1. Government Schemes

অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি ২০২১, দ্বিতীয় পৰ্য়ায়ৰ বাবে কোনকেইখন জিলা

KJ Staff
KJ Staff
Ajanta Neog
Ajanta Neog

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ'ফাইনেন্স ঋণৰ নিয়মীয়া পৰিশোধ কৰা  মহিলাসকলক উৎসাহিত কৰিবলৈ উচ্চাভিলাষী অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ আঁচনি ২০২১ মুকলি কৰিছে । এই আচঁনিখনৰ জৰিয়তে ৰাজ্যখনৰ ২৪ লাখ মহিলা হিতাধিকাৰীক লাভান্বিত কৰিব ।

অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফছ আঁচনি, ২০২১-ৰ প্ৰথম পৰ্যায় ২৮ নৱেম্বৰত উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই । পৰ্যায়ত ১১ লাখ মহিলা উপকৃত হ'ব য’ত উজনি অসমৰ শোণিতপুৰ, চৰাইদেউ, শিৱসাগৰ,যোৰহাট, মাজুলী, গোলাঘাট, পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও জিলাক সামৰি লোৱা হৈছে । ইয়াৰ বাবে নিয়মীয়াকৈ এমএফআই আৰু বেংক ঋণ পৰিশোধ কৰি অহা মহিলাসকলক সৰ্বাধিক ২৫,০০০ ইনচেণ্টিভ প্ৰদান কৰা কৰা হ’ব ।

micro finance waiver women
micro finance waiver women

আনহাতে মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবেও ৰাজ্য চৰকাৰে ৬ খন জিলাৰ নাম ঘোষণা কৰিছে । নিৰ্বাচিত ছয়খন জিলা হৈছে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, ধেমাজি আৰু চিৰাং । চৰকাৰে ইতিমধ্যে ইনচেণ্টিভ প্ৰাপ্ত কৰাৰ বাবে উক্ত জিলাৰ পৰা প্ৰায় ১.৪২ লাখ হিতাধিকাৰীৰ এখন তালিকা সংগ্ৰহ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰে ২০০ কোটি টকাৰ অধিক ব্যয় কৰিব ।

বিষয় সন্দৰ্ভত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বুধবাৰে ছয়খন জিলাৰ উপায়ুক্তসকলৰ সৈতে এমএফআই ঋণ লওঁতাসকলক ইনচেণ্টিভ প্ৰদান সম্পৰ্কে উপায়ুক্তসকলৰ সৈতে আলোচনা কৰে লগতে আঁচনিখন কাৰ্যকৰী কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, এমএফআই ঋণৰ উদগনি আৰু সকাহ বিগত বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ মুখ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ।

লগতে পঢ়কঃ https://asomiya.krishijagran.com/news/pre-vibrant-gujarat-summit-2022/

English Summary: assam micro finance incevtive & relief scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.