1. Government Schemes

PM Kisan: আজি মুকলি কৰিব দশম কিস্তি, কেনেকৈ চাব হিতাধিকাৰীৰ স্থিতি আৰু পৰিশোধৰ বিৱৰণ

KJ Staff
KJ Staff
pm kisan 10th installment
pm kisan 10th installment

প্ৰধানমন্ত্ৰী মোদীয়ে আজি কৃষকসকলে বহু প্ৰতীক্ষিত PM Kisan যোজনাৰ ১০ম কিস্তি মুকলি কৰিব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে । কিষাণ সন্মান নিধি যোজনাৰ অধীনত পুঁজি বিতৰণৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি কৰা হৈছে ।  এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক প্ৰতি বছৰে ৬০০০ টকা প্ৰদান কৰে । তিনিটা কিস্তিৰ জৰিয়তে চৰকাৰে কৃষকৰ একাউণ্টলৈ পোনপটীয়ীভাৱে প্ৰতিটো কিস্তিত ২০০০ টকাকৈ স্হানান্তৰ কৰে ।

হিতাধিকাৰীৰ স্থিতি আৰু পৰিশোধৰ বিৱৰণ কেনেদৰে পৰীক্ষা কৰিবঃ

চৰকাৰে দশম কিস্তি মুকলি কৰাৰ পিছত, কৃষকসকলে ধন লাভ কৰিছে নে নাই জানিবলৈ তেওঁলোকৰ স্থিতি পৰীক্ষা কৰিব লাগিব । ইয়াৰ বাবে, তেওঁলোকে অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব, আৰু ফাৰ্মাৰ্ছ কৰ্ণাৰ শাখাৰ অধীনত, বিৱৰণ জানিবলৈ হিতাধিকাৰীৰ স্থিতিত ক্লিক কৰিব লাগিব ।

Check: Beneficiary Status

pm kisan 10th installment
pm kisan 10th installment

কেন্দ্ৰীয় চৰকাৰে পিএম কিষাণ আঁচনি ২০২১ ত এটা ডাঙৰ পৰিৱৰ্তন কৰিছে । কৃষকসকলে ই-কেৱাইচি সম্পূৰ্ণ কৰিলেহে পৰৱৰ্তী কিস্তি পাব । ইয়াৰ অবিহনে, তেওঁলোকৰ কিস্তি নাহে । ই-কেৱাইচি সম্পূৰ্ণ কৰিবলৈ, তলত দিয়া পদক্ষেপ অনুসৰি প্ৰক্ৰিয়া অনুসৰণ কৰক

পিএম কিষাণ ই-কেৱাইচি কেনেদৰে সম্পূৰ্ণ কৰিব

  • পিএম কিষাণ ৱেবছাইটলৈ যাওক
  • সোঁফালে, ফাৰ্মাৰ্ছ কৰ্ণাৰ বিকল্প টো বিচাৰক।
  • তাত আপুনি ইকেৱাইচি লিংক পাব। লিংকত ক্লিক কৰক।
  • এতিয়া আপোনাৰ আধাৰ নম্বৰ আৰু ছবিকোড প্ৰবিষ্ট কৰক আৰু সন্ধান বুটামত ক্লিক কৰক
  • ইয়াৰ পিছত আধাৰৰ সৈতে সংযুক্ত আপোনাৰ ম'বাইল নম্বৰ প্ৰবিষ্ট কৰক আৰু ওটিপি প্ৰবিষ্ট কৰক
  • যদি প্ৰদান কৰা সকলো তথ্য শুদ্ধ হয় তেন্তে ইকেৱাইচি সম্পূৰ্ণ হ'ব নহলে নহয়

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/agripedia/manohari-golden-tea-highiest-price/

English Summary: 10 th installment of pm kisan

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.