেৰণা যোগায়। এই এফ পি অ’সমূহেই কৃষকৰ উতপাদিত ফচলসমূহ ক্ৰয় কৰি অন্য ঠাই, বহি:ৰাজ্য বা বিদেশৰ ব্যৱসায়ীসকলক বিক্ৰি কৰে।
১/ কৃষকৰ অৰ্থনৈতিক উন্নয়ন আৰু মংগলৰ বাবে ২০২৩-২৪ চনৰ পৰা চৰকাৰে ১০,০০০ এফ পি অ’ গঠন কৰে।
২) কৃষকৰ উৎপাদনশীলতা বৃদ্ধি পাব পৰাকৈ আৰু বজাৰৰ পৰা উপযুক্ত লাভ লাভ কৰিব পৰাকৈ সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হয়।
৩/ ৫ বছৰ পৰ্যন্ত চৰকাৰী পক্ষৰ পৰা নতুন এফ পি অ’ক হাত ধৰি সহযোগিতা প্ৰদান কৰে।
৪) কৃষকসকলক আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ কৃষি উদ্যোগীকৰণৰ দক্ষতা বিকাশ কৰা।
লগতে পঢ়ক-
ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়ে
ভাৰতৰ আধাতকৈ অধিক জনসংখ্যা কৃষিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বতৰৰ তাণ্ডৱৰ পৰা শস্যক ৰক্ষা কৰি বজাৰলৈ নিবলৈ এই কৃষকসকলৰ বাবে এতিয়াও আন্তঃগাঁথনি উপলব্ধ নহয়। তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে ওলাই আহিল পি এম কিষাণ এফ পি অ’ আঁচনি। এই আঁচনিৰ অধীনত ১১ জনীয়া কৃষকৰ এটা গোট অৰ্থাৎ কৃষক উৎপাদক সংস্থা (FPO / FPC)ক খেতিৰ লগত জড়িত সকলো ব্যৱসায়িক সংস্থাপনৰ বাবে ১৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হয়।
আবেদন কৰিব জানেনে? যদি আপুনি এই আঁচনিৰ সুবিধা ল’ব বিচাৰে তেন্তে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৃষি বজাৰৰ অফিচিয়েল ৱেবছাইট (https://www.enam.gov.in) চাব লাগিব। ইয়াৰ পিছত আপুনি FPO বিকল্পৰ পৃষ্ঠাটো খোলিব য'ত ক্লিক কৰিলে পঞ্জীয়ন বা লগইনৰ সৈতে এটা নতুন পৃষ্ঠা খোল খাব। ইয়াত সকলো তথ্য পূৰণ কৰি আপুনি এই আঁচনিৰ সুবিধা সহজে ল’ব পাৰিব। এই বিষয়ে অধিক জানিবলৈ এই নাম্বাৰ যোগাযোগ কৰক- 1800-889-0459।
লগতে পঢ়ক-